চিটাৰা ডেস্ক, 3 এপ্ৰিল :তাৰকা বুলিলে আমি সদায় বিলাসী জীৱন যাপন বুলিয়ে ভাবি আহিছো, দেখি আহিছো, শুনি আহিছো ৷ পেছাগত জীৱনত বাদেই দিয়ক, ব্যক্তিগত জীৱনটো কেতিয়াও ইয়াৰ ব্যতিক্ৰম দেখা নাই ৷ খুব কম সংখ্যকহে এনেকুৱা চেলেব্ৰিটী আছে যিয়ে সাধাৰণভাৱে থাকি ভাল পায় ৷ কিন্তু যি হ’লেও তেওঁলোকে ব্যৱহাৰ কৰা বস্তুবোৰতো আৰু কমদামী নহয় ৷ সকলোৱে অৱশ্যেই নিজৰ পছন্দৰ ব্ৰেণ্ড অনুসৰণ কৰে ৷
পিছে এগৰাকী অভিনেত্ৰী এতিয়া তেওঁ পৰিধান কৰা শাৰী এখনৰ বাবে চৰ্চালৈ আহিছে ৷ অভিনেত্ৰী অদা শৰ্মা ৷ প্ৰায়ে বিভিন্ন কাৰণত চৰ্চাত থাকে অভিনেত্ৰীগৰাকী ৷ পুৰুষসকলৰ মাজত যথেষ্ট জনপ্ৰিয় অদা শৰ্মা ৷ সাংঘাতিক মৰমলগা অভিনেত্ৰীগৰাকীৰ উপস্থাপন শৈলী ৷ অলপতে অভিনেত্ৰীগৰাকীক পাপাৰাজ্জীয়ে মুম্বাইৰ দোকান এখনৰ বাহিৰত প্ৰত্যক্ষ কৰিছিল ৷ শাৰী লুকত অহা অভিনেত্ৰীগৰাকীয়ে হাঁহি-মাতি পাপাৰাজ্জীৰ সৈতে মত বিনিময় কৰে ৷
অভিনেত্ৰী অদা শৰ্মাক তেওঁ শাৰী লুকটোৰ বাবে পাপাৰাজ্জীয়ে প্ৰশংসা কৰে ৷ প্ৰশংসাৰ লগতে ধেমালিতে শাৰীখনৰ দাম সোধে তেওঁলোকে অভিনেত্ৰীগৰাকীক ৷ সকলোকে আচৰিত কৰি অদা শৰ্মাই ক’লে যে শাৰীখনৰ দাম 15 টকা ৷ হয় আপুনি ঠিকেই পঢ়িছে, 15 টকা ৷ মাত্ৰ 15 টকা অদা শৰ্মাই পৰিধান কৰা শাৰীখনৰ দাম ৷ এখন শাৰীৰ দাম 15 টকা হ’ব পাৰেনে ? মুদ্ৰাস্ফীতিৰ যুগত অভিনেত্ৰীগৰাকীয়ে 15 টকীয়া শাৰী পিন্ধাৰ কথাটোৱে সকলোকে ভবাই তুলিছে ৷