অসম

assam

ETV Bharat / entertainment

আজি বিশ্ব সংগীত দিৱস; এই দিনটোৰ আৰম্ভণি কেনেকৈ হৈছিল জানেনে ? - World Music Day 2024 - WORLD MUSIC DAY 2024

World Music Day 2024: প্ৰতি বছৰে ২১ জুনত বিশ্ব সংগীত দিৱস পালন কৰা হয় । সংগীতে কেৱল মনোৰঞ্জন প্ৰদান কৰাই নহয় ই এক প্ৰকাৰৰ থেৰাপীও । এই দিনটোৰ গুৰুত্ব সম্পৰ্কে জানো আহক-

Today is World Music Day Let's learn about its history and significance
আজি বিশ্ব সংগীত দিৱস; এই দিনটোৰ আৰম্ভণি কেনেকৈ হৈছিল জানেনে ? (FREEPIK)

By ETV Bharat Entertainment Team

Published : Jun 21, 2024, 10:33 AM IST

সংগীত প্ৰতিটো পৰিস্থিতিৰ সংগী-সুখ, দুখ, মানসিক চাপ, উদযাপনত সদায় আমাৰ এক সংগীস্বৰূপ হৈ আছে ৷ সংগীতে এক বেলেগ ধৰণৰ শান্তি প্ৰদান কৰে ৷ সংগীতক বহু ৰোগৰ চিকিৎসা হিচাপেও ইতিমধ্যে ব্যৱহাৰ কৰি অহা হৈছে ৷ সংগীতক পৃথিৱীৰ আটাইতকৈ সহজ আৰু শ্ৰেষ্ঠ ভাষা বুলি গণ্য কৰা হয় ৷

বিশ্ব সংগীত দিৱস (ETV Bharat)

সংগীতৰ এই গুৰুত্ব সকলোৰে মাজত বিয়পাই দিয়াৰ লক্ষ্যৰে প্ৰতি বছৰে ২১ জুন তাৰিখে বিশ্ব সংগীত দিৱস পালন কৰা হয় ৷ এই দিনটোত মানুহে সংগীতৰ প্ৰয়োজনীয়তা বুজি পোৱাৰ সুযোগ লাভ কৰে ৷ সংগীত এনেকুৱা এবিধ বস্তু যিয়ে সকলোকে নিজৰ পছন্দ আৰু প্ৰয়োজন অনুসৰি আনন্দ দিব পাৰে ৷

বিশ্ব সংগীত দিৱসৰ ইতিহাস

ফৰাচী লোকৰ সংগীতৰ সৈতে এক বিশেষ সম্পৰ্ক আছে ৷ ফৰাচী মানুহৰ সংগীতৰ প্ৰতি থকা প্ৰেমৰ প্ৰতি লক্ষ্য ৰাখি ১৯৮২ চনৰ ২১ জুন তাৰিখে সংগীত দিৱস পালন কৰাৰ কথা ঘোষণা কৰা হয় ৷ ১৯৮২ চনত তেতিয়াৰ ফ্ৰান্সৰ সংস্কৃতি মন্ত্ৰী জেক লেং আৰু সুৰকাৰ মৰিছ ফ্লেৰেটে সংগীত দিৱস পালনৰ প্ৰস্তাৱ আগবঢ়ায় ৷ ইয়াৰ পিচত প্ৰতি বছৰে ২১ জুন তাৰিখে এই দিৱস পালন কৰিবলৈ আৰম্ভ কৰা হয় ৷

বিশ্ব সংগীত দিৱস (ETV Bharat)

প্ৰথমবাৰৰ বাবে যেতিয়া ফ্ৰান্সত সংগীত দিৱস পালন কৰা হয় তেতিয়া ই ৩২ খনতকৈও অধিক দেশৰ সমৰ্থন লাভ কৰে ৷ তেতিয়াৰ পৰাই বহু দেশত এই দিৱস পালন কৰি অহা দেখা গৈছে ৷

বিশ্ব সংগীত দিৱস (FREEPIK)

সংগীতৰ গুৰুত্ব

সংগীতে আমাক মানসিক শান্তি প্ৰদান কৰে, সংগীত শুনিলে এক বেলেগ ধৰণৰ সুখ পোৱা যায়, আনহাতে ই দুখতো আমাক সকাহ অনুভৱ কৰায় ৷ কেৱল এয়াই নহয়, সংগীত আমাৰ নিসংগতাৰো সংগীস্বৰূপ হৈ পৰে ৷

বিশ্ব সংগীত দিৱস (ETV Bharat)

কেৱল ভাৰতেই নহয়, ইটালী, গ্ৰীচ, অষ্ট্ৰেলিয়া, আমেৰিকা, ব্ৰিটেইন, পেৰু, ব্ৰাজিল, ইকুৱেডৰ, মেক্সিকো, কানাডা, জাপান, চীন, মালয়েছিয়া আদি বহু দেশত সংগীত দিৱস পালন কৰা হয় ৷

সংগীতৰ এই বিশেষ দিনটোৰ ওপৰত বিভিন্ন ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ সংগীতৰ ক্ষেত্ৰখনৰ সৈতে জড়িত শিল্পীসকলক সন্মান জনোৱা হয় ৷ মানুহে একেলগে গান শুনে, একেলগে গুণগুণাই, গানত একেলগে নাচে ৷ সংগীত কেৱল মনোৰঞ্জনৰ মাধ্যম হোৱাই নহয়, বৰঞ্চ ই দেশ আৰু বিশ্বৰ সংস্কৃতিৰ বিষয়ে বুজিবলৈও সহায় কৰে ।

বিশ্ব সংগীত দিৱস (ETV Bharat)

সংগীত শুনাৰ লাভালাভ

  1. মেজাজ উন্নত কৰে : আপোনাৰ পছন্দৰ গীতে দুখতো সুখ প্ৰদান কৰে
  2. হতাশাৰ পৰা সকাহ প্ৰদান কৰে
  3. ই হৃদযন্ত্ৰৰ বাবে স্বাস্থ্যকৰ
  4. স্মৃতিশক্তি উন্নত কৰে
  5. কোনো বিষ বা কষ্ট দূৰ কৰে
  6. ৱৰ্কআউটৰ সময়ত সহনশীলতা বৃদ্ধি কৰে

লগতে পঢ়ক:জাজ সংগীতৰ উৎপত্তি কেনেকৈ হৈছিল জানেনে ? - International Jazz Day 2024

ABOUT THE AUTHOR

...view details