নিউজ ডেস্ক, ৫ জুলাই :বিগত বছৰ নৱেম্বৰ মাহত ঘূৰ্ণীবতাহ 'মিধিলি'য়ে ত্ৰিপুৰাত বিস্তৰ ক্ষতিসাধন কৰিছিল । ৰাজ্যখনৰ হাজাৰ হাজাৰ কৃষক এই ঘূৰ্ণীবতাহৰ ফলত ক্ষতিৰ সন্মুখীন হৈছিল । ঘূৰ্ণীবতাহৰ ফলত শস্য বিশেষকৈ ধান, পাচলি আদি পথাৰতে নষ্ট হৈ গৈছিল । এতিয়া সেইসকল ভুক্তভোগী কৃষকক সহায়ৰ বাবে বিশেষ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে ।
ঘূৰ্ণীবতাহ 'মিধিলি'ৰ ফলত লোকচানৰ সন্মুখীন হোৱা কৃষকসকলৰ বাবে ২২ কোটি টকাৰ বিশেষ পেকেজ ঘোষণা কৰিছে ত্ৰিপুৰা চৰকাৰে । ৰাজ্যৰ কৃষি মন্ত্ৰী ৰতন লাল নাথে সংবাদ মাধ্যমক জনোৱা মতে ইতিমধ্যে চৰকাৰে এই পুঁজি মঞ্জুৰ কৰিছে । মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে ২০২৩ চনত অহা এই প্ৰাকৃতিক দুৰ্যোগৰ ফলত ৰাজ্যখনৰ বহু কৃষক লোকচানৰ সন্মুখীন হৈছিল ।
ঘূৰ্ণীবতাহৰ পিচত কৃষি বিভাগে ৰাজ্যখনত এক জৰীপ চলাইছিল আৰু সেই জৰীপৰ প্ৰতিবেদন ত্ৰিপুৰাৰ ৰাজহ বিভাগলৈ প্ৰেৰণ কৰা হৈছিল । বিভাগটোৱে এই প্ৰতিবেদন পৰীক্ষা কৰাৰ পিচত ২২ কোটি টকাৰ পুঁজি মঞ্জুৰ কৰে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । ইফালে কৃষকসকলে নিজ নিজ বেংক একাউণ্টত পোনপটীয়াকৈ এই ধন লাভ কৰিব । কৃষি মন্ত্ৰীগৰাকীয়ে জনোৱা মতে ঘূৰ্ণীবতাহ 'মিধিলি'ৰ ফলত ৰাজ্যখনৰ ৭৮,০০০ ৰো অধিক কৃষক ক্ষতিগ্ৰস্ত হৈছিল ।