অসম

assam

মুক্তিলৈ মাজত এদিন: বিদুৰভাই চাবলৈ ৰাইজৰ হেতা-ওপৰা; আগতীয়াকৈয়ে হাউচফুল - BIDURBHAI

By ETV Bharat Assamese Team

Published : Jul 17, 2024, 11:03 AM IST

Assamese Film Bidurbhai: মুক্তিৰ পূৰ্বেই বিভিন্ন ঠাইত প্ৰায় হাউচফুল হোৱা দেখিবলৈ পোৱা গৈছে ‘বিদুৰভাই’ ৰ শ্ব’ ৷ ১৯ জুলাইত মুক্তি লাভ কৰিবলগীয়া ছবিখনৰ বাবে আশাৰে বাট চাই ৰৈছে সকলোৱে ।

Bidurbhai
হাউচফুল বিদুৰভাইৰ শ্ব’ (ETV Bharat Assam)

গুৱাহাটী, 17 জুলাই : এক দীঘলীয়া প্ৰতীক্ষাৰ অন্তত দৰ্শকৰ মাজলৈ আহি আছে জনপ্ৰিয় ৱেব চিৰিজ বিদুৰভাইৰ চিনেমা সংস্কৰণ বিদুৰভাই ৷ শুকুৰবাৰে, অৰ্থাৎ ১৯ জুলাইত ছবিগৃহলৈ আহি আছে নতুন অসমীয়া ছবি বিদুৰভাই । ৱেব চিৰিজখনৰ অভূতপূৰ্ব সফলতাৰ পাচত ছবি হিচাপে ১৯ জুলাইত মুক্তি দিবলৈ আগবাঢ়িছে বিদুৰভাইৰ নিৰ্মাতাই । ইতিমধ্যে ছবিখনকলৈ দৰ্শকৰ মাজত দেখিবলৈ পোৱা গৈছে বিশেষ চর্চা ।

ছবিখনৰ মুক্তিৰ পূৰ্বেই ইতিমধ্যে মুকলি কৰা হৈছে আগতীয়াকৈ টিকট বুকিঙৰ ব্যৱস্থা । গুৱাহাটী, বঙাইগাঁও, তিনিচুকীয়া, ৰঙিয়া, মৰিগাঁও, নগাঁও, নাজিৰা, সোণাৰী, যোৰহাটৰ বহুকেইটা ছবিগৃহত মুকলি কৰা হৈছে আগতীয়াকৈ টিকট বুকিং ব্যৱস্থা । য’ত ইতিমধ্যে দৰ্শকৰ যথেষ্ট সঁহাৰি পৰিলক্ষিত হৈছে । মুক্তিৰ পূৰ্বেই বহুকেইটা ছবিগৃহতে এতিয়া হাউচফুল বিদুৰভাইৰ শ্ব’ ।

লগতে পঢ়ক :‘বেহাৰবাৰী আউটপোষ্ট’ খ্যাত চুমকী কছাৰীয়ে সঁচাকৈয়ে ভয় কৰে নেকি শিঙিমাছলৈ ? - ASSAMESE FILM BIDURBHAI cast

মাইক্ৰফাইনেন্স, বিত্তীয় প্ৰতিষ্ঠানৰ কৰাল গ্ৰাসত পৰা অসমৰ গ্ৰাম্য সমাজৰ লগতে লকডাউনৰ বাবে দেখা দিয়া চৰম আৰ্থিক অনাটন, গ্ৰামাঞ্চলৰ মহিলা গোটৰ সুখ-দুখসমূহকে কাহিনীৰ আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা হৈছিল অসমীয়া ৱেব চিৰিজ বিদুৰভাই ৷ প্ৰায় দুবছৰ পূৰ্বে মুক্তি লাভ কৰা ৱেব চিৰিজখনৰ প্ৰতিটো খণ্ডই ৰাইজৰ মাজত জনপ্ৰিয় হৈ পৰা পৰিলক্ষিত হৈছিল । ৱেব চিৰিজখনৰ অভূতপূৰ্ব সফলতাৰ পাছত এতিয়া ছবি আকাৰে আহি আছে ‘বিদুৰভাই’ ।

Rootstock Entertainments ৰ বেনাৰত পৰিচালক সুব্ৰত কাকতিয়ে পৰিচালনা কৰা এই ছবিখনত অভিনয় কৰিছে চুমকী কছাৰী, বলিন বৰা, উজ্জল ৰাজখোৱা, ত্ৰৈলোক্য বৰুৱা, নিতু খনিকৰ, পংকজ মহন্ত, অসীম শৰ্মা, স্নিগ্ধা ফুকন, শৰ্মিষ্ঠা দাস, উদ্দীপনা বৰা, হিৰকজ্যোতি বৰদলৈ, আনন্দ বৰুৱা, আচিফ জাভেদ, দ্বীপমণি খাটনিয়াৰকে আদি কৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে । ছবিখনৰ সংগীত প্ৰণয় দত্তৰ আৰু শব্দ সংমিশ্ৰণ কৰিছে সৌভিক ফুকনে । দৃশ্যগ্ৰহণ কৰিছে বিতুল দাসে । প্ৰযোজনা অৰ্ণৱ হাজৰিকাৰ, আনহাতে কাহিনী, চিত্ৰনাট্য-সংলাপ সুব্ৰত কাকতিৰ ।

লগতে পঢ়ক :মোবাইলত নহয় এইবাৰ ৰূপালী পৰ্দাত "বিদুৰভাই" - Assamese film Bidurbhai

ABOUT THE AUTHOR

...view details