হায়দৰাবাদ :এক বিপজ্জনক দুৰ্ঘটনাৰ বলি হৈছে বলীউডৰ অভিনেত্ৰী কাশ্মীৰা শ্বাহ । বৰ্তমান তেওঁৰ অৱস্থা সুস্থিৰ । ছ’চিয়েল মিডিয়াৰ জৰিয়তে এই কথা নিশ্চিত কৰিছে অভিনেত্ৰীগৰাকীয়ে । তেওঁ ভগৱানকো ধন্যবাদ দিয়ে । কাশ্মীৰাৰ স্বামী তথা কমেডিয়ান কৃষ্ণা অভিষেকেও এই পোষ্টটোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।
সোমবাৰে (18 নৱেম্বৰ) কাশ্মীৰাই তেওঁৰ পোষ্টৰ দ্বাৰা সকলোকে আচৰিত কৰি তোলে । অভিনেত্ৰীগৰাকীয়ে তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰামত তেজত ভিজি থকা টিছ্যুৰ এখন ফটো শ্বেয়াৰ কৰিছে । এই ফটোখন দেখিলেই গাঁ শিঁয়ৰি উঠিব আপোনাৰ । এই ছবিখন শ্বেয়াৰ কৰি কাশ্মীৰাই শিৰোনামটোত লিখিছে, “মোক বচোৱাৰ বাবে ঈশ্বৰক ধন্যবাদ । এইটো এটা অতি আচৰিত দুৰ্ঘটনা আছিল । কিবা ডাঙৰ হ’ব লগা আছিল । সৰুকেই হৈ গ’ল । আশা কৰো কোনো দাগ নাথাকিব । প্ৰতিদিনে প্ৰতিটো মুহূৰ্ততে জীয়াই থাকক । ঘূৰি যাবলৈ অপেক্ষা কৰিব নোৱাৰো । মই আজি সঁচাকৈয়ে মোৰ পৰিয়াললৈ বৰকৈ মনত পেলাইছো ।” অভিনেত্ৰীগৰাকীৰ সৈতে এই দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হয় সেই বিষয়ে এতিয়ালৈকে কোনো তথ্য প্ৰকাশ হোৱা নাই ।