অসম

assam

ETV Bharat / entertainment

গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেক মৃত্যু দিৱসত সশ্ৰদ্ধ নমন - PRATIMA PANDEY DEATH ANNIVERSARY

প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি ২২সংখ্যক মৃত্যু দিৱস ৷ সমগ্ৰ অসমৰ লগতে ধুবুৰীত ঠায়ে ঠায়ে স্মৰণ কৰা হৈছে শিল্পীগৰাকীক ৷

remembering Pratima Barua Pandey on her 22nd death anniversary
২২সংখ্যক মৃত্যু দিৱসত স্মৰণ (Photo : ETV Bharat Assam)

By ETV Bharat Entertainment Team

Published : Dec 27, 2024, 3:25 PM IST

ধুবুৰী :অসমকন্যা তথা গোৱালপৰীয়া লোকসংগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি ২২সংখ্যক মৃত্যু দিৱস । এই পবিত্ৰ দিনটোত গৌৰীপুৰ চহৰৰ ইতিহাস প্ৰসিদ্ধ প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষসকলে শিল্পীগৰাকীলৈ সশ্ৰদ্ধ প্ৰণিপাত জনায় । প্ৰতিমা বৰুৱা পাণ্ডেৰ প্ৰতিমূৰ্তিত মাল্য অৰ্পণ কৰি তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অধ্যক্ষসকলে ৷

প্ৰয়াত শিল্পীগৰাকীৰ মৃত্যু বাৰ্ষিকীৰ দিনটোত তেওঁৰ বাসগৃহ চহৰ মাটিয়াবাগত অৱস্থিত আবক্ষ মূৰ্তিত পুৱাৰে পৰাই শিক্ষাবিদ, ছাত্ৰ সমাজ, ৰাজপৰিয়ালৰ সদস্যৰ লগতে বহু গুণমূগ্ধই চাকি-ধূপ জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । আজিৰ এই বিশেষ দিনটোৰ লগত সংগতি ৰাখি প্ৰয়াত শিল্পীগৰাকীৰ ঢোল বাদকক বঁটা প্ৰদান কৰা হ’ব ।

গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেক মৃত্যু দিৱসত সশ্ৰদ্ধ নমন (ETV Bharat Assam)

প্ৰতিমা বৰুৱা পাণ্ডেৰ মৃত্যু দিৱসত ৰাজ পৰিয়ালৰ সদস্যই কয় যে প্ৰয়াত শিল্পীগৰাকীৰ গীতবোৰ একাংশ লোকে জনপ্ৰিয়তা অৰ্জনৰ বাবে বিকৃতভাৱে উপস্থাপন কৰিছে, সেয়া বন্ধ হ’ব লাগে । প্ৰয়াত মহান শিল্পী প্ৰতিমা বৰুৱা পাণ্ডে এগৰাকী শক্তিশালী আৰু চতুৰ চিকাৰী আছিল বুলি গৌৰীপুৰৰ নাগৰিকৰ মুখে মুখে শুনা যায় ৷ আজিও ৰাজপৰিয়ালৰ হাৱামহলত বন্দুককে ধৰি বিভিন্ন বস্তু সযতনে সংৰক্ষণ কৰি ৰখা হৈছে ।

আনহাতে ধুবুৰী প্ৰেছ ক্লাবেও অস্থায়ী ধুবুৰী প্ৰেছ ক্লাবৰ বাকৰিত শিল্পীগৰাকীক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ প্ৰেছ ক্লাবৰ ফালৰ পৰা ধুবুৰীত এটা পূৰ্ণাংগ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ সিদ্ধান্ত লোৱা হয় । যিহেতু এতিয়ালৈ ধুবুৰীৰ চহৰত মহান শিল্পীগৰাকীৰ এটাও প্ৰতিমূৰ্তি নাই সেয়ে প্ৰেছ ক্লাবৰ সভাপতি ৰাজীৱ শৰ্মাই শিল্পীগৰাকীক স্মৰণ কৰি অতি সোনকালে এটা পূৰ্ণাংগ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰে ।

১৯৩৫ চনৰ ৩ অক্টোবৰত কলিকতাত জন্ম হৈছিল প্ৰতিমা বৰুৱা পাণ্ডেৰ । তেখেতৰ পিতৃৰ নাম প্ৰাকৃতিশ বৰুৱা । তেখেতে কলিকতাৰে 'গোখলে মেম'ৰিয়েল স্কুল'ৰ পৰা আৰম্ভ কৰিছিল শিক্ষা জীৱন ৷ বিদ্যালয়ত তেখেতে ৰবীন্দ্ৰ সংগীত শিকিছিল যদিও তেখেতে সংগীতৰ বাবে কোনো আনুষ্ঠানিক শিক্ষাগ্ৰহণ কৰা নাছিল ।

লগতে পঢ়ক :গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি 90 সংখ্যক জন্ম জয়ন্তী - Pratima Barua Pandey birthdate

ABOUT THE AUTHOR

...view details