গুৱাহাটী, 8 জুলাই :কিছুদিন পূৰ্বে মুক্তি লাভ কৰা এখন নতুন অসমীয়া ৱেব চিৰিজ 'চুপা-চুপি'। নৱ-প্ৰজন্মৰ পৰিচালক প্ৰণৱ ভৰালীৰ পৰিচালনাৰে নিৰ্মাণ কৰা এই ৱেব চিৰিজখনে মুক্তিৰ পূৰ্বৰে পৰা সামাজিক মাধ্যমত চর্চা লাভ কৰা পৰিলক্ষিত হৈছিল । অৱশ্যে সেই চর্চাৰ এতিয়াও অন্ত পৰা নাই । দৰাচলতে ৱেব চিৰিজখনৰ ট্ৰেইলাৰ মুক্তিৰ পাচতেই একাংশই ৱেব চিৰিজখনৰ কাহিনীভাগ যৌনগন্ধী বুলি ধাৰণা কৰি লৈছিল । লগতে ৱেব চিৰিজখনৰ নামটোক লৈয়ো সামাজিক মাধ্যমত নেটিজেনে সমালোচনা কৰা পৰিলক্ষিত হৈছিল । ইফালে ৱেব চিৰিজখনৰ মুক্তিৰ পাচতো চিৰিজখনৰ কিছু দৃশ্যাংক লৈ বহুতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।
এবাৰ চকু ফুৰাই চোৱাত আপত্তি ক’ত ? প্ৰসংগ "চুপা-চুপি" (ETV Bharat Assam) অসমৰ গ্ৰাম্যজীৱনৰ পটভূমিত নিৰ্মাণ কৰা এই নতুন ৱেব চিৰিজখনৰ কাহিনীভাগত তিনিজন ল'ৰাই নিজৰ যৌৱনকাল প্ৰাপ্তিৰ সময়ছোৱাত কৰা আচৰণ, মোবাইল ফোন অহাৰ পিচত হোৱা নানানটা নেতিবাচক ঘটনাৰ বিষয়ে উপস্থাপন কৰা হৈছে । দশম শ্ৰেণীৰ সেই তিনি ছাত্ৰৰ চৰিত্ৰত অভিনয় কৰিছে কৌশিক ভৰদ্বাজ, সপ্তৰ্ষি গগৈ আৰু জিৎ কলিতাই । ই টিভি ভাৰতৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত ৱেব চিৰিজখনৰ তিনি অভিনেতাই জনাই ৱেব চিৰিজখনৰ সন্দৰ্ভত বহু কথা ।
লগতে পঢ়ক :মোবাইলত নহয় এইবাৰ ৰূপালী পৰ্দাত "বিদুৰভাই" - Assamese film Bidurbhai
ৱেব চিৰিজখনৰ সন্দৰ্ভত মন্তব্য কৰি চিৰিজখনত দীপকৰ চৰিত্ৰত অভিনয় কৰা কৌশিক ভৰদ্বাজে কয়, ‘চিৰিজখনত ৯০ দশকৰ এটা কাহিনী দেখুৱা হৈছে । স্কুলীয়া প্ৰেম, চিঠি লিখাৰ পৰা মোবাইল অহালৈ এই সকলোখিনি ৱেব চিৰিজখনত দেখুওৱা হৈছে । মোৰ চৰিত্ৰটো অকল মোৰে চৰিত্ৰ নহয় আমাৰ তিনিটা চৰিত্ৰক কেন্দ্ৰ কৰি এটা চৰিত্ৰ ৰূপায়িত কৰা হৈছে । ইফালে চাণক্যৰ চৰিত্ৰত অভিনয় কৰা জিৎ কলিতাই এই সন্দৰ্ভত কয়, ‘ৱেব চিৰিজখনত চাণক্য নামৰ যিটো চৰিত্ৰ সেই চৰিত্ৰটোক কেন্দ্ৰ কৰিয়ে গোটেই ৱেব চিজিৰখন হৈছে । চিঠি লিখাৰ পৰা আৰম্ভ কৰি ফোনত কথা পতালৈকে, গছৰ তলত বহি প্ৰেম কৰালৈকে এই সকলোবোৰ চিৰিজখনত উপস্থাপন কৰা হৈছে ।’
আনহাতে ৰূপৰ চৰিত্ৰত অভিনয় কৰা সপ্তৰ্ষি গগৈয়ে কয়, ‘সহজ-সৰল সমাজ এখনৰ কিছুমান সহজ-সৰল মানুহকলৈ ৱেব চিৰিজখন নিৰ্মাণ কৰা হৈছে । আমি যিটো বয়সৰ চৰিত্ৰত অভিনয় কৰিছো, সেইটো এটা সকলো সময়তে ফূৰ্তিত থকা এটা বয়স । সেই সময়ৰ এটা কাহিনী চিৰিজখনত উপস্থাপন কৰা হৈছে ৷’
সমান্তৰালকৈ তিনিওগৰাকী অভিনেতাই ৱেব চিৰিজখনক লৈ হোৱা বিতৰ্কৰ সন্দৰ্ভত কাহিনীভাগ উপভোগ কৰাটো সম্পূৰ্ণৰূপে দৰ্শকৰ দৃষ্টিভংগী বুলি মন্তব্য প্ৰকাশ কৰে । উল্লেখ্য যে, এই নতুন ৱেব চিৰিজখনৰ প্ৰযোজনা কৰিছে হৃষীকেশ পাটগিৰিয়ে । কাহিনী আৰু চিত্ৰনাট্য প্ৰণৱ ভৰালীৰ । চিৰিজখনৰ মুখ্য সহকাৰী পৰিচালক হিচাপে আছে জ্যোতিষ্মান শৰ্মা ।
লগতে পঢ়ক :"বিদুৰভাই" শ্বুটিঙৰ সময়ত কি কি হৈছিল ? ছবিখনক লৈ কি ক’লে পৰিচালক সুব্ৰত কাকতিয়ে - Assamese Movie Bidurbhai