তিনিচুকীয়া :হাজাৰ হাজাৰ জনতাৰ কণ্ঠেৰে ৰাজীৱ শদিয়া অমৰ হওক শ্ল’গানেৰে মুখৰিত হ’ল জন্মভূমি শদিয়া । ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত গণশিল্পী ৰাজীৱ শদিয়াই সোমবাৰে দিনৰ ভাগত শেষ নিশ্বাস ত্যাগ কৰে ৷ তাৰ পাছত তেওঁৰ মৃতদেহ লৈ গৃহজিলা তিনিচুকীয়াত আবেলি উপস্থিত হয় পৰিয়ালৰ লোক ৷ মৃতদেহৰ বাবে অপেক্ষা কৰি থকা গুণমুগ্ধই ৰাজহুৱাকৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
ক্ৰমান্বয়ে তিনিচুকীয়া, মাকুম, বৰহাপজান, ডুমডুমা, ৰূপাই, ছৈখোৱা, ধলাত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি হাজাৰ হাজাৰ জনতাই সুসজ্জিত বাহনত জনতাৰ শিল্পী ৰাজীৱ শদিয়াক লৈ বিশাল সমদলেৰে জন্মভূমি শদিয়ালৈ যাত্ৰা কৰে । সমদলটো শদিয়াত উপস্থিত হোৱাৰ লগে লগে এক শোকাকুল পৰিবেশৰ সৃষ্টি হয় ৷ হাজাৰ হাজাৰ জনতাই ৰাজীৱ শদিয়াৰ শেষ যাত্ৰাত সমভাগী হৈ ৰাজীৱ শদিয়া অমৰ হওক, জয় আই অসম শ্ল’গানেৰে শদিয়াৰ আকাশ বতাহ মুখৰিত কৰি তোলে ৷ শদিয়াৰ চপাখোৱা ৰাজহুৱা খেলপথাৰত ৰাইজে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছত আজি টুপচিঙা গাঁৱৰ নিজা বাসগৃহত ৰাজহুৱাকৈ অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰা হ’ব ।
জনতাৰ শিল্পী ৰাজীৱ শদিয়াই শেষ নিশ্বাস ত্যাগ কৰাৰ পাছতে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে শিল্পীগৰাকীৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ স্বাৰ্থত শদিয়াত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ উদ্যোগত এটা আবক্ষ মূৰ্তি স্থাপন কৰা হ’ব বুলি ৰাজহুৱাকৈ ঘোষণা কৰে । জাতিৰ সংকটৰ সময়ত ৰাজীৱ শদিয়াই গীতৰ জৰিয়তে সকলোকে একত্ৰিত কৰাৰ লগতে জাতীয় চেতনা জীৱিত কৰি তুলিছিল ।