অসম

assam

ETV Bharat / entertainment

ই ডিৰ জেৰাৰ পিছত মা কামাখ্যাৰ আশিস ল’লে অভিনেত্ৰী তামান্না ভাটিয়াই

পিতৃ-মাতৃৰ সৈতে শুকুৰবাৰে নীলাচল পাহাৰস্থিত কামাখ্যা মন্দিৰত উপস্থিত অভিনেত্ৰী তামান্না ভাটিয়া ৷

By ETV Bharat Entertainment Team

Published : 5 hours ago

Updated : 4 hours ago

actor Tamannaah Bhatia visits maa kamakhya temple with parents after questioned by ED
মা কামাখ্যাৰ আশিস ল’লে অভিনেত্ৰী তামান্না ভাটিয়াই (ETV Bharat Assam)

গুৱাহাটী : ই ডিৰ জেৰাৰ পিছত সপৰিয়ালে মা কামাখ্যা মন্দিৰত উপস্থিত হয় বলীউডৰ মোহময়ী অভিনেত্ৰী তামান্না ভাটিয়া ৷ পিতৃ-মাতৃৰ সৈতে শুকুৰবাৰে পুৱাই নীলাচল পাহাৰৰ বুকুত থকা মা কামাখ্যা মন্দিৰত উপস্থিত হয় অভিনেত্ৰীগৰাকী । কামাখ্যা মন্দিৰত উপস্থিত হৈ পূজা অৰ্চনা কৰে অভিনেত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে বৃহস্পতিবাৰে গুৱাহাটীলৈ আহিছিল অভিনেত্ৰী তামান্না ভাটিয়া ৷ মহাদেৱ বেটিং এপৰ প্ৰমোশ্যন সন্দৰ্ভত তামান্নাক গুৱাহাটীৰ ই ডিৰ কাৰ্যালয়লৈ চমন দিয়া হৈছিল ৷ প্ৰায় 4 ঘণ্টাজুৰি ই ডিয়ে অভিনেত্ৰীগৰাকীক জেৰা চলায় ৷ বৃহস্পতিবাৰে দিনৰ প্ৰায় ১:২৫বজাত গুৱাহাটীৰ ই ডিৰ কাৰ্যালয়ত আহি উপস্থিত হয় অভিনেত্ৰীগৰাকী । তেতিয়াৰে পৰা নিশা 9 বজালৈকে ই ডিয়ে তেওঁক ধাৰাবাহিক জেৰা চলায় ৷ ই ডিৰ কাৰ্যালয়ৰ পৰা ওলোৱাৰ পিছত পিতৃ-মাতৃসহ অভিনেত্ৰীগৰাকী ৰাওনা হয় হোটেল ৰেডিছন ব্লুলৈ ৷

মা কামাখ্যাৰ আশিস ল’লে অভিনেত্ৰী তামান্না ভাটিয়াই (ETV Bharat Assam)

অনলাইন 'জুৱা'ৰ প্ৰচাৰত অংশ লৈ ই ডিৰ জেৰাৰ সন্মুখীন হৈছে বলীউডৰ মোহময়ী অভিনেত্রী তামান্না ভাটিয়া । অনলাইন বেটিং এপ 'এইচ পি জেড-টোকেন' মোবাইল এপৰ প্ৰচাৰ চলোৱাৰ অভিযোগত এনফ'ৰ্চমেণ্ট ডাইৰেক্টৰেট চমুকৈ ই ডিৰ জেৰাৰ সন্মুখীন হয় বলীউডৰ অভিনেত্ৰীগৰাকী । ই ডিৰ চমনৰ ভিত্তিতে বৃহস্পতিবাৰে বিমানযোগে পিতৃ-মাতৃ আৰু ভাতৃৰ সৈতে গুৱাহাটীত উপস্থিত হৈছিল তামান্না । ইয়াৰ পাছতেই পোনে পোনে দিনৰ 1.25 বজাত ই ডিৰ কাৰ্যালয়ত হাজিৰ হয় 34 বছৰীয়া মোহময়ী অভিনেত্ৰীগৰাকী ।

মন কৰিবলগীয়া যে, কেইবাবাৰো মহাৰাষ্ট্ৰ ই ডিয়ে চমন দিছিল তামান্নাক । কিন্তু ই ডিয়ে গুৱাহাটীলৈ তেওঁক কিয় পঠিয়ালে সেই কথা স্পষ্টকৈ প্ৰকাশ কৰা নাই ৷ অনুমান কৰা হৈছে যে মহাৰাষ্ট্ৰৰ গোচৰৰ সংক্ৰান্ততে তেওঁক গুৱাহাটীত সোধা-পোছা কৰিছে ই ডিয়ে ৷ তামান্না ভাটিয়াক সোধা-পোছা কৰাৰ লগতে তেওঁৰ ভাষ্য লিপিবদ্ধ কৰি যাবলৈ দিয়া হয় ।

লগতে পঢ়ক :ই ডিয়ে গুৱাহাটীলৈ মাতি আনি জেৰা চলালে বলীউড অভিনেত্ৰী তামান্না ভাটিয়াক

Last Updated : 4 hours ago

ABOUT THE AUTHOR

...view details