অসম

assam

ETV Bharat / entertainment

চিত্ৰকলাৰ সাধনাত ব্ৰতী এটি দম্পতীৰ কাহিনী - PRABIN KUMAR NATH ADITI CHAKRAVARTY

বিশিষ্ট চিত্ৰশিল্পী প্ৰবীণ কুমাৰ নাথ আৰু পত্নী অদিতি চক্ৰৱৰ্তীৰ চিত্ৰকলা যাত্ৰাৰ আৰম্ভণি কেনেদৰে হৈছিল ? ছবি আঁকি বা চিত্ৰকলাৰে জীৱন নিৰ্বাহ কৰাটো সম্ভৱ নে ?

etv bharat exclusive interview with artists Prabin Kumar Nath and Aditi Chakravarty
প্ৰবীণ কুমাৰ নাথ-অদিতি চক্ৰৱৰ্তী (Photo : ETV Bharat Assam)

By ETV Bharat Entertainment Team

Published : Jan 22, 2025, 4:31 PM IST

Updated : Jan 22, 2025, 4:39 PM IST

গুৱাহাটী : এহাল শিল্পকলা সাধনাৰ লগত জড়িত দম্পতী । শিল্প সাধনাই তেওঁলোকৰ জীৱনৰ অন্যতম লক্ষ্য । তেওঁলোক হৈছে বিশিষ্ট চিত্ৰশিল্পী প্ৰবীণ কুমাৰ নাথ আৰু চিত্ৰশিল্পী তথা নৃত্যশিল্পী অদিতি চক্ৰৱৰ্তী । ৯০ দশকৰ পৰা ৰাজ্যৰ লগতে দেশৰ ভিন্ন ঠাইৰ উপৰিও বিদেশতো চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰি দৰ্শকৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম হোৱা এই দম্পতীটোৰ প্ৰথম চিনাকি হৈছিল ছবিৰ মাধ্যমৰে । ইফালে চিত্ৰকলাৰ প্ৰতি থকা অপাৰ ভালপোৱাৰ বাবে প্ৰবীণ কুমাৰ নাথে আধাতে এৰিছিল চাকৰিও । দম্পতীটোৱে বিশ্বাস কৰে 'মানুহৰ লগত মানুহৰ সম্পৰ্ক, এটা ভাল সম্পৰ্কৰ লগতে নৱ প্ৰজন্মক আগুৱাই নিয়া এই সমগ্ৰ পৰিক্ৰমা চলে সৃষ্টিশীলতাৰ মাজৰে' । সেয়ে তেওঁলোকে চেষ্টা কৰিছিল এক পৰিৱেশ তৈয়াৰ কৰিবলৈ । দুয়োগৰাকীৰ এই প্ৰচেষ্টাত গঢ় লৈ উঠিছে এখন আৰ্ট স্কুলৰ লগতে নৃত্যাঞ্জলী কলাকেন্দ্ৰ । একো একোখন ঘৰলৈ কেনেদৰে ছবিৰ বাৰ্তা লৈ যাব পাৰি সেয়াই তেওঁলোকৰ লক্ষ্য ।

নিৰন্তৰে চিত্ৰ সাধনাৰ সৈতে ব্ৰতী হৈ থকা এই বিশেষ দম্পতীটোৰ সৈতে ই টিভি ভাৰতৰ এক আছুতীয়া সাক্ষাৎকাৰ ৷ চৰকাৰলৈ এক বিশেষ অনুৰোধ জনোৱাৰ লগতে তেওঁলোকে প্ৰকাশ কৰিলে মনৰ বহু কথা-

বিশেষ সাক্ষাৎকাৰ (ETV Bharat Assam)

দুই শিল্পীৰ চিত্ৰকলাৰ এই যাত্ৰাৰ আৰম্ভণি কেনেদৰে হৈছিল ?

যাত্ৰাৰ আৰম্ভণি সন্দৰ্ভত মন্তব্য কৰি বিশিষ্ট চিত্ৰশিল্পী প্ৰবীণ কুমাৰ নাথে কয়, "চিত্ৰকলাৰ লগত মই সৰুৰে পৰা জড়িত আছিলো, কিন্তু অনুষ্ঠানিকভাৱে মই গুৱাহাটীলৈ অহাৰ পাছত অৰ্থাৎ ১৯৮৪ চনত চৰকাৰী চাৰু আৰু কাৰু কলা মহাবিদ্যালয়ত ৫ বছৰীয়া পাঠ্যক্ৰমত নামভৰ্তি কৰিলো । পাঠ্যক্ৰম শেষ হোৱাৰ পাছত ১৯৯০ চনত অসম ৰাজ্যিক আৰ্ট গেলেৰীত মই প্ৰথমবাৰৰ বাবে এখন একক কলা প্ৰদৰ্শনী অনুষ্ঠিত কৰিলো । সেই প্ৰদৰ্শনীখনত মই দৰ্শকৰ খুব সুন্দৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম হলো । এনেদৰেই এই যাত্ৰাৰ আৰম্ভণি হৈছিল ।"

ইফালে চিত্ৰশিল্পী অদিতি চক্ৰৱৰ্তীয়ে তেওঁৰ যাত্ৰাৰ সন্দৰ্ভত কয়, "সৰুতে মোৰ দেউতা কবি অৱনী চক্ৰৱৰ্তীৰ সান্নিধ্যত ঘৰত এটা পৰিৱেশ পাইছিলো । দেউতাক ছবি অঁকা দেখিছিলো লগতে দেউতাৰ লগতে বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱাৰো সান্নিধ্য লাভ কৰিছিলো আৰু তেনেদৰে মই চিত্ৰকলাৰ শিক্ষাগ্ৰহণ কৰিছিলো । পৰৱৰ্তী সময়ত চৰকাৰী চাৰু আৰু কাৰু কলা মহাবিদ্যালয়ত শিক্ষাগ্ৰহণ কৰিলো । আনহাতে বিদ্যালয়ত থকাৰ পৰাই নৃত্যৰ প্ৰতিও মোৰ খুব হেঁপাহ আছিল । ভাৰত নৃত্যম শিকিছিলো । এনেদৰেই এই যাত্ৰাৰ আৰম্ভণি হৈছিল ।"

দুই শিল্পীৰ চিনাকী কেনেদৰে হৈছিল ?

প্ৰেমৰ সম্পৰ্ক সন্দৰ্ভত অদিতি চক্ৰৱৰ্তীয়ে কয়, "মই যেতিয়া আৰ্ট কলেজত পঢ়ি আছিলো তেতিয়া দেউতাই মোক দুখন ড্রইং আনি দিছিল, তাত মই তেওঁৰ নামটো দেখিছিলো । কিন্তু তেতিয়া মই তেওঁক চিনি পোৱা নাছিলো । পাছত আমি কামে-কাজে লগ পালো আৰু লগ পোৱাৰ পাছত আমাৰ মাজত বন্ধুত্ব গঢ়ি উঠিল আৰু সেই বন্ধুত্বই পিছলৈ বৈবাহিক সম্পৰ্কত পৰিণত হ’ল ।"

ছবি আঁকিয়ে জীৱন নিৰ্বাহ কৰা সম্ভৱ নে ?

এই সন্দৰ্ভত নাথে কয়, "ছবি দুই ধৰণৰ থাকে, এটা হৈছে বাণিজ্যিক আনটো হৈছে সৃষ্টিশীলতা । সৃষ্টিশীলতাত বহুত প্ৰত্যাহ্বান থাকে, কাৰণ তাত এজন শিল্পীয়ে কেনভাছত নিজৰ চিন্তা-ভাৱনাক প্ৰতিফলিত কৰে তেওঁৰ সৃষ্টিৰ মাধ্যমেৰে । বাণিজ্যিকভাৱে অৰ্থাৎ কোনোবাই যদি মোক এখন ছবি আঁকিবলৈ কয় মই তাৰ পৰা পইচা পাম, কিন্তু সৃষ্টিশীলতাৰে অঁকা ছবিখনৰ কোনো নিশ্চয়তা নাথাকে, হয়তো সেই ছবিখন বহু দামত বিক্ৰীও হৈ যাব পাৰে । এগৰাকী শিল্পীৰ যদি সৃষ্টিশীলতা থাকে তেন্তে তেওঁৰ উপাৰ্জন তেওঁৰ সৃষ্টি মাধ্যমেৰে ক’ৰবাত নহয় ক’ৰবাত হ’বই । গতিকে চিত্ৰকলাৰে চলিব পাৰি । মই যেতিয়া চাকৰি কৰা নাছিলো, তেতিয়া মই এই কামেৰেই চলিছিলো । মই পঢ়ি থাকোঁতেও ছবিৰ মাধ্যমেৰেই পঢ়াৰ খৰছ উলিয়াইছিলো ।"

উল্লেখ্য যে, চিত্ৰশিল্পী প্ৰবীণ কুমাৰ নাথে চিত্ৰৰ বাবে কেইবাটাও বঁটা লাভ কৰিবলৈ সক্ষম হৈছে । ভাৰতীয় কলা সমাজে অনুষ্ঠিত কৰা সৰ্বভাৰতীয় কলা প্ৰদৰ্শনী আৰু প্ৰতিযোগিতাত ৰাষ্ট্ৰীয় বঁটা লাভ কৰাৰ লগতে ২০২৩ চনৰ মুম্বাইৰ জেহাংগীৰ আৰ্ট গেলেৰীত অনুষ্ঠিত প্ৰদৰ্শনী তেওঁৰ কেৰিয়াৰৰ চতুৰ্থ গোট প্ৰদৰ্শনী হিচাপে চিহ্নিত হৈছে । ইয়াৰোপৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় তেওঁ । তেওঁ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ পেইণ্টিঙত ৰাষ্ট্ৰীয় ফেল’শ্বিপো লাভ কৰে । তেওঁ ৫ খন একক প্ৰদৰ্শনীও অনুষ্ঠিত কৰিছিল । ভাৰতৰ লগতে বিদেশতো বিভিন্ন গোট প্ৰদৰ্শনী, কৰ্মশালা আদিত অংশগ্ৰহণ কৰিছে নাথে ।

সমান্তৰালকৈ অদিতি চক্ৰৱৰ্তীয়েও বহুকেইটা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে । নৃত্যৰ বাবে গুৱাহাটী বিশ্ব বিদ্যালয়ৰ যুৱ মহোৎসৱত বঁটা লাভ কৰাৰ লগতে, নৰ্থ ইষ্ট আৰ্ট প্ৰদৰ্শনীত জুৰিৰ বিশেষ বঁটা, জেহাংগীৰ আৰ্ট গেলেৰীত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় প্ৰদৰ্শনীত সোণৰ পদক লাভ কৰিবলৈও সক্ষম হয় তেওঁ । চক্ৰৱৰ্তীয়ে ৰাষ্ট্ৰীয় ললিত কলা অকাডেমীৰ পৰা গৱেষণা বৃত্তিও লাভ কৰে । তেওঁ ৩ খন একক প্ৰদৰ্শনী অনুষ্ঠিত কৰিছিল । স্বামীৰ দৰে তেওঁৱো ভাৰত আৰু বিদেশত বিভিন্ন প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছিল ।

লগতে পঢ়ক :ৰাজীৱ শদিয়াৰ মৃত্যুৱে প্ৰমাণ কৰিলে ৰাইজৰ মাজত থকা গণশিল্পীৰ ভেঁটি

Last Updated : Jan 22, 2025, 4:39 PM IST

ABOUT THE AUTHOR

...view details