হায়দৰাবাদ :এটা বছৰত বলীউডে চলচ্চিত্ৰপ্ৰেমী দৰ্শকলৈ কিমান ছবি আগবঢ়াই, কেতিয়াবা তাৰ কোনো হিচাপ নাথাকে ৷ কিন্তু ইয়াৰ মাজতে কিছুমান ছবিয়ে মানুহৰ মনত এনেদৰে সাঁচ বহুৱাই যে ছবি এখন চিৰস্মৰণীয় হৈ পৰে ৷ বহু পুৰণি ছবি এতিয়াও দৰ্শকৰ প্ৰিয় তালিকাত অন্তৰ্ভুক্ত হৈ আছে । পাৰিবাৰিক ছবিৰ ধাৰাৰ কথা এই ক্ষেত্ৰত উল্লেখ কৰিব পাৰি ।
এই চিৰসেউজ ছবিসমূহৰ পৰিচালক হৈছে সুৰজ বৰজাত্য, যিয়ে নিজৰ প্ৰডাকশ্যন হাউছ ৰাজশ্ৰীৰ বেনাৰত এনে বহু পাৰিবাৰিক ছবি বলীউডক উপহাৰ দিছে । এই ছবিবোৰে কেৱল দৰ্শকৰ হৃদয়ত স্থান দখল কৰাই নহয়, বাজেট কম হোৱাৰ পিছতো সেই সময়ৰ ছুপাৰহিট ছবি হিচাপেও আত্মপ্ৰকাশ কৰিছিল । ২২ ফেব্ৰুৱাৰীত সুৰজ বৰজাত্যই ৬০ বছৰীয়া জন্মদিন উদযাপন কৰিছে ।
এই উপলক্ষে তেওঁৰ পাৰিবাৰিক চিনেমাসমূহ চাওঁ আহক-
১) মেইনে প্যাৰ কিয়া (১৯৮৯)
১৯৮৯ চনত মুক্তি পোৱা ছলমান খান আৰু ভাগ্যশ্ৰীৰ অভিনীত মেইনে প্যাৰ কিয়া দৰ্শকৰ মাজত সমাদৃত হৈছিল । এই ছবিখনৰ বাজেট আছিল ১ কোটি আৰু ইয়াৰ উপাৰ্জন আছিল ৪০ কোটিৰো অধিক ।
ইয়াৰ উপৰিও সেই বছৰৰ সৰ্বাধিক উপাৰ্জন কৰা ছবি হিচাপে পৰিগণিত হৈছিল মেইনে প্যাৰ কিয়া । এই ছবিখনে ৬টা ফিল্মফেয়াৰ বঁটা লাভ কৰাৰ লগতে শ্ৰেষ্ঠ পৰিচালকৰ বাবে মনোনীত হয় সুৰজ বৰজাত্য ।
২) হম আপকে হে কৌন (১৯৯৪)
সংগীত ৰোমাণ্টিক নাটকখন পৰিচালনা কৰিছিল সুৰজ বৰজাত্যই । ছবিখনত ছলমান খান আৰু মাধুৰী দীক্ষিতে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল । ১৯৮২ চনৰ নদিয়া কে পাৰৰ কাহিনীৰ আধাৰত নিৰ্মিত এই ছবিখন ।
হাম আপকে হে কৌনৰ বাজেট আছিল প্ৰায় ৬ কোটি আৰু ছবিখনে বক্স অফিচত প্ৰায় ১২৮ কোটি টকা উপাৰ্জন কৰিছিল । এই ছবিখনক ‘‘অল টাইম ব্লকবাষ্টাৰ’’ৰ মৰ্যাদাও দিয়া হৈছে ।
৩) হম সাথ সাথ হে (১৯৯৯)
সুৰজ বৰজাত্যৰ এই ছবিখনত ২৫ জনতকৈ অধিক তাৰকাই কাম কৰিছিল । বহু তাৰকাযুক্ত এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল ছলমান খান, ছৈফ আলী খান, মহনীশ বাহল, টাবু, সোণালী বেন্দ্ৰে আৰু কৰিশ্মাই ৷ ছবিখনৰ বাজেট আছিল প্ৰায় ১০ কোটি আৰু বক্স অফিচত উপাৰ্জন কৰিছিল ৮১ কোটি ।
১৯৯৯ চনৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হোৱা এই ছবিখন আজিও দৰ্শকৰ প্ৰিয় চিনেমাৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে ।
৪ ) বিবাহ (২০০৬)
শ্বাহিদ কাপুৰ আৰু অমৃতা ৰাও অভিনীত বিবাহ আজিৰ যুগতো সকলোৰে এখন প্ৰিয় চিনেমা । 'বিবাহ'ৰ বাজেট আছিল প্ৰায় ৮ কোটি আৰু ই বিশ্বজুৰি ৫০ কোটি উপাৰ্জন কৰিছিল ।