নিউজ ডেস্ক, ১৬ অক্টোবৰ :নেচনেল কনফাৰেন্সৰ উপ-সভাপতি ওমৰ আব্দুল্লাই বুধবাৰে কেন্দ্ৰীয়শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ প্ৰথম মুখ্যমন্ত্ৰী হিচাপেশপত গ্ৰহণ কৰে । উল্লেখ্য যে অনুচ্ছেদ ৩৭০ বাতিলৰ পিচত শেহতীয়াকৈ অনুষ্ঠিত প্ৰথম বিধানসভা নিৰ্বাচনত তেওঁৰ দলটোৱে সৰ্বাধিক 42 খ‘ আসন লাভ কৰে ।
মুখ্যমন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰী পৰিষদৰ শপতগ্ৰহণ অনুষ্ঠান ডাল হ্ৰদৰ পাৰত থকা শ্বেৰ-ই-কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰত অনুষ্ঠিত হয় । জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাই ওমৰ আব্দুল্লা আৰু তেওঁৰ পাঁচ সতীৰ্থ মন্ত্ৰীক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰায় ।
শপতগ্ৰহণ অনুষ্ঠানত বহুতো ভিভিআইপি উপস্থিত থকাৰ বাবে অনুষ্ঠানস্থলীৰ চাৰিওফালে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হয় । উল্লেখ্য যে, ওমৰ আব্দুল্লাক ১০ অক্টোবৰত সৰ্বসন্মতিক্ৰমে এন চি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয় । ইয়াৰ ফলত মুখ্যমন্ত্ৰী হিচাপে তেওঁ দ্বিতীয়টো কাৰ্যকালৰ পথ প্ৰশস্ত হয় । প্ৰথম কাৰ্যকালত তেওঁ 2009 চনৰ পৰা 2014 চনলৈ কাৰ্যনিৰ্বাহ কৰিছিল । সেই সময়ত জম্মু-কাশ্মীৰ এখন পূৰ্ণাংগ ৰাজ্য আছিল আৰু এন চি-কংগ্ৰেছ মিত্ৰজোঁটে চৰকাৰ চলাইছিল ।