নলবাৰী, 4 ছেপ্টেম্বৰ : অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, নলবাৰী জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত ষষ্ঠদশ বাৰ্ষিক ভৱেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতাৰ মঙলবাৰে আছিল দ্বিতীয়টো দিন । অসমৰ স্বনামধন্য নাট্যকাৰ, পৰিচালক, অভিনেতা তথা চিত্ৰশিল্পী প্ৰয়াত ভৱেন বৰুৱাৰ স্মৃতি সজীৱ কৰি ৰখা আৰু ভৱিষ্যত প্ৰজন্মৰ কণ কণ শিশুসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে এই প্ৰতিযোগিতাৰ ।
অনুষ্ঠানৰ কিছু দৃশ্য (ETV Bharat Assam) প্ৰথম দিনা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, শিল্পী সাহিত্যিকলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত দুপৰীয়া 2 বজাৰ পৰা নাট প্ৰতিযোগিতা আৰম্ভ হয় আৰু মঙলবাৰে আবেলি 4 বজাত ভৱেন বৰুৱা বঁটাপ্ৰাপক শিল্পীক শুভেচ্ছা জনাই দ্বিতীয় দিনৰ নাট প্ৰতিযোগিতা উদ্বোধন কৰে অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক অচ্যুত পাটোৱাৰীয়ে । উক্ত সভাতেই অসমৰ ভ্ৰাম্যমাণ তথা চলচ্চিত্ৰ জগতৰ বলিষ্ঠ অভিনেত্ৰী ৰীণা বৰাক ভৱেন বৰুৱা সোঁৱৰণী বঁটা 2024 প্ৰদান কৰে পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাইয়ে ।
অভিনেত্ৰী ৰীণা বৰালৈ সন্মান (ETV Bharat Assam) এক সাংস্কৃতিক শোভাযাত্ৰাৰে যুৱ ছাত্র পৰিষদৰ নেতা-কৰ্মীয়ে অভিনেত্ৰী ৰীণা বৰাক নলবাৰী নাট্যমন্দিৰলৈ আদৰি আনে । তাৰ পিছতে প্ৰদান কৰা হয় ভৱেন বৰুৱা বঁটা 2024 । বঁটাটিত আছে এখন চেলেং, স্মাৰক, জাপি, শৰাই, মানপত্ৰ আৰু নগদ ধন । বঁটাটি গ্ৰহণ কৰি আৱেগিক হৈ পৰে অভিনেত্ৰী ৰীণা বৰা । বঁটাটি তেওঁক প্ৰদান কৰাত আবেগিক, বাকৰুদ্ধ হোৱাৰ লগতে এক বিৰল মুহূৰ্তত উপনীত হোৱা বুলি সাংবাদিকৰ আগত মত প্ৰকাশ কৰে অভিনেত্ৰীগৰাকীয়ে । তেওঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ।
আনহাতে বৰ্তমান ভ্ৰাম্যমাণ থিয়েটাৰত অতিৰঞ্জিত দৃশ্য দেখুৱাবলৈ গৈ বিভিন্ন অঘটন হোৱা পৰিলক্ষিত হৈছে । সেই সন্দৰ্ভত ৰীণাই বৰাই কয়, "এয়া সময়ৰ পৰিৱৰ্তন । আগৰ দিনত ভ্ৰাম্যমাণ বেলেগ আছিল, এতিয়া বেলেগ । কিছুমান থিয়েটাৰ ব্যৱসায়ীক দৃষ্টিভংগীৰে আগবাঢ়িব খুজিছে । এয়া সময়ৰ পৰিবৰ্তন ৷" উক্ত অনুষ্ঠানত উপস্থিত থাকে যুৱ ছাত্র পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাই । পলাশ চাংমাইয়ে অসম জাতীয়তাবাদী যুৱছাত্র পৰিষদ নলবাৰী জিলা সমিতিয়ে প্ৰতি বছৰে লৈ অহা এই পদক্ষেপৰ শলাগ লয় । উক্ত অনুষ্ঠানৰ অন্তত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত পলাশ চাংমাইয়ে অসমৰ প্ৰতিষ্ঠানসমূহত বেনাৰ-পোষ্টাৰসমূহ অসমীয়া ভাষাত লিপিবদ্ধ কৰাৰ দাবী তোলে ।
ষষ্ঠদশ বাৰ্ষিক ভবেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতা (ETV Bharat Assam) অসমীয়া ভাষাটি জীয়াই ৰাখিবলৈ অসমৰ চৰকাৰী কাৰ্যালয়সমূহত অসমীয়া ভাষাতো প্ৰয়োগ নকৰা কাৰণে সময়ে সময়ে বিশৃংখলবোৰ আহে বুলি উল্লেখ কৰে চাংমাইয়ে । অসমৰ চৰকাৰী কাৰ্যালয়সমূহৰ লগতে অতিকৈ জৰুৰী কাৰ্যালয়সমূহত অসমীয়া ভাষাৰ প্ৰচলন কৰিবলৈ চৰকাৰক আহ্বান জনায় পলাশ চাংমাইয়ে । আনহাতে নাট উদ্বোধনী আৰু বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট চিকিৎসক ডাঃ শুভ্ৰকিংকৰ গোস্বামী, প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ অধ্যক্ষ অৰূপ কুমাৰ মিশ্ৰও উপস্থিত থাকে । জানিব পৰা মতে এইবাৰ সমগ্ৰ অসমৰ পৰা অভিলেখ সংখ্যক 38 টা শিশু নাট্যদলে এই নাট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে ।
লগতে পঢ়ক :যশস্বী অভিনেত্ৰী ৰীণা বৰালৈ 2024 বৰ্ষৰ ভবেন বৰুৱা বঁটা ঘোষণা - Bhaben Barua award 2024