অসম

assam

ETV Bharat / entertainment

যশস্বী অভিনেত্ৰী ৰীণা বৰালৈ 2024 বৰ্ষৰ ভবেন বৰুৱা বঁটা ঘোষণা - Bhaben Barua award 2024 - BHABEN BARUA AWARD 2024

Actress Rina Bora : অসমৰ ভ্ৰাম্যমাণ তথা চলচ্চিত্ৰ জগতৰ যশস্বী অভিনেত্ৰী ৰীণা বৰাক প্ৰদান কৰা হ’ব 2024 বৰ্ষৰ "ভবেন বৰুৱা বঁটা" । সংবাদমেলত এই ঘোষণা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতি আৰু নাট পৰিচালনা সমিতিৰ ৷

Bhaben Barua award 2024 will be given to prominent actress rina bora in nalbari
ভবেন বৰুৱা বঁটা ঘোষণা (ETV Bharat Assam)

By ETV Bharat Entertainment Team

Published : Aug 9, 2024, 1:36 PM IST

নলবাৰী, 9 আগষ্ট :অসমৰ ভ্ৰাম্যমাণ তথা চলচ্চিত্ৰ জগতৰ যশস্বী অভিনেত্ৰী ৰীণা বৰাক প্ৰদান কৰা হ’ব 2024 বৰ্ষৰ "ভবেন বৰুৱা বঁটা"। বৃহস্পতিবাৰে নিশা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা সংবাদমেলত উপস্থিত থাকি পৰিষদৰ নলবাৰী জিলা সমিতিৰ সভাপতি নিৰোদ দাস, সাধাৰণ সম্পাদক যোগেশ কলিতা, নাট পৰিচালনা সমিতিৰ সভাপতি তথা বিশিষ্ট চকু চিকিৎসক আৰু সাংস্কৃতিক কৰ্মী ডাঃ শুভ্ৰকিংকৰ গোস্বামী, কাৰ্যকৰী সভাপতি মনোৰাম কলিতাই এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে ।

ভবেন বৰুৱা বঁটা ঘোষণা (ETV Bharat Assam)

আগন্তুক 3 ছেপ্টেম্বৰ তাৰিখে নলবাৰীৰ নাট্য মন্দিৰত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰবীন অভিনেত্ৰী ৰীণা বৰাক 2024 বৰ্ষৰ "ভবেন বৰুৱা বঁটা" আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব । 1965 চনত নটৰাজ থিয়েটাৰত নৃত্যশিল্পী ৰূপে অভিনয় জীৱনৰ আৰম্ভণি কৰে তেওঁ ৷ পূৰ্বজ্যোতি, অসমষ্টাৰ, সুৰদেৱী, কহিনুৰ, আৱাহন, হেঙুল থিয়েটাৰত অভিনেত্ৰী হিচাপে দৰ্শকৰ মনত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হয় ৰীণা বৰাই ৷

পুতলাঘৰ, বুকুৰ মাজত জ্বলে, হিয়া দিয়া নিয়া, জয়মতী, মমতাৰ চিঠিকে ধৰি শেহতীয়াকৈ মুক্তি পোৱা ৰত্নাকৰ, ৰঘুপতি আদি বোলছবিৰ লগতে তিনিশখনৰো অধিক এমেচাৰ নাটকত অভিনয় কৰা তথা 2014 বৰ্ষৰ ৰদালি বঁটা, 2016 বৰ্ষৰ মঞ্চপ্ৰভা বঁটা, 2018 বৰ্ষৰ আইদেউ সন্দিকৈ বঁটা লাভ কৰা বলিষ্ঠ অভিনেত্ৰীগৰাকীক নলবাৰী চহৰৰ মাজেৰে এক বিশাল সাংস্কৃতিক শোভাযাত্ৰাৰে আগবঢ়াই অনা হ'ব ।

উল্লেখ্য যে, অসমৰ প্ৰতিজন নাট্যৰসিক, পেছাদাৰী, অপেছাদাৰী নাট্যক্ষেত্ৰৰ সৈতে জড়িত শিল্পী, কলা-কুশলী তথা দৰ্শকৰ হৃদয়ত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা স্বনামধন্য শিল্পী ভবেন বৰুৱাৰ স্মৃতি যুগমীয়া কৰাৰ হেঁপাহেৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, নলবাৰী জিলা সমিতিয়ে 2009 বৰ্ষৰ পৰাই নলবাৰীত তিনিদিনীয়াকৈ প্ৰতিবছৰে ছেপ্টেম্বৰ মাহৰ 2, 3 আৰু 4 তাৰিখে ভবেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতা অনুষ্ঠিত কৰি অহাৰ লগতে অসমৰ সাংস্কৃতিক ক্ষেত্ৰত বিশিষ্ট বৰঙণি আগবঢ়োৱা একোগৰাকী নাট্যশিল্পীক "ভবেন বৰুৱা বঁটা" প্ৰদান কৰি আহিছে ।

লগতে পঢ়ক :YouTube ৰ পৰা কেনেকৈ ছবিজগত পালেগৈ ৰাজীৱ দুৱৰী - Actor Rajib Dowari interview

মন কৰিবলগীয়া যে শিল্পীজনাৰ নাট্য প্ৰতিভাক চিৰস্মৰণীয় কৰি ৰখাৰ প্ৰয়াসেৰে যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে ইতিমধ্যে 2009 বৰ্ষত বিশিষ্ট নাট্য পৰিচালক, সুদক্ষ অভিনেতা দুলাল ৰয়, 2010 বৰ্ষত গুৰুজী আদ্য শৰ্মা, 2011 বৰ্ষত বিশিষ্ট অভিনেতা বিজু ফুকন, 2012 বৰ্ষত বিশিষ্ট অভিনেতা নিলু চক্ৰৱৰ্তী, 2013 বৰ্ষত বিশিষ্ট অভিনেতা মহানন্দ শৰ্মা, 2014 বৰ্ষত বিশিষ্ট অভিনেতা জীৱেশ্বৰ ডেকাক "ভবেন বৰুৱা বঁটা" প্ৰদান কৰা হৈছে ৷

লগতে 2015 বৰ্ষত ভ্ৰাম্যমাণৰ মহীৰূহ অচ্যুত লহকৰ, 2016 বৰ্ষত মঞ্চসূৰ্য সংগীত নাটক অকাডেমী বঁটা প্ৰাপ্ত ধৰণী বৰ্মন, 2017 বৰ্ষত ভ্ৰাম্যমাণ নাট্য জগতৰ বিশিষ্ট নাট্যকাৰ-অভিনেতা-পৰিচালক-গীতিকাৰ হেমন্ত দত্ত, 2018 বৰ্ষত বিশিষ্ট অভিনেত্ৰী বিদ্যা ৰাও, 2019 বৰ্ষত বিশিষ্ট নাট্যকাৰ-পৰিচালক দাৰা আহমেদ, 2020 বৰ্ষত বিশিষ্ট অভিনেতা পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্য, 2021 বৰ্ষত বিশিষ্ট অভিনেতা নিপন গোস্বামীক, 2022 বৰ্ষত প্ৰবীন অভিনেতা দীনেশ দাস, 2023 বৰ্ষত ভ্ৰাম্যমাণৰ যশস্বী অভিনেতা ভবেশ বৰুৱাক প্ৰদান কৰা হৈছে "ভবেন বৰুৱা বঁটা" ।

উল্লেখ্য যে, এই বঁটাত থাকিব নগদ 15,000 টকা, ফুলাম গামোচা, চেলেং চাদৰ, ফুলাম জাপি, মানপত্ৰ, শৰাই, স্মাৰক ইত্যাদি । প্ৰথম দিনাৰ নাট প্ৰতিযোগিতাৰ শুভ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকিব অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা ৰানাপ্ৰতাপ বৰুৱা, কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁই ।

প্ৰথম দিনা উক্ত অনুষ্ঠানতে নাট প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি প্ৰকাশ কৰি অহা স্মৰণিকা 'সংলাপ'খনো উন্মোচন কৰা হ'ব বুলি সংবাদমেল যোগে জনাই জাতীয়তাবাদী সংগঠনটোৰ নলবাৰী জিলা সমিতিয়ে । আনহাতে দ্বিতীয় দিনা নাট প্ৰতিযোগিতাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি পলাশ চাংমাই ।

উল্লেখ্য যে, যোৱা 2023 বৰ্ষৰ পৰা আৰম্ভ কৰা জীৱনজোৰা সাধনা বঁটা নলবাৰীৰ বিশিষ্ট কৌতুক শিল্পী, অসম চৰকাৰৰ শিল্পী পেন্সনপ্ৰাপ্ত ফজল আলী ডাঙৰীয়াক নাট প্ৰতিযোগিতাৰ প্ৰথমদিনত আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব বুলিও জনাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিয়ে ।

লগতে পঢ়ক :নৱাজুদ্দিন ছিদ্দিকীৰ বাবে আহি আছে ফাঁচীৰ শাস্তি - Nawazuddin as Upendra Nath Rajkhowa

ABOUT THE AUTHOR

...view details