অসম

assam

ETV Bharat / entertainment

নতুনকৈ ভাবুকিৰ সন্মুখীন ছলমান খান, সাহস আছে যদি এজনক বচাই দেখুৱাব লাগে

ছলমান খানে এটা নতুন ভাবুকি লাভ কৰিছে ৷ লৰেন্স বিষ্ণৈৰ ওপৰত ট্ৰেক লিখাৰ বাবে গেঙটোৱে এজন গীতিকাৰক সুৰক্ষিত কৰিবলৈ দাবী জনাইছে ছলমানক ।

salman khan faces new threat if he has courage he should save the songwriter warns bishnoi gang
ছলমান খান (Photo: IANS)

By ETV Bharat Entertainment Team

Published : Nov 8, 2024, 12:35 PM IST

হায়দৰাবাদ : বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানে পুনৰবাৰ ভাবুকি লাভ কৰিছে, এসপ্তাহৰ ভিতৰত এইটো দ্বিতীয়টো ভাবুকি ৷ ভাবুকিটো লৰেন্স বিষ্ণৈ গেঙৰ সৈতে জড়িত বুলি অভিযোগ উঠিছে । বৃহস্পতিবাৰে নিশা মুম্বাইৰ যান-বাহন নিয়ন্ত্ৰণ কক্ষলৈ এটা বাৰ্তাৰ জৰিয়তে এই ভাবুকি প্ৰদান কৰা হয় ৷ পূৰ্বে একেটা চক্ৰৰ পৰা মৃত্যুৰ ভাবুকি লাভ কৰাৰ মাত্ৰ দুদিন পিছতে আহিছে এই ভাবুকি ।

এই শেহতীয়া বাৰ্তাটোৱে কেৱল ছলমানক ভাবুকি দিয়াই নহয়, লৰেন্স বিষ্ণৈৰ বিষয়ে এটা গান ৰচনা কৰা এজন গীতিকাৰকো এক গুৰুতৰ সতৰ্কবাণী দিছে ৷ বাৰ্টাটোত উল্লেখ আছে যে তেওঁৰ “অৱস্থা ইমান গুৰুতৰ হ’ব যে তেওঁ গান লিখিবলৈ নিজৰ নাম ব্যৱহাৰ কৰিব নোৱাৰিব ।” বাৰ্তাটোৱে ছলমানক যদি তেওঁৰ সাহস আছে তেন্তে গীতিকাৰজনক বচাবলৈ প্ৰৰোচিত কৰিছে ।

মুম্বাই আৰক্ষীয়ে সক্ৰিয়ভাৱে ভাবুকিটোৰ উৎপত্তি অনুসৰণ কৰি আছে । ইয়াৰ পূৰ্বে, ৫ নৱেম্বৰত আন এটা ভাবুকিপূৰ্ণ বাৰ্তা আহিছিল, য’ত ছলমানে তেওঁৰ সুৰক্ষাৰ বাবে হয় ক্ষমা বিচৰা নহয় ৫ কোটি টকা পৰিশোধ কৰাৰ কথা কোৱা হৈছিল । এই ভাবুকিৰ পিছত কৰ্ণাটকত এজন সন্দেহজনক ব্যক্তিক গ্ৰেপ্তাৰ কৰা হয়, যাক বুধবাৰে মহাৰাষ্ট্ৰ আৰক্ষীক গতাই দিয়া হয় । সোধা-পোছাৰ সময়ত, সন্দেহযুক্তজনে লৰেন্স বিষ্ণৈৰ গভীৰ প্ৰশংসা কৰে ৷ তেওঁ প্ৰকাশ কৰে যে মুক্তিপণটো বিষ্ণৈ সম্প্ৰদায়ৰ বাবে এটা মন্দিৰ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা হ’লহেঁতেন ৷ তেওঁ লৰেন্সৰ কাৰ্যকলাপত গৌৰৱ প্ৰকাশ কৰে ৷

সন্দেহযুক্ত ব্যক্তিজনে ছলমানৰ প্ৰতি ঘৃণা প্ৰকাশ কৰে ৷ কৃষ্ণসাৰ হৰিণৰ চোৰাং চিকাৰৰ গোচৰ আৰু তেওঁৰ হিট এণ্ড ৰাণ ঘটনাৰ দৰে অমীমাংসিত বিতৰ্কৰ কথা উল্লেখ কৰি ছলমানে অনুশোচনা প্ৰদৰ্শন কৰা নাই বুলি অভিযোগ কৰে তেওঁ । সন্দেহযুক্তজনে ছলমান আৰু ৰাজনীতিবিদ বাবা ছিদ্দিকীৰ বিৰুদ্ধে অপৰাধী গোটৰ সৈতে সম্পৰ্ক থকাৰো অভিযোগ উত্থাপন কৰে ।

লগতে পঢ়ক :বলীউডৰ বাদশ্বাহলৈ মৃত্যুৰ ভাবুকি

হয় ক্ষমা খোজক নতুবা টকা দিয়ক অন্যথা মৃত্যু নিশ্চিত, ছলমানলৈ ভাবুকি

ABOUT THE AUTHOR

...view details