হায়দৰাবাদ :ব্যক্তিগত জীৱন আৰু চলচ্চিত্ৰৰ মাজেৰে অমৃতা সিঙৰ যাত্ৰা তেওঁৰ কেৰিয়াৰৰ আৰম্ভণিৰ সফলতা আৰু ব্যক্তিগত পৰিৱৰ্তন দুয়োটাই চিহ্নিত কৰিছে ৷ জীৱনৰ সকলো ঘটনাই তেওঁৰ কেৰিয়াৰ আৰু পৰিচয় গঢ়ি তুলিছে । মাত্ৰ ১৮ বছৰ বয়সতে ১৯৮৩ চনত বেতাবৰ মুক্তিৰ লগে লগে তেওঁৰ অভিনয় জীৱন আৰম্ভ হয় । সেই সময়ত, তেওঁ চলচ্চিত্ৰ উদ্যোগৰ জটিলতাবোৰহে কেৱল বুজিবলৈ আৰম্ভ কৰিছিল । সফল আত্মপ্ৰকাশ কৰে তেওঁ উদ্যোগটোত আৰু এগৰাকী জনপ্ৰিয় তাৰকা হৈ ধৰা দিয়ে, যিয়ে মৰ্ড, চামেলি কি শাদী, নাম, ৱাৰিছ, দিল আশনা হে, আইনা (১৯৯৩) আদি চলচ্চিত্ৰত অভিনয় কৰে । এই চলচ্চিত্ৰসমূহে ১৯৮০ ৰ দশকৰ শেষৰ ফালে আৰু ১৯৯০ ৰ দশকৰ আৰম্ভণিতে বলীউডৰ এগৰাকী আগশাৰীৰ তাৰকা হিচাপে তেওঁৰ মৰ্যাদা দৃঢ় কৰি তোলে ।
প্ৰাৰম্ভিক সফলতা লাভ কৰা স্বত্বেও, অমৃতা কেতিয়াও উচ্চাকাংক্ষাৰ দ্বাৰা চালিত হোৱা নাছিল । তেওঁ তেওঁৰ সফলতা উপভোগ কৰিছিল কিন্তু উদ্যোগটোৰ ক্ষণস্থায়ী প্ৰকৃতি বুজি পাইছিল । ব্যক্তিগত জীৱনৰ এক নিৰ্ধাৰিত পৰিৱৰ্তনত অমৃতা ১৯৯১ চনত ছৈফ আলী খানৰ সৈতে বিয়াত বহে । বয়সৰ পাৰ্থক্যৰ বাবে সংবাদ মাধ্যমৰ যথেষ্ট মনোযোগ আকৰ্ষণ কৰে তেওঁলোকৰ সম্পৰ্কই ৷ অমৃতা ছৈফতকৈ ১২ বছৰ ডাঙৰ হোৱাটো তেওঁৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অধ্যায় আছিল । তেওঁ অনুভৱ কৰিছিল যে অভিনয় জীৱনজোৰা সাধনা হয়তো নহ’বও পাৰে, সেয়ে তেওঁ বিয়াৰ পিছত তেওঁৰ পৰিয়ালক অগ্ৰাধিকাৰ দিয়াৰ সিদ্ধান্ত লৈছিল । যদিও তেওঁ লাইমলাইটৰ পৰা আঁতৰি গৈছিল, তেওঁৰ বিবাহৰ সময়ত মুক্তি দিয়া কেইখনমান চলচ্চিত্ৰ যেনে আকাইলা, ৰাজু বান গয়া জেন্টলমেন, সূৰ্যবংশী, আইনা আৰু ৰং আদি ২০০৪ চনলৈকে চলিছিল ।
বিবাহে প্ৰায়ে সুৰক্ষা, সংগী আৰু একেলগে জীৱন ভাগ বতৰা কৰা সপোনৰ অনুভূতি প্ৰদান কৰে । অৱশ্যে অমৃতাৰ ক্ষেত্ৰত বিয়া আত্ম-প্ৰতিফলনৰ কাৰক হৈ পৰিছিল । দ্বিতীয় ইনিংছ আৰম্ভ কৰা অমৃতাই এক দূৰদৰ্শন সাক্ষাৎকাৰত তেওঁৰ বিবাহিত জীৱনৰ বিষয়ে মুকলিকৈ কৈছিল, “বিয়াৰ পিছত মই অলস আৰু আত্মতুষ্ট হৈ পৰিছিলো । কোনোবাই মোক কৈছিল যে মহিলাসকলৰ বাঁহ সাজিবলৈ বহু আগ্ৰহ থাকে, আৰু মই এই বাঁহটোত চৰ্বিযুক্ত অষ্ট্ৰিছৰ দৰে দেখিবলৈ আৰম্ভ কৰিছিলো । মই কেৱল সুখী আছিলোঁ, মোৰ লা-লা দেশত বাস কৰিছিলোঁ ।” পিছলৈ তেওঁ অনুভৱ কৰিছিল যে এই আত্মসন্তুষ্টিৰ অনুভূতিয়ে তেওঁৰ ব্যক্তিগত বিকাশৰ ওপৰত প্ৰভাৱ পেলাইছিল ।
কেৰিয়াৰত আগবাঢ়ি গৈ থকা ছৈফৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা স্বত্বেও অমৃতাই কেতিয়াও তাৰকা পত্নী হোৱাৰ সাধাৰণ চাপৰ সন্মুখীন হোৱা নাছিল । স্বামীক ধুনীয়া মহিলাই আৱৰি থকাৰ বাবে তেওঁ অসুৰক্ষিত অনুভৱ কৰিছে নেকি বুলি সোধাত তেওঁ স্পষ্টভাৱে উত্তৰ দিছিল, “মই যদি পৰম্পৰাগত তাৰকা পত্নী হ'লোহেঁতেন, তেন্তে নিৰাপত্তাহীনতা থাকিলহেঁতেন, যিটো মই নাছিলো । মই তাৰকা পত্নী হোৱাৰ আগতে এগৰাকী তাৰকা আছিলো । সেয়েহে, মোৰ সেই নিৰাপত্তাহীনতা নাছিল ।”