অসম

assam

ETV Bharat / entertainment

অসমৰ শিপিনীৰ পাট কাপোৰ উজলিল সংযুক্তা দত্তৰ ডিজাইনত - DESIGNER SANJUKTA DUTTA

নতুন দিল্লীত ভাৰত টেক্স ২০২৫ত অসম কন্য়াৰ হস্ততাঁত বস্ত্ৰৰ ডিজাইনে মুগ্ধ কৰিলে সহস্ৰজনক ।

Bharat Tax 2025 in New Delhi
নতুন দিল্লীত ভাৰত টেক্স ২০২৫ (@Sanjukta Dutta)

By ETV Bharat Assamese Team

Published : Feb 18, 2025, 7:26 AM IST

গুৱাহাটী : দেশৰ ৰাজধানী চহৰ দিল্লীত এইবাৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অসম কন্যা ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ হস্ততাঁত বস্ত্ৰৰ ডিজাইনে মুগ্ধ কৰিলে অজস্ৰজনক । সোমবাৰে নতুন দিল্লীত অনুষ্ঠিত 'ভাৰত টেক্স ২০২৫'ত তেওঁৰ নতুন ডিজাইনৰ শেহতীয়া বস্ত্ৰ সম্ভাৰৰ সংকলন 'জোনাক-দ্য লাইট অৱ মুন' শীৰ্ষক প্ৰদৰ্শনেৰে দৰ্শকৰ মন্ত্ৰমুগ্ধ কৰিবলৈ সক্ষম হয় ।

'আৰ্থলুম-থ্ৰেডছ অৱ হেৰিটেজ'ৰ অংশ হিচাপে উপস্থাপন কৰা এই সংকলনে অসমীয়া হস্ততাঁত শিল্পকলাৰ কালজয়ী আভিজাত্যক দেশবাসীৰ ওচৰত দাঙি ধৰিলে ডিজাইনাৰগৰাকীয়ে । আলেখ ফাউণ্ডেচনে চিআইটিআই (ভাৰতীয় বস্ত্ৰ উদ্যোগ কনফেডাৰেচন)ৰ সহযোগত নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজন কৰা 'আৰ্থলুম-থ্ৰেডছ অৱ হেৰিটেজ'ত সংযুক্তা দত্তই নিজৰ সৃজনীশীলতাৰে প্ৰদৰ্শন কৰিলে 'জোনাক' নামেৰে নামকৰণ কৰা নিজৰ নতুন ডিজাইনৰ বস্ত্ৰ সম্ভাৰ ।

নতুন দিল্লীত ভাৰত টেক্স ২০২৫ (@Sanjukta Dutta)

ইয়াত আছে ক’লা আৰু ৰঙা ৰঙৰ আকৰ্ষণীয় পেলেটেৰে অসমীয়া হস্ততাঁতৰ শিপিনীৰ হাতৰ যাদু । এক আবেগ, প্ৰত্যয়ৰ প্ৰতীকৰূপে অসমীয়া তাঁতশালৰ উৎপাদিত পাট কাপোৰক অনন্য ৰূপত প্ৰদৰ্শন কৰিবলৈ সক্ষম হয় সংযুক্তা দত্তই ৷ তিনিবাৰৰ ৰাষ্ট্ৰীয় বঁটা বিজয়ী অভিনেত্ৰী তথা পৰিচালক আইমী বৰুৱাই সংযুক্তাৰ ডিজাইন পৰিধান কৰি ৰেম্পত খোজ দি এই অনুষ্ঠানৰ শুভ আৰম্ভণি কৰে । ইফালে, বলীউডৰ অভিনেত্ৰী পুনম ধীলনে সংযুক্তা দত্তৰ শ্ব’ষ্টপাৰ হিচাপে ৰাণৱেত খোজ দি অনুষ্ঠানটোৰ শোভা বঢ়োৱাৰ লগতে প্ৰদৰ্শনীৰ গৰিমা বৃদ্ধি কৰি ডিজাইনসমূহক নতুন মাত্ৰা প্ৰদান কৰে ।

নতুন দিল্লীত ভাৰত টেক্স ২০২৫ (@Sanjukta Dutta)

এই নতুন বস্ত্ৰ সম্ভাৰৰ ডিজাইনৰ প্ৰেৰণাৰ বিষয়ে সংযুক্তা দত্তই কয়," জোনাক-জোনবাইৰ সুকোমল অথচ শক্তিশালী উজ্জ্বলতাৰ প্ৰতি মোৰ শ্ৰদ্ধাঞ্জলি । এই বস্ত্ৰ সম্ভাৰৰ জৰিয়তে অসমীয়া পাট কাপোৰৰ সমৃদ্ধি আধুনিক, সাহসী অভিব্যক্তিৰ সৈতে একত্ৰিত কৰাৰ লক্ষ্যৰে আগবাঢ়িছিলো । ক’লা আৰু ৰঙা ৰং ৰহস্য আৰু আত্মবিশ্বাস দুয়োটাৰে প্ৰতীক, প্ৰতিটো বস্ত্ৰ টুকুৰাকে কালজয়ী আড়ম্বৰৰ বক্তব্য তুলি ধৰিবলৈ চেষ্টা কৰিছো ।” উল্লেখ্য যে এই অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত আছিল কেন্দ্ৰীয় বস্ত্ৰমন্ত্ৰী গিৰিৰাজ সিং আৰু কেন্দ্ৰীয় ৰাজ্যিক বস্ত্ৰমন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা ।

লগতে পঢ়ক:আধুনিকতাৰ পৰশেৰে অসমৰ পৰম্পৰাক উপস্থাপন নতুন দিল্লীত - LAKEME FASHION WEEK 2024

ABOUT THE AUTHOR

...view details