নিউজ ডেস্ক, 19 মে’: হঠাৎ আপোনালৈ যদি এটা মেছেজ আহে যে, আপোনাৰ একাউন্টত কেবা কোটি টকা সোমাইছে, আপুনি বাৰু কি কৰিব ? নিশ্চয় আপুনি আচৰিত হ’ব ৷ কোনোবাই হয়তো ধনৰ লোভতে এই কথা কাকো নজনাব বা সচেতন ব্যক্তি হ’লে বেংক কৰ্তৃপক্ষক অৱগত কৰিব ৷ এনেকুৱা ঘটনা অসম্ভৱ বুলি যদি আপুনি ভাবিছে, তেন্তে এই খবৰটো পঢ়ক...
উত্তৰপ্ৰদেশৰ ভাদোহিৰ ভানু প্ৰকাশৰ ম’বাইললৈ এটা মেছেজ আহিল ৷ তেওঁৰ একাউন্টত 9,900 কোটি টকা সোমাইছে ৷ কোনে ভৰালে ইমান টকা ? আচৰিত হৈ ভানু প্ৰকাশে বেংক কৰ্তৃপক্ষক বিষয়টো অৱগত কৰে ৷ জানিব পৰা গ’ল যে চফ্টৱেৰৰ বিসংগতিৰ বাবেই তেওঁৰ একাউন্টত ধনখিনি সোমাইছিল ৷
যেতিয়া বেংকত ভানু প্ৰকাশৰ একাউন্টটো ভালদৰে পৰীক্ষা কৰা হ’ল, তেতিয়া কেৱল ভানু প্ৰকাশৰেই নহয়, চকু থৰ হৈ গ’ল বেংক কৰ্তৃপক্ষৰো ৷ ভানু প্ৰকাশৰ একাউন্টত দেখুওৱা ধনৰাশিৰ পৰিমাণ আছিল 99,99,94,95,999.99 টকা ৷
পিচত এইটো জানিব পৰা গৈছিল যে বেংকিং ছফ্টৱেৰৰ এটা বাগৰ ফলত একাউণ্টটোত ধনৰাশিৰ পৰিমাণ ভুলকৈ দেখুওৱা হৈছিল ৷ ই দুৰ্ঘটনাক্ৰমে এটা মূল কিষাণ ক্ৰেডিট কাৰ্ড (কেচিচি) ঋণ একাউণ্টৰ পৰা নন-পাৰফৰ্মিং এচেট (এনপিএ) হোৱাৰ পিছত একাউণ্টটোত দেখুওৱা হৈছিল । বেংকে স্পষ্ট কৰে এই কথা ৷