অসম

assam

বহু অসমীয়া ছবিৰ অভিলেখ ভংগ ‘বিদুৰভাই’ৰ - Bidurbhai collection

By ETV Bharat Assamese Team

Published : Jul 22, 2024, 7:27 PM IST

Assamese movie Bidurbhai: বহু প্ৰত্যাশিত অসমীয়া ছবি বিদুৰভাইৰ তিনিদিনৰ মুঠ সংগ্ৰহ 1.24 কোটি টকা । বৰ্তমান ৰাজ্যৰ প্ৰায় 179 টা ছবিগৃহত সগৌৰৱে চলি আছে 'বিদুৰভাই' ছবিখন ।

assamese movie Bidurbhai
বিদুৰভাই (Suvrat Kakoti socia media handle)

গুৱাহাটী, 22 জুলাই :ছবিগৃহত সগৌৰৱেৰে চলি আছে বিদুৰভাই । মুক্তিৰ পূৰ্বৰে পৰা দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিবলৈ সক্ষম হোৱা এই নতুন অসমীয়া ছবিখনৰ মুক্তিৰ প্ৰথম তিনিদিনত মুঠ সংগ্ৰহ 1.24 কোটি টকা । অৰ্থাৎ শুকুৰবাৰ, শনিবাৰ, দেওবাৰৰ এই তিনিদিনত মুঠ সংগ্ৰহ 1.24 কোটি টকা । এই সংগ্ৰহে অসমীয়া ছবিৰ এক নতুন অভিলেখ ৰচিবলৈ সক্ষম হৈছে ।

বিদুৰভাইৰ সংগ্ৰহ (Bidurbhai Team)

বিগত 19 জুলাইত মুক্তিলাভ কৰিছিল নতুন অসমীয়া ছবি 'বিদুৰভাই' এ । ৰাজ্যৰ প্ৰায় 179 টা ছবিগৃহত মুক্তি লাভ কৰিছে 'বিদুৰভাই' ছবিখনে । মুক্তিৰ পূৰ্বৰে পৰা দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে ছবিখনে ৷ মুক্তিৰ দিনাৰ পৰাই হাউচফুল হৈ পৰিছে ৰাজ্যৰ প্ৰায় কেইটা ছবিগৃহৰে প্ৰতিটো দৰ্শনী । ছবিখনৰ মুক্তিৰ তিনিদিন পূৰ্বে খুলি দিয়া হৈছিল আগতীয়াকৈ টিকট বুকিঙৰ ব্যৱস্থা । আগতীয়াকৈ টিকট বুকিঙৰ ব্যৱস্থা মুকলি কৰাৰ লগে লগে মুহূৰ্ততে হাউচফুল হৈ পৰিছিল প্ৰায়কেইটা দৰ্শনী ।

দৰাচলতে 'বিদুৰভাই' ৱেব চিৰিজখনৰ মুক্তিৰ পৰাই 'বিদুৰভাই' ৰ ছিজন ২ লৈ অপেক্ষা কৰি আছিল দর্শকে । পৰৱৰ্তী সময়ত ছবিখনৰ পষ্টাৰ মুক্তিৰ পৰা যি উৎসাহ ৰাইজৰ মাজত দেখিবলৈ পোৱা গৈছিল তাৰ পূৰ্ণ প্ৰকাশ ঘটিলে ছবিখন মুঠ সংগ্ৰহত । Rootstock Entertainments ৰ বেনাৰত সুব্ৰত কাকতিয়ে পৰিচালনা কৰা এই ছবিখনত অভিনয় কৰিছে চুমকী কছাৰী, বলিন বৰা, উজ্জ্বল ৰাজখোৱা, ত্ৰৈলোক্য বৰুৱা, নিতু খনিকৰ, পংকজ মহন্ত, অসীম শৰ্মা, স্নিগ্ধা ফুকন, শৰ্মিষ্ঠা দাস, উদ্দীপনা বৰা, হিৰকজ্যোতি বৰদলৈ, আনন্দ বৰুৱা, আচিফ জাভেদ, দ্বীপমণি খাটনিয়াৰকে আদি কৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে । ছবিখনৰ সংগীত প্ৰণয় দত্তৰ আৰু শব্দ সংমিশ্ৰণ সৌভিক ফুকনৰ । দৃশ্যগ্ৰহণ কৰিছে বিতুল দাসে । প্ৰযোজনাত আছে অৰ্ণৱ হাজৰিকা ৷

লগতে পঢ়ক :অসমৰ আকাশে-বতাহে এতিয়া মাথো বিদুৰভাই; চিনেমা হলত চকী খালী নাই - BIDURBHAI IN BIG SCREEN

অসমবাসীৰ ওচৰত চিৰকৃতজ্ঞ বিদুৰভাইৰ পৰিচালক - Assamese film Bidurbhai

ABOUT THE AUTHOR

...view details