অসম

assam

ETV Bharat / business

অতি কম প্ৰিমিয়ামতে ডাকঘৰৰ এই বীমাই লাখপতি কৰিব আপোনাক ! - INSURANCE POLICIES

ডাকঘৰৰ এই দুখন জীৱন বীমা পলিচীৰ বিষয়ে আপুনি জানেনে ? আন বীমা কোম্পানীতকৈ কি কি অধিক সুবিধা আছে এই বীমাত ?

INDIA POST
ভাৰতীয় ডাক (Getty Images)

By ETV Bharat Assamese Team

Published : Nov 11, 2024, 6:26 PM IST

Updated : Nov 13, 2024, 3:31 PM IST

গুৱাহাটী: জীৱন বীমা কৰিব বিচাৰিছে নেকি আপুনি ? আজিয়েই ডাকঘৰলৈ আহক আৰু জীৱন বীমা সেৱা গ্ৰহণ কৰক । ভাৰতীয় ডাক বিভাগে বিভিন্ন সেৱাৰ লগতে দুই ধৰণে ডাক জীৱন বীমা আগবঢ়াইছে । ডাক জীৱন বীমা আঁচনি আৰু গ্ৰামীণ ডাক জীৱন বীমা । ডাক জীৱন বীমা আঁচনি চৰকাৰী চাকৰিয়াল, স্নাতক আৰু ডিপ্লমাধাৰীসকলৰ বাবে আৰু গ্ৰাম্য ডাক জীৱন বীমা আঁচনি সৰ্বসাধাৰণৰ বাবে । এই জীৱন বীমাৰ মূল উদ্দেশ্য হৈছে কম প্ৰিমিয়াম, সৰ্বাধিক বোনাচ প্ৰদান ৷

ডাক জীৱন বীমা আঁচনি

ভাৰতবৰ্ষৰ সবাতোকৈ পুৰণি জীৱন বীমা হৈছে ডাক জীৱন বীমা আঁচনি । ১৮৮৪ পহিলা ফেব্ৰুৱাৰীৰ পৰা প্ৰথমবাৰৰ বাবে আৰম্ভ হৈছিল এই বীমা । প্ৰথম অৱস্থাত ডাক কৰ্মচাৰীসকলক এই বীমাৰ সুবিধা দিয়া হৈছিল । ১৮৮৮ চনত টেলিগ্ৰাফ বিভাগৰ কৰ্মচাৰীসকলক এই সুবিধা দিছিল । ১৮৯৪ চনৰ পৰা মহিলা কৰ্মচাৰীসকলক এই বীমাৰ সুবিধা প্ৰদান কৰিছিল । তেতিয়াৰে পৰা এই বীমা চলি আহিছে ।

কোনো কোনে লাভ কৰিব পাৰিব এই বীমাৰ সুবিধা ?

ডাক জীৱন বীমা আঁচনিৰ জনপ্ৰিয়তা দেখি শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সকলো বিভাগৰ কৰ্মচাৰী, যুটীয়া উদ্যোগ, স্বায়ত্তশাসিত সংস্থাসমূহ, প্ৰতিৰক্ষা/অর্ধসামৰিক বাহিনী, বেংক কর্মচাৰী, ক্রেডিট সমবাস সমিতি, বিবেচিত বিশ্ববিদ্যালয় আৰু শৈক্ষিক প্রতিষ্ঠানৰ কৰ্মচাৰী, স্থানীয় সংস্থাসমূহ, চিকিৎসক, অভিযন্তা, ব্যৱস্থাপনা উপদেষ্টা, চার্টার্ড একাউন্টেন্ট, স্থপতিবিদ, অধিবক্তা, বিএছই, এন.এছ.ই. তালিকাভুক্ত কোম্পানীসমূহৰ কৰ্মচাৰী আৰু ১৯ বছৰৰ পৰা ৫৫ বছৰ বয়সৰ স্নাতক, ডিপ্লমাধাৰী সকলোৱেই এই সুবিধা লাভ কৰিব ।

ডাক জীৱন বীমা আঁচনিৰ লাভ:

এই জীৱন বীমা আঁচনি ভাৰত চৰকাৰৰ অধীনৰ বাবে ১০০ শতাংশ সুৰক্ষা । ইউ/ এছ ৮০ চিৰ অধীনত আয় কৰ ৰেহাই, কম প্ৰিমিয়াম অধিক লাভ । বিনা খৰচত ভাৰতৰ যিকোনো ঠাইলৈ বদলি কৰিব পাৰি । জীৱন বীমাৰ তিনি বছৰ প্ৰিমিয়াম দিলে ঋণ লাভ কৰিব । প্ৰতি মাহে ১০০ টকাকৈ প্ৰিমিয়াম দিয়াৰ সুবিধা আছে । নিম্নতম ২০ হাজাৰ টকাৰ পৰা সৰ্বাধিক ৫০ লাখ টকাৰ জীৱন বীমা কৰাৰ সুবিধা । প্ৰতি হাজাৰত ৪২ টকাৰ পৰা ৭২ টকা পৰ্যন্ত বোনাচৰ সুবিধা । এই বীমাৰ সুবিধা ৫ বছৰৰ পৰা ৩০ বছৰ পৰ্যন্ত কৰিব পাৰি ।

আন কোম্পানীৰ জীৱন বীমাতকৈ কিয় পৃথক ডাক জীৱন বীমা

পলিচীৰ সবিশেষ ডাকঘৰ অন্য প্ৰতিষ্ঠান
মুঠ বীমাৰ বছৰ 15 15
বীমাত প্ৰৱেশৰ বয়স 30 30
নিশ্চিত ৰাশি 1,00,000 1,00,000
মাহেকীয়া কিস্তি 579 623
মুঠ দিবলগীয়া ধন 104220 112140
পাবলগীয়া ধন 178000 158000
ৰিটাৰ্ণ ৰেট 6.62 4.34


কেনেকৈ লাভ কৰিব জীৱন বীমাৰ সুবিধা:

আপোনাৰ ঘৰৰ কাষৰ ডাকঘৰলৈ গৈ পোষ্ট মাষ্টৰৰ সৈতে যোগাযোগ কৰি জীৱন বীমাৰ বিষয়ে জানি এই সুবিধা লাভ কৰিব পাৰিব । জীৱন বীমাৰ প্ৰিমিয়াম নেট বেংকিং, ইউ পি আইৰ জৰিয়তে দিব পাৰে ।

গ্ৰামীণ ডাক জীৱন বীমা:

গাঁৱৰ স্থায়ী ঠিকনা থকা লোকে লাভ কৰিব এই জীৱন বীমা । এই বীমাত সৰ্বাধিক ১০ লাখলৈ কৰিব পাৰিব । আয়কৰ ৰেহাই, ভাৰতৰ যিকোনো ডাকঘৰৰ কাউন্টাৰত প্ৰিমিয়াম পৰিশোধ কৰাৰ সুবিধা আছে এই বীমাত ।

ডাক জীৱন বীমা সন্দৰ্ভত ডাক বিভাগৰ অসম শাখাৰ ডাক জীৱন বীমাৰ সহকাৰী অধীক্ষক মিতালী পি ডি গগৈয়ে কয়, "পূৰ্বতে কিছুসংখ্যক মানুহৰ মাজতে ডাক জীৱন বীমা আবদ্ধ আছিল । কিন্তু শেহতীয়াকৈ গ্ৰাহকৰ পৰিসৰ বৃদ্ধি পাইছে । বিগত দুটা বছৰত গ্ৰাহকৰ সংখ্যা বৃদ্ধি পাইছে । ১০০% সুৰক্ষিত বীমা লাভ কৰাৰ বাবেই গ্ৰাহকৰ সংখ্যা বাঢ়িছে ।"

লগতে পঢ়ক:ৰাজ্যৰ কোন কোন স্থানত আছে ডাকঘৰ পাছপ'ৰ্ট কেন্দ্ৰ ? ডাকঘৰ জীৱন বীমাৰ সুবিধা কি ?

আশ্চৰ্যজনক সুবিধা ! কৰ সঞ্চয়ৰ লগতে কেনেদৰে ধন উপাৰ্জন কৰিব পাৰি জানক - POST OFFICE SCHEME

ডাকঘৰ এইসমূহ আঁচনিয়ে আপোনাক দিব 8.2% পৰ্যন্ত সুদ ! দ্ৰুততাৰে সুৰক্ষিতভাৱে বৃদ্ধি হ'ব সঞ্চয় - High Return Post Office Schemes

Last Updated : Nov 13, 2024, 3:31 PM IST

ABOUT THE AUTHOR

...view details