হায়দৰাবাদ : বলীউডৰ অভিনেতাসকল নিজৰ নিজৰ মোটা অংকৰ ধনৰাশিৰ বাবেই পৰিচিত । উদাহৰণস্বৰূপে কাৰ্তিক আৰিয়ানে ভুল ভুলইয়া 2 ৰ বাবে 15 কোটি টকা লোৱা বুলি খবৰ বিয়পি পৰাৰ লগে লগে বহুলভাৱে চৰ্চা লাভ কৰিছিল । এতিয়া তেওঁ ছিকুৱেল ভুল ভুলইয়া 3 ৰ বাবে 45 ৰ পৰা 50 কোটি টকা দাবী কৰাৰ উৰাবাতৰি প্ৰচাৰ হৈ আছে। ইয়াৰ মাজতো কিন্তু চলচ্চিত্ৰ জগতত এনে কিছুমান দৃষ্টান্ত আছে য’ত অভিনেতাসকলে আৰ্থিক লাভৰ সলনি আবেগ, সম্পৰ্ক বা সৃষ্টিশীল সন্তুষ্টিক অগ্ৰাধিকাৰ দিছে । ইয়াত আমি ছজন উল্লেখনীয় বলীউডৰ তাৰকাক অন্বেষণ কৰিছো যিসকলে এটকাও নোলোৱাকৈ ছবিত অভিনয় কৰিছিল ।
1. অমিতাভ বচ্চন
পাঁচ দশক ধৰি দৰ্শকৰ হৃদয় জয় কৰি অহা কিংবদন্তি অভিনেতা অমিতাভ বচ্চনে বহু সময়ত প্ৰমাণ কৰি আহিছে যে তেওঁ আৰ্থিক লাভতকৈ চিনেমাৰ শিল্পক অধিক গুৰুত্ব দিয়ে । ইয়াৰ এটা উল্লেখযোগ্য উদাহৰণ হিচাপে ক’ব লাগিব 2005 চনৰ সঞ্জয় লীলা ভাঞ্চালীৰ ব্লেক ছবিখনৰ কথা । চিত্ৰনাট্যৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত হৈ বচ্চনে কোনো পাৰিশ্ৰমিক নোলোৱাকৈ ছবিখনত কাম কৰাৰ সিদ্ধান্ত লয় । ৰাণী মুখাৰ্জীয়ে অভিনয় কৰা ছবিখনে এক সমালোচনামূলক আৰু বাণিজ্যিক সফলতা লাভ কৰে, বচ্চনৰ অভিনয়ক তেওঁৰ অন্যতম শ্ৰেষ্ঠ অভিনয় হিচাপে অভিহিত কৰা হয় ।
আন এক উদাৰতাৰ প্ৰসংগত লেখক-চলচ্চিত্ৰ নিৰ্মাতা ৰুমী জাফ্ৰিয়ে 2021 চনৰ চেহৰে ছবিত বচ্চন জড়িত থকাৰ কাহিনী প্ৰকাশ কৰে । জাফ্ৰিৰ মতে, বচ্চনে কেৱল পাৰিশ্ৰমিক ল’বলৈ অস্বীকাৰ কৰাই নহয়, ছবিখনৰ বাজেটত যাতে কোনো প্ৰভাৱ নপৰে তাৰ বাবে পোলেণ্ডত ভ্ৰমণ আৰু থকাৰ খৰচো দিছিল । এটা প’ডকাষ্ট শ্ব’ত দিয়া এক সাক্ষাৎকাৰত জাফ্ৰিয়ে কয় যে বাজেটৰ অভাৱৰ বাবে প্ৰযোজক আনন্দ পণ্ডিতে প্ৰথমতে বচ্চনৰ কাষ চাপিবলৈ দ্বিধাবোধ কৰিছিল । তেওঁলোকক আচৰিত কৰি ছুপাৰষ্টাৰগৰাকীয়ে ঘোষণা কৰিছিল এইদৰে, "এই ছবিখনৰ বাবে মই একো চাৰ্জ নকৰো । মই বিনামূলীয়াকৈ কৰিম ।"
2. শ্বাহৰুখ খান
বলীউডৰ চুপাৰষ্টাৰ শ্বাহৰুখ খান, যি তেওঁৰ ব্যক্তিত্ব আৰু গোলকীয় আবেদনৰ বাবে জনাজাত, তেৱোঁ মাচুল নোলোৱাকৈ কেইবাটাও প্ৰকল্পত কাম কৰিছে । তাৰ ভিতৰত নাম ল’ব পাৰি ভূতনাথ, ক্ৰেজী 4 আৰু দুলহা মিল গয়াৰ দৰে চলচ্চিত্ৰৰ ৷ এইবোৰত তেওঁ কেমিঅ' চৰিত্ৰত অভিনয় কৰিছে ।
তদুপৰি আৰ মাধৱনৰ ৰকেটৰী: দ্য নাম্বি ইফেক্ট আৰু কমল হাছানৰ তামিল ছবি হে ৰামত অভিনয় কৰা খানে কোনোধৰণৰ পাৰিশ্ৰমিক গ্ৰহণ কৰা নাছিল । মাধৱনে প্ৰকাশ কৰে যে ৰকেটৰ কাহিনী আৰু প্ৰজেক্টটোৰ আঁৰৰ আবেগক লৈ খান ইমানেই আপ্লুত হৈছিল যে টকাৰ বিষয়ে আলোচনা নকৰাকৈয়ে তেওঁ লগে লগে ছবিখনৰ অংশ হ’বলৈ সন্মত হৈছিল । তেওঁৰ এই সহযোগিতাই এই ছবিবোৰত দৃশ্যমানতা আৰু বিশ্বাসযোগ্যতা দুয়োটা দিশতে অপৰিসীম মূল্য সংযোজন কৰিছিল ।
3. দীপিকা পাডুকন
আজি, দীপিকা পাডুকন বলীউডৰ সৰ্বাধিক উপাৰ্জন কৰা তাৰকাসকলৰ মাজৰ এগৰাকী, কিন্তু তেওঁৰ প্ৰথম ছবি ওম শান্তি ওম (2007)ৰ সময়ত, এটকাও নোলোৱাকৈ কাম কৰিছিল । ফাৰাহ খানৰ দ্বাৰা পৰিচালিত আৰু শ্বাহৰুখ খান অভিনীত এই ছবিখনে পাডুকনৰ বলীউডত বিশাল প্ৰৱেশ চিহ্নিত কৰে । প্ৰতিবেদন অনুসৰি পাডুকনে এছ আৰ কেৰ সৈতে কাম কৰা আৰু ইমান ডাঙৰ প্ৰকল্পৰ অংশ হ'বলৈ পাই ইমানেই ৰোমাঞ্চিত হৈছিল যে টকাৰ কথা শেষতহে তেওঁৰ মনলৈ আহিছিল । ছবিখন ব্লকবাষ্টাৰ হোৱাটোৱে তেওঁ তেওঁৰ সিদ্ধান্তৰ প্ৰতি গৰ্বিত কৰি তুলিছিল ।
4. শ্বাহিদ কাপুৰ
তীব্ৰ অভিনয় আৰু চৰিত্ৰৰ প্ৰতি দায়বদ্ধতাৰ বাবে পৰিচিত শ্বাহিদ কাপুৰে 2014 চনৰ সমালোচকৰ প্ৰশংসিত ছবি হায়দাৰৰ বাবে পাৰিশ্ৰমিক লোৱা নাছিল । বিশাল ভৰদ্বাজৰ পৰিচালনাত শ্বেক্সপীয়েৰৰ হেমলেটৰ এই অভিযোজনখনৰ কলাত্মক দৃষ্টিভংগী বজাই ৰাখিবলৈ কটকটীয়া বাজেটৰ প্ৰয়োজন হৈছিল । অসুবিধাবোৰ বুজি শ্বাহিদে সিদ্ধান্ত ল’লে যে কোনো ধৰণৰ মাচুল নলয় যাতে ছবিখন আপোচ নকৰাকৈ নিৰ্মাণ কৰিব পৰা যায় । 2023 চনৰ আৰম্ভণিতে নিউজৱায়াৰৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অভিনেতাগৰাকীয়ে প্ৰকাশ কৰিছিল যে তেওঁৱেই একমাত্ৰ বিনা পাৰিশ্ৰমিকত কাম কৰিছিল । তেওঁ বুজাই দিলে যে তেওঁৰ সাধাৰণ পাৰিশ্ৰমিক ছবিখনৰ বাজেটতকৈ বেছি আছিল আৰু নিৰ্মাতাসকলে স্পষ্টকৈ কৈছিল যে তেওঁক ধন দিলে প্ৰকল্পটো সম্পূৰ্ণ কৰাটো অসম্ভৱ হৈ পৰিব ।
প্ৰকল্পটোৰ প্ৰতি অভিনেতাজনৰ সমৰ্পণ তেওঁৰ শিৰোনাম চৰিত্ৰৰ শক্তিশালী চিত্ৰায়নত স্পষ্ট হৈছিল, যাৰ ফলত তেওঁ কেইবাটাও বঁটা আৰু ব্যাপক প্ৰশংসা লাভ কৰিছিল । কাপুৰৰ এনে মনোভাৱে কেৱল ছবিখনৰ প্ৰযোজনাক সমৰ্থন কৰাই নহয় বৰঞ্চ বিত্তীয় লাভতকৈ কাহিনী কোৱাক অগ্ৰাধিকাৰ দিয়াত তেওঁৰ বিশ্বাসো প্ৰদৰ্শন কৰিছিল ।
5. ছলমান খান
বলীউডৰ ভাইজান ছলমান খান উদ্যোগটোৰ বন্ধু-বান্ধৱীসকলক সহায়ৰ হাত আগবঢ়োৱাৰ ক্ষেত্ৰত ভালদৰে জনাজাত । 2009 চনৰ ৰোমান্টিক কমেডী আজব প্ৰেম কি গজব কাহানীত ছলমানে ৰণবীৰ কাপুৰ আৰু কেটৰিণা কাইফৰ সৈতে কেমিঅ’ অভিনয় কৰিছিল । চমু কিন্তু স্মৰণীয় ভূমিকাৰ বাবে তেওঁ কোনো পাৰিশ্ৰমিক লোৱা নাছিল বুলি জানিব পৰা গৈছে । সতীৰ্থতা আৰু উদাৰতাৰ বাবে পৰিচিত ছলমানে প্ৰায়ে পাৰিশ্ৰমিক দাবী নকৰাকৈ বন্ধু-বান্ধৱ আৰু সহকৰ্মীৰ ছবিত বিশেষ চৰিত্ৰত অভিনয় কৰি আহিছে ।
6. নৱাজুদ্দিন ছিদ্দিকী
অভিনয়ৰ দক্ষতাৰ বাবে জনাজাত নৱাজুদ্দিন ছিদ্দিকীয়ে 2018 চনৰ নন্দিতা দাসৰ পৰিচালনাত নিৰ্মিত বায়’পিক মাণ্টোত উৰ্দুৰ আইকনিক লেখক সাদাত হাছান মাণ্টোক জীৱন্ত কৰি তুলিছিল । চৰিত্ৰটোৰ তাৎপৰ্য আৰু ছবিখনৰ সীমিত বাজেটক স্বীকাৰ কৰি ছিদ্দিকীয়ে কোনো পাৰিশ্ৰমিক নোলোৱাকৈ কাম কৰিবলৈ বাছি লৈছিল । পৰিচালক নন্দিতা দাসে ৱেবলয়ডৰ সৈতে হোৱা এক মত বিনিময়ত ছিদ্দিকীৰ নিঃস্বাৰ্থতাৰ বাবে প্ৰশংসা কৰি মন্তব্য কৰে যে প্ৰকল্পটোৰ তাৎপৰ্য যিয়েই নহওক কিয় অভিনেতাসকলে নিজৰ পাৰিশ্ৰমিক ৰেহাই দিয়াটো বিৰল ।
লগতে পঢ়ক :অসমীয়া ছবি: মুঠিৰ পৰা বালি সৰকা দি সৰি গ'ল বছৰটো, দি গ'ল সুখৰ অনুভৱ