গুৱাহাটী : ২০২৫ বৰ্ষৰ আৰম্ভণিতে অসমীয়া ছবিজগতলৈ আহিছে কেইবাটাও ভাল খবৰ । ইতিমধ্যে ঘোষণা হৈছে কেইবাখনো আহিবলগীয়া নতুন অসমীয়া ছবিৰ নাম । শেহতীয়াকৈ ঘোষণা কৰা হৈছে চলিত বর্ষত আহিবলগীয়া আৰু এখন নতুন অসমীয়া ছবিৰ নাম ।
নতুন পূৰ্ণদৈৰ্ঘৰ ছবিৰ নাম হৈছে 'বীৰা-এক নেদেখা কোঁৱৰৰ কাহিনী, খণ্ড ১' । 'একলব্য' ছবিৰ জৰিয়তে অসমবাসীৰ হৃদয়ত স্থান লাভ কৰিবলৈ সক্ষম হোৱা নৱপ্ৰজন্মৰ পৰিচালক আলফ্ৰেডৰ পৰিচালনাৰে নিৰ্মাণ হ'ব 'বীৰা-এক নেদেখা কোঁৱৰৰ কাহিনী, খণ্ড ১' । ছবিখনৰ পৰিচালনক আলফ্ৰেডে এই বিষয়ে সদৰী কৰি কয়, "অহা মাৰ্চৰ শেষৰ ভাগৰ পৰা ইয়াৰ শ্বুটিং আৰম্ভ কৰা হ'ব । আনহাতে, চলিত বর্ষতে মুক্তি লাভ কৰিব এই ছবিখন । ছবিখনৰ ইতিমধ্যে প্ৰাৰম্ভিক পৰ্যায়ৰ কাম-কাজ আৰম্ভ হৈছে ।"
ছবিখনত কোনে কোনে অভিনয় কৰিব সেয়া বৰ্তমানলৈ সম্পূৰ্ণৰূপে প্ৰকাশ কৰিব পৰা হোৱা নাই যদিও তিনিগৰাকী অভিনেতাৰ নাম ইতিমধ্যে নিশ্চিত হৈছে । ছবিখনৰ গুৰুত্বপূৰ্ণ চৰিত্ৰ দুটি ৰূপায়ণ কৰিব অমিত কুমাৰ বৰা আৰু পাৰ্থ প্ৰতীম হাজৰিকাই । আনহাতে 'বীৰা-এক নেদেখা কোঁৱৰৰ কাহিনী,খণ্ড ১'ৰ অন্য এটি গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব দেৱাশীষ ভূঞাক ।