যোৰহাট :যোৰহাটৰ বিশিষ্ট তবলাবাদক আৰু ফটোগ্ৰাফাৰ আবিৰ বৰগোহাঞি আৰু নাই । দেওবাৰে পুৱা মৃত্যুবৰণ কৰে তেওঁ ৷ ব্ৰেইন ষ্ট্ৰ’কত আক্ৰান্ত হৈ বিগত কিছুদিন ধৰি যোৰহাটৰ মিছন হাস্পতালত চিকিৎসাধীন হৈ আছিল তেওঁ ৷ অৱশেষত দেওবাৰে পুৱা ১০:৪৫ বজাত আত্মীয় স্বজন আৰু শুভাকাংক্ষীক কন্দুৱাই আবিৰ বৰগোহাঞিয়ে শেষ নিশ্বাস ত্যাগ কৰে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৩ বছৰ ।
যোৰহাট পুলিবৰৰ ডেকা গাঁও নিবাসী প্ৰয়াত মহেন্দ্ৰ বৰগোহাঞি আৰু দীপ্তিময়ী বৰগোহাঞিৰ জ্যেষ্ঠ পুত্ৰ আবিৰ বৰগোহাঞিয়ে যোৰহাটৰ হেমলতা মেম’ৰিয়েল আৰু শংকৰদেৱ ছেমিনাৰীৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল ৷ যোৰহাট গৌৰৱ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লৈছিল তেওঁ ।
ভাতখাণ্ডে সংগীত বিদ্যাপীঠ লক্ষ্ণৌৰ পৰা ১৯৮৭ চনত তবলা বিশাৰদ ডিগ্ৰী লাভ কৰা বৰগোহাঞি পৰৱৰ্তী সময়ত শ্ৰীমন্ত শংকৰদেৱ সংগীত মহাবিদ্যালয়, চুকাফা চাৰু কলা সংগীত বিদ্যালয়, নৃত্য মঞ্জিৰা নৃত্য বিদ্যালয়, সৌমাৰ সংগীত বিদ্যালয়ৰ লগত জড়িত হৈ পৰিছিল । পিছৰ পৰ্যায়ত তেওঁ প্ৰাচীন কলা কেন্দ্ৰৰ তবলাৰ এক্টাৰ্নেলৰ দায়িত্ব গ্ৰহণ কৰি সুচাৰুৰূপে দায়িত্ব পালন কৰি গৈছিল ।