অসম

assam

ETV Bharat / bharat

দিল্লীৰ কেবাখনো বিদ্যালয়ক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি অজ্ঞাত চক্ৰৰ - Bomb threat in delhi - BOMB THREAT IN DELHI

Bomb threat in delhi: দিল্লীৰ বিভিন্ন বিদ্যালয়ক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি ৷ আতংকিত নহ’বলৈ আহ্বান প্ৰশাসনৰ ৷ উৰা বাতৰিৰ সন্দেহ ৷

several schools including dps sanskriti school and amity received bomb threat in delhi
several schools including dps sanskriti school and amity received bomb threat in delhi

By ETV Bharat Assamese Team

Published : May 1, 2024, 2:28 PM IST

নেশ্যনেল ডেস্ক, 1 মে’:ৰাজধানী চহৰ দিল্লীৰ কেবাখনো বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ধাৰাবাহিক ভাবুকি প্ৰদান দুষ্ট চক্ৰৰ । দিল্লীৰ পুষ্প বিহাৰ অঞ্চলত অৱস্থিত এমিটি ইণ্টাৰনেশ্যনেল বিদ্যালয়ত বোমা বিস্ফোৰণৰ ভাবুকি প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে । এই সন্দৰ্ভত ই-মেইল ​​লাভ কৰাৰ পিছত বিদ্যালয় কৰ্তৃপক্ষই আৰক্ষীক খবৰ দিয়ে, তাৰ পিছত আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে উক্ত স্থানত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । বৰ্তমান তদন্ত চলি আছে ।

নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি শিশুসকলক বিদ্যালয়ৰ পৰা যাবলৈ দিয়া হৈছে । পৰিয়ালৰ লোকে এই সন্দৰ্ভত তথ্য পোৱাৰ পিছত চিন্তিত হৈ পৰিছিল আৰু বিদ্যালয়ৰ সমুখত ভিৰ কৰিছিল । বুধবাৰৰ দিনটোত এই পৰ্যন্ত দিল্লী এনচিআৰৰ বহু বিদ্যালয়লৈ বোমাৰ ভাবুকি আহিছে । এই তথ্য লাভ কৰাৰ লগে লগে বোম স্কোৱাড আৰু অগ্নিনিৰ্বাপক বাহিনীৰ বাহনসমূহ উক্ত স্থানবোৰত উপস্থিত হয় । ঘটনাস্থলীত জিলা ডিচিপি অংকিত চৌহানও উপস্থিত আছে আৰু বিষয়টো সম্পূৰ্ণ নজৰত ৰখা হৈছে ৷ দিল্লী আৰক্ষীয়ে অভিভাৱকসকলক আতংকিত নহ’বলৈ অনুৰোধ জনায় ।

আনহাতে, শিক্ষাৰ্থীসকলৰ অভিভাৱকসকল উক্ত স্থানবোৰত উপস্থিত হৈ এই তথ্য সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰে । দিল্লী অগ্নিনিৰ্বাপক বাহিনীৰ সঞ্চালক অতুল গাৰ্গে কয়, "এতিয়ালৈকে মই বোমাৰ ভাবুকি সন্দৰ্ভত 60 টাকৈ ফোন লাভ কৰিছো । তথ্য পোৱাৰ পিছত আমি লগে লগে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিলো । তদন্তত একো পোৱা নাই বাবেই একাংশ বিদ্যালয়ৰ পৰা অগ্নিনিৰ্বাপক বাহিনী ঘূৰি আহিবলৈ আৰম্ভ কৰিছে । এইসকলো ফোন উৰাবাতৰি বুলি প্ৰমাণিত হ’ব যেন অনুমান হৈছে ।"

এই সন্দৰ্ভত দিল্লী আৰক্ষীৰ পি আৰ অ’ সুমন নলৱাই কয়, ‘বহু বিদ্যালয়ে আমাৰ সৈতে যোগাযোগ কৰিছে যে তেওঁলোকৰ কেম্পাছত বোমা বিস্ফোৰণ হ’ব বুলি ই-মেইল আহিছে । দিল্লী আৰক্ষীয়ে তালাচী অভিযান আৰম্ভ কৰিছে যদিও এতিয়ালৈকে একো পোৱা নাই । আতংক সৃষ্টি কৰাৰ বাবেই যেন কোনোবাই এই কাম কৰিলে । সকলো অভিভাৱকক আতংকিত নহ'বলৈ অনুৰোধ জনালোঁ । এই সন্দৰ্ভত আমি তদন্ত কৰি আছো ।"

ভাবুকি লাভ কৰা বিদ্যালয়সমূহ

1) ডি পি এছ স্কুল, ৰোহিনী

2) ডি পি এছ স্কুল, বসন্ত কুঞ্জ

3) ডি পি এছ স্কুল, দ্বাৰকা

4) ডি পি এছ স্কুল, নয়ডা

5) ডি এ ভি স্কুল, পিতামপুৰা

6) ডি এ ভি স্কুল, দক্ষিণ পশ্চিম দিল্লী

7) ডি এ ভি স্কুল, পূব দিল্লী

8) সংস্কৃত বিদ্যালয়, নতুন দিল্লী

9) এমিটি স্কুল, পুষ্প বিহাৰ

10) গ্ৰীণ ভেলী স্কুল, নাজাফগড়

11) মাদাৰ মেৰী স্কুল, ময়ুৰ বিহাৰ

লগতে পঢ়ক:বিমানবন্দৰত বোমাৰ আতংক, এজন গ্ৰেপ্তাৰ - Bomb threat email

ABOUT THE AUTHOR

...view details