অসম

assam

ETV Bharat / entertainment

জলীউড-বলীউডৰ ছবিত সমানেই অভিনয় কৰি গৈছে অসমৰ এগৰাকী অভিনেতাই - ACTOR BONDIP SARMA INTERVIEW

একেদিনাই মুক্তি লাভ কৰা এখন অসমীয়া আৰু এখন হিন্দী চিনেমাত অভিনয় কৰিছে অসমৰ এগৰাকী অভিনেতাই ৷ আহকচোন চাওঁ তেওঁৰ দৃষ্টিৰে  চিনেমাৰ জগতখন-

etv bharat exclusive interview with actor bondip sarma Who acted in Assamese as well as Bollywood films
অভিনেতা বনদীপ শৰ্মা (ETV Bharat Assam)

By ETV Bharat Entertainment Team

Published : Jan 24, 2025, 4:15 PM IST

গুৱাহাটী :চলিত বৰ্ষৰ ১৭ জানুৱাৰীত মুক্তি লাভ কৰিছিল কংগনা ৰনৌত পৰিচালিত বলীউডৰ বহু প্ৰত্যাশিত ছবি ‘ইমাৰ্জেন্সী’ । আনহাতে সেইদিনাই মুক্তি লাভ কৰিছিল অসমৰ আন এখন চৰ্চিত ছবি ‘‘গোলাই চোৰ’’-এ । এই দুয়োখন ছবিতেই দুটাকৈ গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে অসমৰ এগৰাকী অভিনেতাই, নাম বনদীপ শৰ্মা । অসমৰ এইগৰাকী অভিনেতাই এনে এগৰাকী অভিনেতা যাৰ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দুখনকৈ ছবিয়ে একেদিনাই মুক্তি লাভ কৰিছে। অৱশ্যে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অভিনয় কৰা বনদীপ শৰ্মাৰ এইখনেই প্ৰথম ছবি নহয় ।

ইয়াৰ পূৰ্বে সুশান্ত সিং ৰাজপুত অভিনীত ছবি ছিছ’ৰে(Chhichhore), হিন্দী ৱেব চিৰিজ অসুৰ(Asur)ৰ, টিকু ৱেডছ শ্বেৰু(Tiku weds sheru) আদিতো অভিনয় কৰি ইতিমধ্যে বলীউডত নিজৰ এক পৰিচয় গঢ়ি তুলিছে অভিনেতাগৰাকীয়ে । সমান্তৰালকৈ অসমীয়া ৱেব ছিৰিজ কলংপাৰ, বহু চৰ্চিত হিন্দী ছবি কুকিতো দেখা গৈছিল অভিনেতাগৰাকীক ।

আছুতীয়া সাক্ষাৎকাৰ (ETV Bharat Assam)

আৰ্শ্বাদ ৱাৰ্ছী, নৱাজুদ্দিন ছিদ্দিকী, সুশান্ত সিং ৰাজপুত, কংগনা ৰনৌতৰ দৰে নামী-দামী তাৰকাৰ লগত অভিনয়ৰ সুযোগ লাভ কৰা এনে এগৰাকী অসম সন্তানৰ কথা নিশ্চয় আপোনালোকৰো জানিবলৈ মন যায় ৷ অতিকে জনপ্ৰিয় অভিনেতা আৰ মাধৱনৰ লগতো স্ক্ৰীণ শ্বেয়াৰ কৰিছে তেওঁ ৷

অভিনেতা বনদীপ শৰ্মাৰ মনৰ কিছু ভাৱ তেওঁৰ মুখেৰেই শুনো আহকচোন-

বনদীপৰ অভিনয়ৰ যাত্ৰাৰ আৰম্ভণি

এই সন্দৰ্ভত শৰ্মাই কয়, “সৰুৰে পৰা অভিনয়ৰ প্ৰতি আগ্ৰহ এটা আছিল । মায়ে সৰুতে নাটক দেখুবাবলৈ লৈ গৈছিল । তেনেকৈয়ে অভিনয়ৰ প্ৰতি মনত আগ্ৰহ জন্মিছিল । বিদ্যালয়ত পঢ়ি থাকোঁতেও বিদ্যালয়ৰ বিভিন্ন অনুষ্ঠানসমূহত নাটক কৰিছিলো । তাৰ পাছত মই দিল্লীলৈ ইঞ্জিনীয়াৰিং কৰিবলৈ গুচি গ’লো । দিল্লীত গৈ তেতিয়া মই মণ্ডী হাউচত হিন্দী নাটক কৰিবলৈ ললো । তেনেকৈয়ে নাটকৰ প্ৰতি আকৰ্ষণ বাঢ়িলে । বিভিন্ন বিষয়ত বাটৰ নাট কৰিবলৈ ললো । বাটৰ নাটে এজন অভিনেতা হিচাপে মোৰ আত্মবিশ্বাস বৃদ্ধি কৰিলে । মোৰ পঢ়া শেষ হোৱাৰ পাছত ঘৰলৈ আহি মই অভিনয় ক্ষেত্ৰৰ লগত জড়িত হ’ব বিচৰাৰ কথাটো জনালো । তাৰ পাছত মই মুম্বাইলৈ গ’লো । তেনেদৰে এই যাত্ৰাৰ আৰম্ভণি হয় ।”

লগতে পঢ়ক :বলীউডৰ ছবিত একেটা ফ্ৰেমতে কংগনা আৰু এজন অসমীয়া অভিনেতা

বলীউডৰ কলা-কুশলীৰ সৈতে অভিনয়ৰ অভিজ্ঞতা

“খুব সুন্দৰ অভিজ্ঞতা । ছিছ’ৰে (Chhichhore) ত মোৰ চৰিত্ৰটো সৰু আছিল । মাত্ৰ ৭ দিনৰ শ্বুটিং হৈছিল । সুশান্ত সিং ৰাজপুতক ৭ দিনৰ ভিতৰত মই ৬ দিন মান লগ পাইছিলো । তেনেদৰে কথা পতা হোৱা নাছিল যদিও তেওঁৰ লগত মোৰ দৃশ্য আছিল । তাৰ পাছত 'অসুৰ'(Asur) ৱেব ছিৰিজখনত মই আৰ্শ্বাদ ৱাৰ্ছীৰ লগত অভিনয় কৰাৰ সুযোগ লাভ কৰিছিলো । যিটো মোৰ বাবে এটা ডাঙৰ অভিজ্ঞতা । নৱাজুদ্দিন ছিদ্দিকীৰ লগত টিকু ৱেডছ শ্বেৰু(Tiku weds sheru) ত অভিনয়ৰ সুযোগ লাভ কৰিছিলো । তেওঁলোকৰ লগত কাম কৰি বহুত কথা শিকিব পাৰিলো । তেওঁলোকৰ লগত কাম কৰিবলৈ পোৱাটোত নিজকে মই বহুত ভাগ্যৱান বুলি ভাবো ।”

শৰ্মাই লগতে আৰু কয়, “কংগনা ৰনৌতৰ লগতো খুব সুন্দৰ অভিজ্ঞতা । তেওঁ নিজেই আহি দৃশ্য এটা অভিনয় কৰি খুব সুন্দৰকৈ বুজায় । অন্য পৰিচালকতকৈ তেওঁ পৃথক ৷ খুব সুন্দৰকৈ দৃশ্যবোৰ তেওঁ অভিনয় কৰি বুজায় । ছবিখনত মই বিহাৰী ঠাকুৰ এজনৰ চৰিত্ৰত অভিনয় কৰিছো ।”

উল্লেখ্য যে, ‘‘গোলাই চোৰ’’ ছবিখনতো নিজৰ অভিনয় শৈলীৰে দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে বনদীপ শৰ্মা । ইফালে বিশিষ্ট পৰিচালক মুনিন বৰুৱাৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা ছবি ‘ভাইমন দা’তো বনদীপ শৰ্মাক ‘ভাইমন দা’ৰ চৰিত্ৰত দেখিবলৈ পোৱা যাব । আৰ মাধৱন অভিনীত ‘‘হিচাব বৰাবৰ’’(Hisaab Barabar)টো অভিনয় কৰিছে অভিনেতাগৰাকীয়ে ।

লগতে পঢ়ক :‘মেটা’ এৱাৰ্ডছৰ পৰা ডিজনী+হটষ্টাৰলৈ যাত্ৰা নাট্যকাৰ বিদ্যুৎ কুমাৰ নাথৰ

ABOUT THE AUTHOR

...view details