চিটাৰা ডেস্ক, 12 এপ্ৰিল :শেহতীয়াকৈদক্ষিণৰ চুপাৰষ্টাৰ আল্লু অৰ্জুন অভিনীত আহিবলগীয়া ছবি পুষ্পা 2 দ্য ৰুলৰ টীজাৰটোৱে ব্যাপক সঁহাৰি লাভ কৰিছে ৷ যোৱা 8 এপ্ৰিলত আল্লু অৰ্জুনৰ 42 তম জন্মদিনৰ দিনা মুক্তি দিয়া হৈছিল পুষ্পা 2ৰ টীজাৰটো ৷ টীজাৰটো মুক্তি লাভ কৰাৰ প্ৰায় 101 মিনিটৰ পিচতে অভিলেখ ভংগ কৰি 5 লাখতকৈ অধিক লাইকছ লাভ কৰিবলৈ সক্ষম হৈছিল ৷
অনুৰাগীসকলে পুষ্পা 2 দ্য ৰুলৰ টীজাৰৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিল ৷ টীজাৰটো মুকলি হোৱাৰ লগে লগে ইউটিউবত ব্যাপকভাৱে ভাইৰেল হৈ পৰিছিল ৷ শেহতীয়াকৈ পুষ্পা 2 দ্য ৰুলৰ টীজাৰটোৱে 106 মিলিয়ন ভিউজ অতিক্ৰম কৰি ট্ৰেণ্ডিঙত 1 নম্বৰ আছে ৷
লগতে টীজাৰটোৱে ইউটিউবত 1 নিযুতৰো অধিক লাইক লাভ কৰিছে । শেহতীয়াকৈ পুষ্পা 2 দ্য ৰুলৰ নিৰ্মাতাসকলে এই ভাল খবৰটো ইনষ্টাগ্ৰামযোগে অনুৰাগীসকলৰ সৈতে শ্বেয়াৰ কৰিছে । ইউটিউবত ছবিখনৰ টীজাৰে এতিয়াও সঁহাৰি লাভ কৰি আছে ৷ লগতে অবিৰতভাৱে টীজাৰটোৰ দৰ্শকৰ সংখ্যা বৃদ্ধি হৈ আছে ৷