হায়দৰাবাদ : মণিপুৰত চলি থকা দ্বিতীয় এন ই ইণ্ডিয়া চলচ্চিত্ৰ মহোৎসৱ 2025 ৰ দেওবাৰে সামৰণি পৰে ৷ পাঁচদিনীয়াকৈ আনুষ্ঠিত হয় এই দ্বিতীয় এন ই ইণ্ডিয়া চলচ্চিত্ৰ মহোৎসৱ ৷ গিবানলাটা থোকচোমৰ দ্বাৰা প্ৰযোজিত আৰু দিনেশ নাওৰেমৰ দ্বাৰা পৰিচালিত মণিপুৰী ফিচাৰ ফিল্ম, "ঐথাৰেই"ক দ্বিতীয় উত্তৰ-পূব ভাৰত চলচ্চিত্ৰ মহোৎসৱ (NEIFF), ২০২৫ মণিপুৰত শ্ৰেষ্ঠ ফিচাৰ ফিল্ম হিচাপে ঘোষণা কৰা হয় । সমীৰণ ডেকাৰ দ্বাৰা প্ৰযোজিত আৰু ভাস্কৰ জ্যোতি দাস পৰিচালিত অসমীয়া ছবি "হোৱেৰ ইজ মাই হোম"এ শ্ৰেষ্ঠ নন-ফিচাৰ চলচ্চিত্ৰৰ বঁটা লাভ কৰে ।
ধীৰাজ কাশ্যপৰ দ্বাৰা পৰিচালিত "এমেচাৰ" (অসমীয়া) এ শ্ৰেষ্ঠ পৰিচালনা আৰু "বাঘজান" (অসমীয়া)ৰ বাবে দেৱজিৎ গায়নে শ্ৰেষ্ঠ শব্দগ্ৰহণকাৰীৰ বঁটা লাভ কৰে ৷ বিনোৰঞ্জন ঐনামে "লাংদাই আমা" (মণিপুৰী)ৰ বাবে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটা; তৰুণ ৱাঙে "লাংগোই"ৰ বাবে শ্ৰেষ্ঠ সম্পাদনাৰ বঁটা; জয় মেকোলাই "ঐথাৰেই"ৰ বাবে শ্ৰেষ্ঠ চিনেমাট’গ্ৰাফী বঁটা; অভিনেত্ৰী নৰ্মদাই "সুনীতা"ৰ বাবে বিশেষ জুৰী বঁটা; "দ্য লিগেচি অফ 4 জেনেৰেশ্যনছ"ক বিশেষ উল্লেখ (অনা-ফিচাৰ চলচ্চিত্ৰ) বঁটা আৰু "সুনীতা"ক বিশেষ উল্লেখ (ফিচাৰ ফিল্ম) বঁটাৰে সন্মানিত কৰা হয় ।
পাঁচদিনীয়া এই মহোৎসৱত অসমীয়া ছখন ছবিকে ধৰি মুঠ 28 খন ছবি প্ৰদৰ্শিত হয় ৷ ছবি প্ৰদৰ্শনৰ চাৰিটা স্থান আছিল – চিটি কনভেনশ্যন চেণ্টাৰ, ইম্ফল; টান্থাপলিছ চিনেমা, লেম্পেল আৰু কাকচিঙৰ পুথিভঁৰাল আৰু তথ্য কেন্দ্ৰ ৷ 28 খন ছবিৰ ভিতৰত 10 খন ছবি বিভিন্ন বঁটা শাখাৰ বাবে নিৰ্বাচিত হয় ।