গুৱাহাটী, ১৫ ফেব্ৰুৱাৰী:প্ৰথমবাৰৰ বাবে বেংগালুৰুত চলিত মাহৰ ১০ আৰু ১১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈ যায় শ্ৰী কৃষ্ণৰ ৰাসলীলা । বেংগালুৰুৰ KR Puram ৰ ITI খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই ৰাসলীলাত অংশগ্ৰহণ কৰে অসমীয়া চলচ্চিত্ৰ জগতৰ বহু কেইগৰাকী অভিনেতা-অভিনেত্ৰীয়ে ।
এই ৰাসলীলাত অংশগ্ৰহণ জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকা, অভিনেত্ৰী শ্যামন্তিকা শৰ্মা, নিশিতা গোস্বামী আৰু তনভী শৰ্মাই । এই ৰাসলীলাত অসমীয়া চলচ্চিত্ৰ জগতত নেত্ৰকাই ৰূপে খ্যাত অভিনেতা অৰুণ হাজৰিকাই ৰামধনৰ চৰিত্ৰত অভিনয় কৰাৰ লগতে নিশিতা গোস্বামী আৰু শ্যামন্তিকা শৰ্মাই দৈৱকীৰ চৰিত্ৰত অভিনয় কৰে ৷ আনহাতে তনভী শৰ্মাৰ ৰাধাৰ চৰিত্ৰত তথা নিমন্ত্ৰিত ভাওনা শিল্পী শ্ৰবিষ্ণু বৰাই কংসৰ চৰিত্ৰত অভিনয় কৰি উপস্থিত দৰ্শকক আপ্লুত কৰে ।
অতুল হাজৰিকা দেৱৰ নাট "নন্দদুলাল" ৰাসলীলাত অনন্ত শয্যাৰ পৰা মহাৰাসলৈকে বহুতো অভিনেতা-অভিনেত্ৰীয়ে সুন্দৰভাৱে নিজ নিজ অভিনয়ৰে দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হয় । লগতে বেংগালুৰুস্থিত শিশুসকলৰ সাৱলীল অভিনয় আৰু ৰাধা-কৃষ্ণকে প্ৰমুখ্যে কৰি ৩০ গৰাকী গোপীৰ নৃত্যই দৰ্শকক আকৃষ্ট কৰে ।