নেশ্যনেল ডেস্ক, 23 জানুৱাৰী:ৰাম মন্দিৰ উদ্ঘাটনৰ পৰৱৰ্তী দিনটোতেই আগ্ৰাৰ এটা মছজিদত সংঘটিত হ’ল চাঞ্চল্যকৰ ঘটনা ৷ উল্লেখ্য যে,যোৱা 22 জানুৱাৰীত আগ্ৰাৰ তাজ চহৰত ৰাম লাল্লাৰ অভিষেকৰ গ্ৰহণ কৰা হৈছিল বিশেষ ব্যৱস্থা । বিভিন্ন স্থানত ভগৱান শ্ৰীৰামৰ শোভাযাত্ৰা উলিওৱা হৈছিল । নিৰাপত্তা ব্যৱস্থাকলৈও সজাগ হৈ আছিল আৰক্ষী । মিশ্ৰিত জনসংখ্যা থকা অঞ্চলত আৰক্ষীৰ কঠোৰ চোৰাংচোৱাগিৰি আছিল । কিন্তু, ইয়াৰ পিছতো আগ্ৰাৰ এটা মছজিদত একাংশ লোকে গেৰুৱা পতাকা উত্তোলন কৰে । শেহতীয়াকৈ এই ভাইৰেল ভিডিঅ’টো পোহৰলৈ আহিছে ।
বৰ্তমান পৰ্যন্ত ETV Bharat এ এই ভাইৰেল ভিডিঅ’টো নিশ্চিত কৰা নাই । কিন্তু, এই ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে চহৰখনত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে । ভাইৰেল ভিডিঅ’টো তাজগঞ্জত অৱস্থিত শ্বাহী মছজিদৰ বুলি জানিব পৰা গৈছে । এই ভাইৰেল ভিডিঅ'টো এটা ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা আপলোড কৰা হৈছে, য'ত লিখা আছে যে "তাজগঞ্জৰ বিলোচপুৰাৰ শ্বাহী মছজিদত হিন্দুসকলে গেৰুৱা পতাকা উত্তোলন কৰি আছে "। ইয়াৰ পিছত ইচলাম ধৰ্মাৱলম্বী লোকৰ মনত ক্ষোভৰ সৃষ্টি হৈছিল ।