অসম

assam

By ETV Bharat Assamese Team

Published : 4 hours ago

ETV Bharat / bharat

চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীয়ে জমা দিব লাগিব ১৫ ৰ পৰা ২০ লাখ টকাৰ বণ্ড - Bond for Medical students

Medical Students: চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীৰ বাবে শীঘ্ৰে প্ৰণয়ন হ’ব নতুন নিয়ম ৷ যাৰ অধীনত স্নাতক আৰু স্নাতকোত্তৰ মহলাত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীয়ে এতিয়া নামভৰ্তিৰ সময়ত ১৫ ৰ পৰা ২০ লাখ টকাৰ বণ্ড দিব লাগিব । এই সিদ্ধান্তৰ আঁৰৰ কাৰণ জানি লওক-

Medical Students
Bond for Medical students (ETV BHARAT)

নিউজ ডেস্ক, ২৫ছেপ্টেম্বৰ: চিকিৎসা বিজ্ঞানৰ স্নাতক আৰু স্নাতকোত্তৰ মহলাত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীয়ে এতিয়া নামভৰ্তিৰ সময়ত ১৫ ৰ পৰা ২০ লাখ টকাৰ বণ্ড দিব লাগিব । পঢ়া-শুনা সম্পূৰ্ণ কৰাৰ পিছত চিকিৎসালয়ত জুনিয়ৰ ৰেচিডেণ্ট (জে আৰ) আৰু ছিনিয়ৰ ৰেচিডেণ্ট (এছ আৰ) চিকিৎসক হিচাপে এবছৰ কাম কৰিব লাগিব । যিসকল ছাত্ৰ-ছাত্ৰীয়ে পাঠ্যক্ৰম (এমবিবিএছ বা পি জি) সম্পূৰ্ণ কৰাৰ পিছত এবছৰলৈকে চিকিৎসালয়ত সেৱা আগবঢ়াব নিবিচাৰে, তেওঁলোকে বণ্ডৰ ধন দিব লাগিব ।

এই ব্যৱস্থা পৰৱৰ্তী শৈক্ষিক অধিবেশনৰ পৰা সকলো চিকিৎসা মহাবিদ্যালয়ত কাৰ্যকৰী কৰা হ’ব । ইয়াৰ সৈতে জড়িত আদেশ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে উপ-ৰাজ্যপালৰ নিৰ্দেশমৰ্মে জাৰি কৰিছে । অৱশ্যে দিল্লীতহে প্ৰযোজ্য কৰা হৈছে এই নিয়ম ৷

নিৰ্দেশনাটোত কি আছে ?

জাৰি কৰা নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে যে দিল্লীৰ চিকিৎসা প্ৰতিষ্ঠানসমূহত (ইণ্টাৰনশ্বিপৰ সময়সীমাকে ধৰি) পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত সৰ্বভাৰতীয় কোটা আৰু ৰাজ্যিক কোটাৰ স্নাতক আৰু স্নাতকোত্তৰ মহলাৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এবছৰীয়া সেৱা বণ্ড প্ৰৱৰ্তনৰ ব্যৱস্থা কৰিছে ৷ যাৰ অধীনত স্নাতক আৰু স্নাতকোত্তৰ (ছুপাৰ-স্পেচিয়েলিটি পাঠ্যক্ৰমকে ধৰি) উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে এবছৰৰ বাবে দিল্লী চৰকাৰৰ অধীনত চিকিৎসা প্ৰতিষ্ঠানত বাধ্যতামূলকভাৱে সেৱা আগবঢ়াব লাগিব ।

ব্যৱস্থাটো এনেদৰে ৰূপায়ণ কৰা হ’ব-

স্নাতক আৰু স্নাতকোত্তৰৰ ছাত্ৰ-ছাত্ৰীসকলে নিজ নিজ চিকিৎসা মহাবিদ্যালয়/প্ৰতিষ্ঠানত নামভৰ্তিৰ সময়ত স্নাতক পাঠ্যক্ৰমৰ বাবে ১৫ লাখ আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে (ছুপাৰ-স্পেচিয়েলিটি পাঠ্যক্ৰমকে ধৰি) ২০ লাখ টকাৰ বণ্ড জমা দিব লাগিব ৷ যদি শিক্ষাৰ্থীগৰাকীয়ে বাধ্যতামূলক সেৱাৰ সময়সীমাৰ পৰা আঁতৰি আহিব বিচাৰে, তেতিয়াহে এই ধন দিব লাগিব । স্নাতক উত্তীৰ্ণ জে আৰ পদৰ বিপৰীতে আৰু স্নাতকোত্তৰ উত্তীৰ্ণ এছ আৰ পদৰ বিপৰীতে সামঞ্জস্য কৰা হ’ব আৰু তেওঁলোকক ছুপাৰ স্পেচিয়েলিটি পাঠ্যক্ৰমৰ ক্ষেত্ৰত উপযুক্ত বৃদ্ধিৰ সৈতে জে আৰ এছ/এছ আৰক দিয়া পাৰিতোষিকৰ সমান ধন প্ৰদান কৰা হ’ব ।

উত্তীৰ্ণ ইউজি/পিজি ছাত্ৰ-ছাত্ৰীসকলক দিল্লী চৰকাৰৰ বিভিন্ন চিকিৎসালয়কে ধৰি ইতিমধ্যে উপলব্ধ আৰু একেখন চিকিৎসালয়ত বা অন্যান্য চিকিৎসালয়ত নিযুক্তি দিয়া কনিষ্ঠ আৱাসী/জ্যেষ্ঠ আৱাসী চিকিৎসকৰ খালী পদৰ বিপৰীতে স্বাস্থ্য বিভাগৰ প্ৰয়োজনীয়তা অনুসৰি সালসলনি কৰা হ’ব ।

এম এ এম চিৰ ডীনৰ অধ্যক্ষতাত গঠন হোৱা কমিটীয়ে এই সিদ্ধান্ত ল’ব-

ছ’চাইটি হাস্পতালকে ধৰি দিল্লী চৰকাৰৰ বিভিন্ন চিকিৎসালয়ত ইতিমধ্যে উপলব্ধ জে আৰ/এছ আৰ পদৰ মূল্যায়ন কৰি মৌলানা আজাদ মেডিকেল কলেজৰ ডীনৰ অধ্যক্ষতাত এখন কমিটীয়ে জে আৰ এছ/এছ আৰৰ অতিৰিক্ত পদৰ প্ৰয়োজনীয়তাৰ মূল্যায়ন কৰিব ৷

প্ৰয়োজন হ’লে পাঠ্যক্ৰম প্ৰদান কৰা নিজ নিজ চিকিৎসা মহাবিদ্যালয়/প্ৰতিষ্ঠানত এনে অতিৰিক্ত পদ সৃষ্টি কৰা হ’ব, য’ৰ পৰা এই জে আৰ এছ/এছ আৰ সকলৰ সেৱাসমূহ দিল্লী চৰকাৰৰ বিভিন্ন চিকিৎসালয়ত ডাইভাৰ্ট ক্ষমতাৰে (এখন চিকিৎসালয়ৰ পৰা আন এখন চিকিৎসালয়লৈ) নিয়োগ কৰিব পৰা যাব ৷

এই বাধ্যতামূলক এবছৰীয়া সেৱা বণ্ড এই আদেশ জাৰি হোৱাৰ পিছত পৰৱৰ্তী শৈক্ষিক অধিবেশনৰ পৰা প্ৰযোজ্য হ’ব । এবছৰীয়া সেৱা বণ্ড কাৰ্যকৰী নোহোৱালৈকে পাছ আউট হোৱাৰ সময়ত বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীসকলক ওপৰত নিৰ্ধাৰিত পাৰিতোষিক অনুসৰি দিল্লী চৰকাৰৰ অধীনস্থ বিভিন্ন চিকিৎসালয়ত জুনিয়ৰ/এছ আৰৰ খালী পদৰ বিৰুদ্ধে স্বেচ্ছাই কাম কৰাৰ প্ৰথম সুযোগ দিয়া হ’ব ।

লগতে পঢ়ক:প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণ-হত্য়া; কনিষ্ঠ চিকিৎসকৰ ধৰ্মঘট সমাপ্ত কৰাৰ সিদ্ধান্ত - Trainee Doctor Rape Murder Case

ABOUT THE AUTHOR

...view details