অসম

assam

ৰণবীৰ-দীপিকাৰ সন্তান আগমনৰ সুখ বলীউড তাৰকাই প্ৰকাশ কৰিছে এই ধৰণে - Ranveer Deepika baby girl

By ETV Bharat Entertainment Team

Published : Sep 9, 2024, 11:02 AM IST

Ranveer Deepika First Child : বলীউডৰ আকৰ্ষণীয় দম্পতী ৰণবীৰ সিং আৰু দীপিকা পাডুকনে লাভ কৰিলে পিতৃ-মাতৃ হোৱাৰ সুখ । দুয়োৱে এই সুখ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে । বলীউডৰ তাৰকাসকলে দুয়োকে জনাইছে শুভেচ্ছা ।

Ranveer-Deepika announces birth of baby girl Alia Kriti and these celebs congratulate them
নতুন পিতৃ-মাতৃলৈ তাৰকাৰ শুভেচ্ছা (ANI/Instagram)

চিটাৰা ডেস্ক, 9 ছেপ্টেম্বৰ : বলীউডৰ শক্তিশালী যুটি দীপিকা পাডুকন আৰু ৰণবীৰ সিঙৰ ঘৰত উখল-মাখল পৰিৱেশ ৷ পৰিয়াল ডাঙৰ হ’ল ৷ তেওঁলোকৰ জীৱনলৈ আহিল এটি কন্যা সন্তান ৷ 8 ছেপ্টেম্বৰত জীৱনৰ এই অবৰ্ণনীয় সুখ লাভ কৰে তাৰকা দম্পতীয়ে ৷

এই সুখৰ কথা ছ’চিয়েল মিডিয়াত অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰে ৰণবীৰ-দীপিকাই । ইনষ্টাগ্ৰামত এটা আৱেগিক পোষ্টত দম্পতীটোৱে লিখিছে, “ৱেলকাম বেবী গাৰ্ল 8.9.2024 দীপিকা-ৰণবীৰ ৷”

দীপিকা-ৰণবীৰৰ এই পোষ্টটোত বলীউডৰ তাৰকাসকলে হিয়া উজাৰি মৰম দিছে । আলিয়া ভাট, কৃতি সেননৰ পৰা অৰ্জুন কাপুৰলৈকে কমেণ্ট ছেকশ্যনত সকলোৱে কন্যা সন্তানক আদৰণি জনোৱাৰ বাবে ৰণবীৰ-দীপিকাক অভিনন্দন জনায় । সমান্তৰালকৈ অনুৰাগীসকলেও প্ৰিয় তাৰকা যুটিক তেওঁলোকৰ জীৱনৰ নতুন অধ্যায়ৰ বাবে শুভকামনা জনাইছে ।

আলিয়া-অৰ্জুনকে ধৰি এই চেলেব্ৰিটীসকলে জনাইছে শুভেচ্ছা

8 ছেপ্টেম্বৰত গণেশ উৎসৱৰ শুভ ক্ষণত বলীউডৰ দম্পতী দীপিকা পাডুকন আৰু ৰণবীৰ সিঙৰ জীৱনলৈ আহে এটি কন্যা সন্তান । এই সুখৰ খবৰটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে তেওঁলোক দুয়োৱে । দম্পতীটোৱে এটা পোষ্টত লিখিছে, “ৱেলকাম বেবী গাৰ্ল 8.9.2024 দীপিকা-ৰণবীৰ ৷”

আলিয়া ভাটে তেওঁলোকক শুভকামনা জনায় । আনহাতে অৰ্জুন কাপুৰে লিখিছে, “লক্ষ্মী আহিছে । ৰাণী ইয়াত আছে ।” মীৰা ৰাজপুতৰ মন্তব্য, “অভিনন্দন, বেবী ক্লাবলৈ স্বাগতম ।” এইলোকৰ উপৰিও প্ৰিয়ংকা চোপ্ৰা, অনন্যা পাণ্ডে, গৌহৰ খান, শ্ৰদ্ধা কাপুৰ, পূজা হেগড়ে, বাণী কাপুৰ, সোণাক্ষী সিনহাকে ধৰি বহু তাৰকাই শুভেচ্ছা প্ৰেৰণ কৰিছে তেওঁলোকলৈ ।

অনুৰাগীৰ অভিনন্দন

অনুৰাগীসকলে তেওঁলোকৰ ইনষ্টাগ্ৰাম পোষ্টত কমেণ্ট ছেকশ্যনত দীপিকা আৰু ৰণবীৰক অভিনন্দন জনায় । এজনে লিখিছে, “বাহ ! অভিনন্দন বেবী গাৰ্ল ।” আন এজন অনুৰাগীয়ে লিখিছে, “অভিনন্দন ! ভগৱানে আপোনালোক তিনিওকে সুখী কৰি ৰাখক । গণপতি বাপ্পাৰ আশীৰ্বাদ । দীপিকা আৰু ৰণবীৰক তেওঁলোকৰ কেঁচুৱা ছোৱালীৰ বাবে অভিনন্দন ।” এজন অনুৰাগীয়ে মন্তব্য কৰিলে, “আটাইতকৈ ডাঙৰ অভিনন্দন দীপবীৰ । আপোনালোক দুয়োৰে বাবে আমি বহুত সুখী । আশাকৰোঁ আপোনালোক দুয়োজনেই এতিয়া সুস্থ আৰু স্বাস্থ্যৱান হৈ আছে । বহুত মৰম ।”

শনিবাৰে অভিনেত্ৰীগৰাকীক মুম্বাইৰ গিৰগাঁও অঞ্চলৰ এইচ.এন. ৰিলায়েন্স চিকিৎসালয়ত দেখা গৈছিল । শুকুৰবাৰে, তেওঁৰ প্ৰসৱৰ আগতে, তেওঁলোক দুয়োৱে পৰিয়ালৰ সৈতে মুম্বাইৰ সিদ্ধিবিনায়ক মন্দিৰ পৰিদৰ্শন কৰিছিল । শনিবাৰে গণেশোৎসৱ আৰম্ভ হোৱাৰ পিছত দেওবাৰে কেঁচুৱাটিক আদৰণি জনোৱাৰ বাবে প্ৰসৱৰ সঠিক সময় বাছনি কৰিছিল পৰিয়ালটোৱে ৷

লগতে পঢ়ক :পিতৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা - Ranveer Deepika Baby Girl

ABOUT THE AUTHOR

...view details