চিটাৰা ডেস্ক, 17 ফেব্ৰুৱাৰী : শনিবাৰে জ্ঞানপীঠ বাচনি সমিতিয়ে 58 সংখ্যক জ্ঞানপীঠ বঁটা ঘোষণা কৰে ৷ উৰ্দু কবি, গীতিকাৰ, লেখক, চিত্ৰনাট্যকাৰ আৰু চলচ্চিত্ৰ পৰিচালক গুলজাৰ-সংস্কৃত পণ্ডিত জগদগুৰু ৰামভদ্ৰাচাৰ্যক ২০২৩ চনৰ জ্ঞানপীঠ বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে ৷
হিন্দী চলচ্চিত্ৰলৈ তেওঁৰ অৱদানৰ বাবে জনাজাত গুলজাৰক বৰ্তমান সময়ৰ এজন বিশিষ্ট উৰ্দু কবি হিচাপে স্বীকৃতি দিয়া হয় । 2002 চনত গুলজাৰ চাহাবে উৰ্দুৰ বাবে সাহিত্য অকাদেমী বঁটা, 2013 চনত দাদা চাহেব ফাল্কে বঁটা, 2004 চনত পদ্ম ভূষণ আৰু কমেও পাঁচটা ৰাষ্ট্ৰীয় বঁটা তেওঁৰ কামৰ বাবে লাভ কৰিছে ৷ ১৯৬৩ চনত বান্দিনী চলচ্চিত্ৰত সংগীত পৰিচালক এছ ডি বৰ্মনৰ সৈতে গীতিকাৰ হিচাপে কৰ্মজীৱন আৰম্ভ কৰা গুলজাৰে সংগীত পৰিচালক যেনে আৰ ডি বৰ্মন, সলিল চৌধুৰী, বিশাল ভৰদ্বাজ আৰু এ আৰ ৰহমানৰ সৈতেও সহযোগিতা কৰিছে । তেওঁৰ কাব্যিক দক্ষতাৰ উপৰিও গুলজাৰ সংলাপ আৰু চলচ্চিত্ৰ পৰিচালনাতৰ বাবেও জনাজাত ৷ আন্ধি, মৌচম আৰু টিভি চিৰিজ মিৰ্জা গালিবৰ দৰে উল্লেখযোগ্য চলচ্চিত্ৰ পৰিচালনা কৰিছিল তেওঁ ।