হায়দৰাবাদ :গান হুছন আৰু বাৰিছেইনৰ বাবে জনাজাত ভাৰতীয় গায়ক অনুভ জৈনে তেওঁৰ বিবাহৰ ঘোষণাৰে অনুৰাগীসকলক আচৰিত কৰি তোলে । গায়কজনে অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত তেওঁৰ অন্তৰংগ বিবাহ অনুষ্ঠানৰ ফটো শ্বেয়াৰ কৰে । অনুভে তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিকা হৃদি নাৰঙক সপ্তাহটোৰ অন্তত বিয়া কৰায় ৷
গায়ক-গীতিকাৰ জৈনে 18 ফেব্ৰুৱাৰীত বিবাহৰ এলবামটো শ্বেয়াৰ কৰে, যি দেখি অনুৰাগীসকল আচৰিত হৈ পৰে । ধাৰাবাহিকভাৱে শ্বেয়াৰ কৰা ফটোবোৰত তেওঁৰ গীত জো তুম মেৰে হোৰ গীতৰ এটা অংশ সংলগ্ন কৰি দিয়ে অনুভে, য'ত তেওঁ লিখে, "ঔৰ হা দেখো য়াহা কেইছে আয়ী দো দিলো কি য়ে বাৰাত হে", যিয়ে পোষ্টটোত এটা ৰোমাণ্টিকক স্পৰ্শ যোগ দিয়ে ।
এটা মন্তব্যৰ প্ৰতি সঁহাৰি দি গায়কজনে প্ৰকাশ কৰে যে তেওঁলোক 'সপ্তাহান্তত' বিবাহপাশত আৱদ্ধ হৈছিল । ফটোবোৰত অনুভক এটা সুন্দৰ বেইজ ৰঙৰ শ্বেৰৱানীত দেখা গৈছে, আনহাতে তেওঁৰ পত্নী হৃদিয়ে ৰঙা লেহেংগা পৰিধান কৰিছে । জৈন পাব্লিক ফিগাৰ যদিও তেওঁ ল’-প্ৰফাইল ব্যক্তিত্বৰ বাবেহে জনাজাত ৷ বিয়াৰ পোষ্টটোতো তেওঁ পত্নীক টেগ কৰাৰ পৰা বিৰত থাকে, যি কথাই অনুৰাগীসকলৰ দৃষ্টি আকৰ্ষণ কৰে ।