অসম

assam

ETV Bharat / bharat

12 ঘণ্টাৰ দুৰ্গম পথ নেওচি ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা উভতিল নিৰ্বাচনী বিষয়াৰ দল - Remote polling stations

Remote polling stations: দুৰ্গম পথ আৰু প্ৰতিকূল পৰিস্থিতিৰ বাবে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ সামৰণি পৰাৰ চাৰিদিনৰ মূৰতহে ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা উভতিবলৈ সক্ষম হ’ল নিৰ্বাচনী বিষয়াৰ দল । ক’ত আছে এই ভোটকেন্দ্ৰটো ? আপুনি জানিবলৈ ইচ্ছুক নে ?

LS election in arunachal
LS election in arunachal

By ETV Bharat Assamese Team

Published : Apr 24, 2024, 1:44 PM IST

LS election in arunachal

তেজপুৰ, 24 এপ্ৰিল:নিৰ্বাচন আয়োগৰ প্ৰতিশ্ৰুতি ৰক্ষাৰ বাবে অৰুণাচল প্ৰদেশৰ ডিবাং ভেলি জিলাৰ চেপেৰত উপস্থিত হোৱা নিৰ্বাচনী বিষয়াৰ দলটো বুধবাৰেহে ওভতিবলৈ সক্ষম হয় । প্ৰতিকূল পৰিস্থিতি আৰু দুৰ্গম পথেৰে উভতি আহিল এদল নিৰ্বাচনী বিষয়া-কৰ্মচাৰী ।

উল্লেখ্য যে, অৰুণাচল প্ৰদেশৰ বহু দুৰ্গম অঞ্চলত ভোটগ্ৰহণ কৰিবলৈ যোৱা বিভিন্ন ভোটগ্ৰহণকাৰী দল নিৰ্বাচন সম্পূৰ্ণ হোৱাৰ চাৰিদিন পাছতহে সুকলমে উভতিবলৈ সক্ষম হয় । ৰাজ্যিক নিৰ্বাচনী বিষয়াই নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ লগতে নিৰ্বাচনী বিষয়াৰ দলসমূহে দুৰ্গম অঞ্চলবোৰৰ পৰা ঘূৰি অহাটো শেহতীয়াকৈ নিশ্চিত কৰিছে ।

অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তৰ দিবাং ভেলি জিলাৰ চেপেৰত ভোটগ্ৰহণকাৰী দলে নিজৰ ভোটগ্ৰহণ কেন্দ্ৰটোত উপনীত হ’বলৈ সময় প্ৰয়োজন হৈছিল প্ৰায় 12 ঘণ্টা ৷ দীৰ্ঘ সময় ট্ৰেকিং কৰি ভোটগ্ৰহণকাৰী দলটো উপস্থিত হৈছিল গন্তব্যস্থানত । এই যাত্ৰাৰ সময়ত নিৰ্বাচনী দলসমূহে কঠোৰ শ্ৰম কৰিবলগীয়া হৈছিল ৷ মুঠ 7 খন নদী পাৰ হৈ গৈ নিৰ্বাচনী বিষয়া-কৰ্মচাৰী উপস্থিত হৈছিল ভোটগ্ৰহণ কেন্দ্ৰটোত ।

দুডাল বাঁহৰ দীঘলীয়া সাঁকোৰ মাজেৰে পিঠিত নিজৰ যাৱতীয় বয়-বস্তু আৰু নিৰ্বাচনী সামগ্ৰী লৈ যাত্ৰা কৰিছিল এই দলটোৱে ৷ এইসকল নিৰ্বাচনী বিষয়া-কৰ্মচাৰীৰ দৃঢ়তা আৰু সাহসক ৰাজ্যিক নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে প্রশংসা কৰিছে ৷ এই ভোটকেন্দ্ৰসমূহৰ ভিতৰত পশ্চিম অৰুণাচল প্ৰদেশৰ এটা অতি উচ্চতাৰ দুৰ্গম পথৰ ভোটকেন্দ্ৰও আছিল লাগুথাংত ।

মুঠ 41 টা ভোট সংগ্ৰহ কৰিবলৈ 13 জনীয়া ভোটগ্ৰহণ আৰু সুৰক্ষা বাহিনীৰ দলে দুদিন যাত্ৰা কৰি টাৱাঙৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈছিল । কিন্তু ৰাজ্যখনত এনে বহুতো ভোট কেন্দ্ৰ আছে যি ঠাইত জনপ্ৰতিনিধি কেতিয়াবাহে কাচিৎ উপস্থিত হৈছিল । অৰুণাচল প্ৰদেশৰ 226 টা ভোটকেন্দ্ৰত 8,92,694 ভোটাৰে ভোটদান কৰে য'ত 7 টা ভোট কেন্দ্ৰত 10 জনতকৈ কম বা সমান আৰু 9 টা ভোটকেন্দ্ৰত 1400 তকৈ কম বা সম পৰিমাণৰ ভোটাৰ আছিল । ইয়াৰে 4 টা বিধানসভা সমষ্টিৰ 8 টা কেন্দ্ৰত বুধবাৰে পুনৰ ভোটগ্ৰহণ পুৱাৰে পৰা অনুষ্ঠিত হৈছে ।

লগতে পঢ়ক:আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ অতি উচ্চতাৰ ভোটকেন্দ্ৰৰ বিষয়া-কৰ্মচাৰীক সম্বৰ্ধনা - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details