অসম

assam

ETV Bharat / bharat

শিক্ষয়িত্ৰীৰ ৰূপত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু : নতুন প্ৰজন্মৰ পৰা শিকিবলগীয়া যথেষ্ট আছে - Droupadi Murmu - DROUPADI MURMU

Droupadi Murmu as teacher : বৃহস্পতিবাৰে শিক্ষয়িত্ৰীৰ ৰূপত দেখা গ’ল ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক ৷ দুবছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰাৰ দিনটো অধিক বিশেষ কৰিলে ৰাষ্ট্ৰপতিগৰাকীয়ে ৷ নতুন প্ৰজন্মৰ জ্ঞানৰ শলাগ ল’লে একালৰ শিক্ষয়িত্ৰীগৰাকীয়ে ৷

Droupadi Murmu as teacher
শিক্ষয়িত্ৰীৰ ৰূপত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু (X/@rashtrapatibhvn)

By ETV Bharat Assamese Team

Published : Jul 25, 2024, 6:08 PM IST

নিউজ ডেস্ক, 25 জুলাই : বৃহস্পতিবাৰে শিক্ষয়িত্ৰীৰ ৰূপত দেখা গ’ল ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক ৷ দিল্লীস্থ ৰাষ্ট্ৰপতি ভৱন চৌহদৰ ৰাজেন্দ্ৰ প্ৰসাদ কেন্দ্ৰীয় বিদ্যালয়ত এটা দিনৰ বাবে শিক্ষয়িত্ৰী হ’ল দেশৰ প্ৰথম নাগৰিক ৷ কেন্দ্ৰীয় বিদ্যালয়খনৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক গোলকীয় উষ্ণতা বৃদ্ধিৰ লগতে পৰিৱেশ সংৰক্ষণ সন্দৰ্ভত পাঠদান কৰে শিক্ষয়িত্ৰীৰূপী মুৰ্মুৱে ৷

উল্লেখ্য যে ৰাষ্ট্ৰপতি হিচাবে আজি দুটা বছৰ সম্পূৰ্ণ কৰিলে দ্ৰৌপদী মুৰ্মুৱে ৷ বিশেষ দিনটো নিজৰ ভাললগা কামেৰে অধিক বিশেষ কৰি স্মৰণীয় কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰপতিগৰাকীয়ে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগত আন শিক্ষক-শিক্ষয়িত্ৰীৰ দৰেই সময় অতিবাহিত কৰি পাঠদান কৰে ৷ উল্লেখ কৰিব লাগিব যে 1994ৰ পৰা 1997 চনলৈকে শিক্ষকতা কৰিছিল দ্ৰোপদী মুৰ্মুৱে ৷

ওড়িশাৰ শ্ৰী অৰবিন্দ ইণ্টিগ্ৰেল এডুকেশ্বন এণ্ড ৰিচাৰ্চ চেণ্টাৰত শিক্ষকতা কৰিছিল দেশৰ 15 সংখ্যক ৰাষ্ট্ৰপতিগৰাকীয়ে ৷ উক্ত শৈক্ষিক প্ৰতিষ্ঠানখনত দ্ৰৌপদী মুৰ্মুৱে হিন্দী, ওড়িয়া, গণিত আৰু ভূগোলৰ পাঠদান কৰিছিল ৷ ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদান কৰি ভালপোৱা দেশৰ ৰাষ্ট্ৰপতিগৰাকীয়ে সেয়ে তেখেতৰ দুবছৰীয়া কাৰ্যকালৰ বিশেষ দিনটোত দিল্লীৰ ৰাজেন্দ্ৰ প্ৰসাদ কেন্দ্ৰীয় বিদ্যালয়ত শিক্ষকতা কৰি দিনটো স্মৰণীয় কৰি তোলে ৷

শ্ৰেণীকোঠাত সোমায়েই ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, ‘‘ আজিৰ ল’ৰা-ছোৱালী যথেষ্ট প্ৰতিভাশালী ৷ তেওঁলোকৰ পৰা বহু শিকিবলৈ পোৱা যায় ৷ এই ল’ৰা-ছোৱালীসকল বিজ্ঞানৰ যুগৰ, কম্পিউটাৰৰ যুগৰ ৷ বয়সৰ তুলনাত তেওঁলোক যথেষ্ট ডাঙৰ ৷ সেয়ে মই বহুদিনৰ পৰা ভাবি আছিলো তোমালোকৰ লগত কথা পতাৰ বাবে ৷ আজি সেই সুবিধা পালো, মই যথেষ্ট উৎকণ্ঠিত হৈ আছো বহু কথা শিকিবলৈ ৷’’

আনহাতে এই বিশেষ দিনটোতে ৰাষ্ট্ৰপতি ভৱনৰ দুটা গুৰুত্বপূৰ্ণ স্থান 'দৰবাৰ হল' আৰু 'অশোকা হল'ৰ নতুন নাম দিয়া হয় ৷ সেই অনুসৰি দৰবাৰ হলৰ নতুন নাম হ’ল 'গণতন্ত্ৰ মণ্ডপ' আৰু অশোকা হলৰ নতুন নাম হ’ল 'অশোক মণ্ডপ' ৷ ৰাষ্ট্ৰপতি সচিবালয়ৰ পৰা প্ৰকাশিত এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ কৰা হয় ৷

লগতে পঢ়ক :সম্প্ৰীতি আৰু ভাতৃত্ববোধেৰে আগবাঢ়ি যোৱাৰ আহ্বান ৰাষ্ট্ৰপতিৰ

ABOUT THE AUTHOR

...view details