চিটাৰা ডেস্ক, ১৪ ফেব্ৰুৱাৰী :শেহতীয়াকৈ মনোৰঞ্জন জগতৰ পৰা এটা ডাঙৰ খবৰ আহিছে। খবৰ অনুসৰি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত বহু পৰিৱৰ্তন কৰা হৈছে । তাৰ ভিতৰত এটা ডাঙৰ পৰিৱৰ্তন হৈছে যে এতিয়াৰে পৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু প্ৰয়াত অভিনেত্ৰী নাৰ্গিছ দত্তৰ নামত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা দিয়া নহয় ।
হয়, কেৱল ইমানেই নহয়, ইয়াৰ উপৰিও বহু বঁটাত সাল-সলনি কৰা হৈছে । কোনবোৰ বঁটাত কি পৰিৱৰ্তন হৈছে এই প্ৰতিবেদনত জানি লওক ৷
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা শাখাৰ পৰা আঁতৰোৱা হ’ল ইন্দিৰা গান্ধী-নাৰ্গিছ দত্তৰ নাম
প্ৰথমে জানো আহক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ পৰিৱৰ্তনৰ বিষয়ে । এতিয়াৰে পৰা ৰাষ্ট্ৰীয় বঁটাত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু প্ৰয়াত অভিনেত্ৰী নাৰ্গিছ দত্তৰ নাম ব্যৱহাৰ কৰা নহ’ব । তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সমিতিৰ আলোচনাৰ অন্তত এই সিদ্ধান্ত লোৱা হৈছে যে সামাজিক, জাতীয় আৰু সামাজিক মূল্যবোধৰ প্ৰসাৰৰ স্বাৰ্থত এই সন্মানক এতিয়া ‘শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ চলচ্চিত্ৰ বঁটা’ হিচাপে পৰিচিত হ’ব ।