নেশ্যনেল ডেস্ক, ২৬ মে': উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰত শোকাৱহ পথ দুৰ্ঘটনা । তীৰ্থযাত্ৰী ভৰ্তি বাছৰ ওপৰত এখন শিল ভৰ্তি ট্ৰাক বাগৰি পৰে । ফলত ১১ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু হয় । সীতাপুৰৰ পৰা পূৰ্ণগিৰিলৈ গৈ আছিল তীৰ্থযাত্ৰীভৰ্তি বাছখন । দুৰ্ঘটনাটো শনিবাৰে নিশা সংঘটিত হয় ।
জানিব পৰা মতে, বাছখন খুটাৰ অঞ্চলৰ গোলা বাইপাছ ৰোডৰ এখন ধাবাত ৰৈ আছিল । সেই সময়চোৱাত শিলেৰে ভৰ্তি ট্ৰাকখনে প্ৰথমে বাছখনত খুন্দা মাৰে আৰু তাৰ পিচত বাছখনৰ ওপৰত বাগৰি পৰে । দুৰ্ঘটনাটোৰ পিচত ঘটনাস্থলীত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ।
আৰক্ষীও কম সময়ৰ ভিতৰতে ঘটনাস্থলীত উপস্থিত হয় । একাংশ তীৰ্থযাত্ৰী বাহনখনত আৱদ্ধ হৈ থাকে । প্ৰায় ৩ ঘণ্টা ধৰি চলা অভিযানৰ অন্তত আৱদ্ধ যাত্ৰীসকলক উদ্ধাৰ কৰিবলৈ সক্ষম হয় । কিন্তু তেতিয়ালৈ ১১ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু হৈছিল । ইফালে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত ১০ গৰাকী লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । মৃত লোকসকলৰ ভিতৰত মহিলা আৰু শিশুও আছিল ।