নেশ্যনেল ডেস্ক, ২৭ ফেব্ৰুৱাৰী :বিখ্যাত চলচ্চিত্ৰ অভিনেত্ৰী তথা ৰামপুৰৰ প্ৰাক্তন সাংসদ জয়া প্ৰদাক মঙলবাৰে ৰামপুৰস্থিত সাংসদ-বিধায়কৰ বিশেষ আদালতে (MP-MLA Court) পলাতক ঘোষণা কৰে । ২০১৯ চনত লোকসভা নিৰ্বাচনৰ সময়ত বিজেপিৰ প্ৰাৰ্থী জয়া প্ৰদাৰ বিৰুদ্ধে দুটা গোচৰ ৰুজু হৈছিল । নিৰ্বাচনৰ সময়ত আচৰণ বিধি উলংঘা কৰাৰ দুটা গোচৰত ৰামপুৰত তেওঁৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ । সেই গোচৰসমূহৰ শুনানি ৰামপুৰস্থিত সাংসদ-বিধায়কৰ বিশেষ আদালত (দণ্ডাধীশ বিচাৰ)ত কৰা হয় ।
জ্যেষ্ঠ অভিযুক্ত বিষয়া অমৰনাথ তিৱাৰীয়ে কয় যে তেওঁক আদালতৰ পৰা কেইবাবাৰো চমন আৰু ৱাৰেণ্ট জাৰি কৰা হৈছিল । কিন্তু সময় মতে আদালতত হাজিৰ হোৱা নাছিল অভিনেত্ৰী জয়া প্ৰদা । আদালতে তেওঁৰ বিৰুদ্ধে ৱাৰেণ্ট আৰু তাৰ পিচত নন-বেইলেৱল ৱাৰেণ্টো জাৰি কৰে ।
ইমানৰ পিচতো তেওঁ আদালতত হাজিৰ হোৱা নাছিল । আদালতে প্রাক্তন সাংসদ জয়া প্ৰদাৰ বিৰুদ্ধে ৭ বাৰ নন-বেইলেৱল ৱাৰেণ্ট জাৰি কৰিছিল । ইয়াৰ উপৰিও ৰামপুৰৰ আৰক্ষী অধীক্ষকগৰাকীক কেইবাবাৰো অভিনেত্ৰী জয়া প্ৰদাক আদালত হাজিৰ কৰোৱাবলৈ নিৰ্দেশ দিয়া হৈছিল । ইমানৰ পাচতো তেওঁ আদালতত হাজিৰ হোৱা নাছিল ।