অসম

assam

নতুন অসমীয়াছবি সুন্দৰপুৰ কেঅ'ছ (গোঁসাইঘৰত আউল)'ৰ পোষ্টাৰ মুকলি

By ETV Bharat Assamese Team

Published : Mar 3, 2024, 9:02 PM IST

আগন্তুক ছেপ্টেম্বৰ মাহত ছবিগৃহলৈ আহি আছে নতুন অসমীয়া ছবি সুন্দৰপুৰ কেঅ'ছ (গোঁসাইঘৰত আউল)' ৷ আজি মহানগৰীৰ অসম চলচিত্র (বিত্ত আৰু উন্নয়ন) নিগমৰ প্রেক্ষাগৃহত ছবিখনৰ পোষ্টাৰ মুকলি কৰা হয় ৷

New Assamese Film
নতুন অসমীয়াছবি সুন্দৰপুৰ কেঅ'ছ (গোঁসাইঘৰত আউল)'ৰ পোষ্টাৰ মুকলি

নতুন অসমীয়াছবি সুন্দৰপুৰ কেঅ'ছ (গোঁসাইঘৰত আউল)'ৰ পোষ্টাৰ মুকলি

গুৱাহাটী, 3 ফেব্ৰুৱাৰী: শীঘ্ৰেই ছবিগৃহলৈ আহি আছে নতুন অসমীয়া ছবি "সুন্দৰপুৰ কেঅ'ছ (গোঁসাইঘৰত আউল)" ৷ আৰ চি প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কৰা এই ছবিখনৰ পৰিচালনা ঝুলন কৃষ্ণ মহন্তৰ ৷ দেওবাৰে মহানগৰীৰ অসম চলচিত্র (বিত্ত আৰু উন্নয়ন) নিগমৰ প্রেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত ছবিখনৰ ডিজিটেল পোষ্টাৰখন মুকলি কৰা হয় ৷

ইফালে, অনুষ্ঠানত পোষ্টাৰখন মুকলি কৰে বিশিষ্ট ছবি নির্মাতা, সমালোচক, আলোকচিত্র শিল্পী উৎপল দত্তই ৷ লগতে স্থিৰ পোষ্টাৰখন আনুষ্ঠানিকভাবে উন্মোচন কৰে অসম চলচ্চিত্র বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে ৷

আৰ চি প্ৰডাকচনৰ বেনাৰত নির্মিত সুন্দৰপুৰ কেঅ'ছ গোঁসাইঘৰত আউল ছবিখন সকলো শ্ৰেণীৰ দৰ্শকৰ মাজত অধিক জনপ্ৰিয় কৰাত দুয়োখন পোষ্টাৰে যথেষ্ট সহায় কৰিব বুলি আশা প্রকাশ কৰে উন্মোচক দুগৰাকীৰ ৷

আগন্তুক ছেপ্টেম্বৰ মাহত ছবিগৃহলৈ আহিবলগীয়া এই নতুন অসমীয়া ছবি সুন্দৰপুৰ কেঅ'ছ(গোঁসাইঘৰত আউল)'ৰ কাহিনী, চিত্রনাট্য আৰু সম্পাদনা ঝুলন কৃষ্ণ মহন্তৰ ৷ আনহাতে, চিত্রগ্রহণ কৰিছে কুমাৰ দাস, ছবিখনৰ সংগীত পৰিচালনা সৌৰভ মহন্তৰ, ডি আই ধনজিত দাসৰ আৰু শব্দ সংমিশ্রণ ৰাষ্ট্রীয় বঁটাপ্রাপক দেৱজিত গায়নৰ ৷ ছবিখনৰ এটি গীত লিখিছে বিশিষ্ট গীতিকাৰ তথা লেখিকা মঞ্জুলা হাজৰিকাই ৷

আজি মুকলি কৰা ছবিখনৰ দুয়োখন পোষ্টাৰৰ ডিজাইন দীপজ্যোতি সন্দিকৈৰ আৰু ফ’টোগ্রাফী হিংমাশু শৰ্মাৰ ৷ আজিৰ এই উক্ত অনুষ্ঠানত উপস্থিত থাকে গীতিকাৰ মঞ্জুলা হাজৰিকা আৰু বিশিষ্ট শিল্পী মনিষা হাজৰিকা, গীতিকাৰ গায়ত্ৰী হাজৰিকা, চলচিত্ৰ নিৰ্মাতা উৎপল দত্ত, অসম চলচিত্র (বিত্ত আৰু উন্নয়ন নিগম)ৰ অধ্যক্ষ সীমান্ত শেখৰ আদিকে ধৰি ছবিখনৰ কলা-কুশলী তথা বহু বিশিষ্ট ব্যক্তি ৷

লগতে পঢ়ক:জনপ্ৰিয় ৰেডিঅ’ নাট গোবৰধন চৰিত এইবাৰ কথাছবিৰ ৰূপত

ABOUT THE AUTHOR

...view details