অসম

assam

বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ৰোপৱে' প্ৰকল্প নিৰ্মাণ হ'ব ভাৰতত; ক'ত আৰু কেতিয়া ? - Shimla Ropeway Project

By ETV Bharat Assamese Team

Published : Aug 1, 2024, 11:26 AM IST

Shimla Ropeway Project : ১৭৩৪.৪০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া এই ৰোপৱে'ত প্ৰথমতে প্ৰতিঘণ্টাত ২,০০০ লোকক পৰিবহণ কৰাৰ ক্ষমতা থাকিব । ২০৫৯ চনৰ ভিতৰত এই ৰোপৱে'ক দুয়োফালৰ পৰা ভ্ৰমণ কৰিবৰ বাবে পৰিবহণ ক্ষমতা ৬,০০০ লোকলৈ বৃদ্ধি কৰা হ'ব ।

Shimla Ropeway Project
চিমলা ৰোপৱে' প্ৰকল্পৰ মডেল প্ৰদৰ্শন (ETV Bharat)

নিউজ ডেস্ক, ১ আগষ্ট :বিশ্বৰ বুকুত এক অনন্য অভিলেখ সৃষ্টি কৰিবলৈ আগবাঢ়িছে ভাৰতে । এইবাৰ এই অভিলেখ ভাৰতৰ অন্যতম প্ৰাকৃতিক তথা মনোমোহা ৰাজ্য হিমাচল প্ৰদেশত স্থাপন হ'ব । কিয়নো হিমাচল প্ৰদেশত নিৰ্মাণ হ'বলৈ গৈ আছে বিশ্বৰ দ্বিতীয় সৰ্বাধিক দৈৰ্ঘৰ ৰোপৱে' প্ৰকল্প ।

হিমাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী মুকেশ অগ্নিহোত্ৰীয়ে বুধবাৰে এই সন্দৰ্ভত তথ্য প্ৰকাশ কৰি কয় যে ৰাজ্যৰ ৰাজধানী চিমলাত ভিৰ কম কৰাৰ লক্ষ্যৰে বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ৰোপৱে' প্ৰকল্প, ১৩.৭৯ কিলোমিটাৰ দৈৰ্ঘৰ চিমলা ৰোপৱে' প্ৰকল্পৰ নিৰ্মাণকাৰ্য ২০২৫ চনৰ ১ মাৰ্চ তাৰিখে আৰম্ভ হ'ব ।

ফৰেষ্ট ক্লিয়াৰেন্স এক্টৰ (এফ চি এ) অধীনত বন বিভাগৰ অনুমতিৰ বাবে সকলো নথিপত্ৰ পৰ্টেলত আপলোড কৰা হৈছে বুলি জাৰি কৰা এক বিবৃতিত কোৱা হৈছে । বিবৃতি অনুসৰি, ৰুট লাইনবোৰত 15 টা ষ্টেচন থাকিব আৰু ইয়াক মোনাল লাইন, দেওদাৰ লাইন আৰু এপ'ল লাইন নাম দিয়া হৈছে ।

"নিউ ডেভেলপমেণ্ট বেংকৰ তথ্য অনুসন্ধান অভিযানে ২ জুনৰ পৰা ১০ জুনলৈ এক পৰিদৰ্শন চলায় আৰু ১২ জুলাইত তেওঁলোকৰ সন্মতি প্ৰদান কৰে ।" পৰিবহণ আৰু ঘাইপথৰ দপ্তৰৰো মন্ত্ৰী অগ্নিহোত্ৰীয়ে কয় । "২০২৪ চনৰ ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া বেংকৰ পৰিচালক মণ্ডলীৰ বৈঠকত আনুষ্ঠানিক অনুমোদন প্ৰদান কৰা হ'ব ।" তেওঁ লগতে কয় ।

এই ৰোপৱে'ত তাৰাদেৱী, চক্কৰ, আদালত কমপ্লেক্স, তুতিকান্দি পাৰ্কিং, নিউ আই এছ বি টি, 103 টানেল, ৰে'ল ষ্টেচন, ভিক্টৰী টানেল, পুৰণি বাছ ষ্টেণ্ড, লাক্কাড় বজাৰ, আই জি এম চি, চাঞ্জৌলি, নৱবাহাৰ, সচিবালয় আৰু লিফ্টৰ ওচৰত ব'ৰ্ডিং ষ্টেচনবোৰ চিনাক্ত কৰা হৈছে ।

ৰাজ্য চৰকাৰ আৰু নিউ ডেভেলপমেণ্ট বেংকে (এন ডি বি) প্ৰকল্পটোৰ বাবে বিত্তীয় সাহায্য প্ৰদান কৰিব । উল্লেখ্য যে প্ৰকল্পটোৰ বাবে ৮০ শতাংশ ঋণ এন ডি বিয়ে বহন কৰিব আৰু ২০ শতাংশ ৰাজ্য চৰকাৰে বহন কৰিব । ১৭৩৪.৪০ কোটি টকাৰ প্ৰস্তাৱিত ৰোপৱে' পথটোৱে চিমলাৰ ৰাস্তাত যান-জঁটৰ সমস্যা সমাধান কৰিব, যাত্ৰীসকলক স্বস্তিৰ নিশ্বাস পেলাব । চি পি এছ সুন্দৰ ঠাকুৰ, স্থানীয় বিধায়ক হৰিশ জনাৰ্থ, ৰোপৱে' আৰু দ্ৰুত পৰিবহণ ব্যৱস্থা উন্নয়ন নিগমৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক সঞ্জয় গুপ্তাৰ লগতে অষ্ট্ৰিয়া আৰু ছুইজাৰলেণ্ডৰ প্ৰতিনিধিসকলেও এই প্ৰকল্প সম্পৰ্কীয় আলোচনা-চক্ৰত অংশগ্ৰহণ কৰে ।

উল্লেখ্য, বিশ্বৰ আটাইতকৈ দীঘল ৰোপৱে' হৈছে দক্ষিণ আমেৰিকাৰ বলিভিয়াত 32 কিলোমিটাৰ দীঘল প্ৰকল্প । বিশ্বজুৰি প্ৰায় 25,000 ৰোপৱে' আছে । আনহাতে, ভাৰতত বৰ্তমান মাত্ৰ 20 টাহে ৰোপৱে' আছে ।

লগতে পঢ়ক :গ্ৰীষ্ম প্ৰৱাহৰ কবলত শ্ৰীনগৰ : এচি-এয়াৰ কুলাৰৰ চাহিদা বৃদ্ধি - Heatwave in Srinagar
লগতে পঢ়ক :দুৰ্যোগৰ পৰা ৰক্ষা পাবলৈ সামূহিক স্তৰলৈকে আগতীয়া সতৰ্কবাণী বিয়পোৱাটোৱেই মূল চাবিকাঠি : বিশেষজ্ঞ - LANDSLIDE IN WAYANAD

ABOUT THE AUTHOR

...view details