নিউজ ডেস্ক, ১০ আগষ্ট :উত্তৰ প্ৰদেশৰ এগৰাকী আৰক্ষী উপ-পৰিদৰ্শকৰ উৎকোচ লোৱাৰ এটা আশ্চৰ্যকৰ অডিঅ’ ভাইৰেল হৈছে । উপ-পৰিদৰ্শকজনে উৎকোচ হিচাপে শাক-পাচলি ব্যৱসায়ীৰ পৰা আলু দাবী কৰিছিল । পৰিদৰ্শক আৰু ব্যৱসায়ীজনৰ মাজত হোৱা কথা-বতৰাৰ অডিঅ’ সম্প্ৰতি ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত ।
নিলম্বিত হ’ল আৰক্ষী উপ পৰিদৰ্শক (Etv Bharat) এই অডিঅ’ ভাইৰেল হোৱাৰ পাছত আৰক্ষী অধীক্ষকে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰিছে উপ-পৰিদৰ্শক ৰাম কৃপালক । একে সময়তে মন্ত্ৰী অসীম অৰুণে কনৌজ আৰক্ষীক দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে অভিনন্দন জনাইছে ।
ভৱালপুৰ চপুন্না আৰক্ষী চকীত চপুন্না অঞ্চলৰ এজন শাক-পাচলি ব্যৱসায়ীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল । এটা গোচৰ নিষ্পত্তি কৰিবলৈ চকীৰ ভাৰপ্ৰাপ্ত উপ-পৰিদৰ্শক ৰামকৃপালে টকা নহয়, ফোনযোগে শাক-পাচলি বিক্ৰেতাৰ পৰা ৫ কেজি আলু দাবী কৰিছিল । এই অডিঅ’টো ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত । অডিঅ’টোত চপুন্না আৰক্ষী চকীৰ উপ-পৰিদৰ্শকজনে ফোনত শাক-পাচলি ব্যৱসায়ীৰ পৰা ৫ কেজি আলু উৎকোচ বিচাৰে ।
কিন্তু শাক-পাচলি ব্যৱসায়ীজনে তেওঁ ব্যৱসায়ৰ মন্দা চলা বুলি উল্লেখ কৰি তেওঁৰ চাহিদা পূৰণ কৰাত অক্ষমতা প্ৰকাশ কৰে ৷ তেওঁ আৰক্ষী উপ-পৰিদৰ্শকগৰাকীক দুই কিলো আলুহে দিব পাৰিব বুলি ব্যক্ত কৰে ৷ ইয়াৰ পিছত আৰক্ষী উপ-পৰিদৰ্শকে নিজৰ পোচাকৰ শক্তি প্ৰদৰ্শন কৰি তেওঁৰ বিৰুদ্ধে থানাত ৰুজু কৰা গোচৰৰ জামিনৰ ব্যৱস্থা কৰিবলৈ কয় ৷
আৰক্ষী উপ-পৰিদৰ্শকৰ ভাবুকিত ভীতিগ্ৰস্ত হৈ শাক-পাচলি ব্যৱসায়ীজনে তেওঁক কাতৰ অনুৰোধ কৰি ৫ কেজি আলুৰ ঠাইত ২ কেজি আলু ল’বলৈ কয় । অৱশেষত ২ কেজি আলুত সম্মত হোৱাৰ পাছত আৰক্ষী উপ-পৰিদৰ্শকগৰাকীয়ে ভুক্তভোগী ব্যৱসায়ীগৰাকীক এনেদৰে দৰ-দাম কৰি তেওঁ গোচৰটোও নিষ্পত্তি কৰাৰ কথা কয় ।
উপ-পৰিদৰ্শকৰ হাৰাশাস্তিৰ পৰা বিৰক্ত হৈ ভুক্তভোগীয়ে ছ’চিয়েল মিডিয়াত তেওঁলোকৰ কথোপকথনৰ অডিঅ’ ভাইৰেল কৰে । এই অডিঅ’টো ভাইৰেল হোৱাৰ পিছতে বিষয়টো জিলাখনৰ শীৰ্ষ বিষয়াসকলৰ দৃষ্টিগোচৰ হয় আৰু কোনো সময় নষ্ট নকৰাকৈ কনৌজ আৰক্ষী বিষয়া অমিত কুমাৰ আনন্দে এটা তদন্তকাৰী দল গঠন কৰে । তদন্তৰ সময়ত চপুন্না চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী এই গোচৰত দোষী সাব্যস্ত হয় । ইয়াৰ পিছত আৰক্ষী অধীক্ষকে ততাতৈয়াকৈ উপ-পৰিদৰ্শকক নিলম্বন কৰি তেওঁৰ বিৰুদ্ধে বিভাগীয় তদন্তৰ নিৰ্দেশ দিয়ে ।
লগতে পঢ়ক:বেজৰ নাকতে খৰ... শিক্ষামন্ত্ৰীৰ গৃহ জিলাতে ঘোচ লৈ ধৰা পৰিল শিক্ষা বিভাগৰ কৰ্মচাৰী - SENIOR ASSISTANT ARRESTED