নেশ্যনেল ডেস্ক,২৫ আগষ্ট : নতুন দিল্লীৰ দ্বাৰকাৰ নজফগড় অঞ্চলত ভয়ংকৰ ঘটনা সংঘটিত হৈছে । চতুৰ্থ শ্ৰেণীৰ এগৰাকী শিক্ষাৰ্থীৰ পৰা উদ্ধাৰ হৈছে এটা পিষ্টল । ছাত্ৰজনে স্কুল বেগত লুকুৱাই লৈ গৈছিল পিষ্টলটো । বিদ্যালয়ত সমনীয়াক দেখুৱাই থকাৰ সময়তে বিদ্যালয় কৰ্তৃপক্ষই পিষ্টলটো প্ৰত্যক্ষ কৰে । ইতিমধ্যে আৰক্ষীয়ে ছাত্ৰজনক জেৰা চলাইছে আৰু পিষ্টলটোৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰো ব্যৱস্থা লোৱা হৈছে ।
চতুৰ্থ শ্ৰেণীৰ ছাত্ৰই স্কুল বেগত গোপনে আনিছিল পিষ্টল
জানিব পৰা মতে ছাত্ৰজনৰ বয়স মাত্ৰ ১০ বছৰ । দ্বাৰকা জিলাৰ উপ আৰক্ষী আয়ুক্ত অংকিত সিঙে জনোৱা মতে ঘটনাটো শনিবাৰে সংঘটিত হৈছিল । এগৰাকী ছাত্ৰই বিদ্যালয়লৈ পিষ্টল লৈ অহাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছিল । এই খবৰ পোৱাৰ লগে লগে আৰক্ষীৰ ভিতৰচ'ৰাত খলকনিৰ সৃষ্টি হৈছিল । ততাতৈয়াকৈ আৰক্ষী বিদ্যালয়ত উপস্থিত হয় আৰু আৰক্ষীয়ে ছাত্ৰজনৰ পৰা পিষ্টলটো জব্দ কৰে ।
আৰক্ষীয়ে জনোৱা মতে ছাত্ৰজনৰ পৰিয়ালৰ সদস্যসকলক সোধা-পোছাৰ কৰাৰ সময়ত জানিব পৰা গৈছে যে ছাত্ৰজনে অনা পিষ্টলটো পিতৃৰ আছিল । পিষ্টলটোৰ অনুজ্ঞাপত্ৰ আছিল । কিন্তু পিতৃৰ কেইমাহমান পূৰ্বে মৃত্যু হৈছিল । ঘৰত থকা পিষ্টলটো কোনেও লক্ষ্য কৰা নাছিল । শনিবাৰে ছাত্ৰজনে পিষ্টলটো মাতৃৰ পৰা লুকুৱাই আনি স্কুল বেগত ৰাখিছিল আৰু স্কুললৈ লৈ আহিছিল ।