নেশ্যনেল ডেস্ক, ৮ ফেব্ৰুৱাৰী :বিগত ৭ ফেব্ৰুৱাৰীত জম্মু-কাশ্মীৰৰ ৰাজধানী শ্ৰীনগৰত পঞ্জাৱৰ এজন লোকক সন্দেহযুক্ত সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰে । শ্ৰীনগৰৰ এখন চিকিৎসালয়ত মৃত্যু হয় পঞ্জাৱৰ আন এজন লোকজনৰ ৷ স্থানীয় বাতৰি অনুসৰি, এই আক্ৰমণত ইতিমধ্যে মৃত্যু হোৱা লোকৰ সংখ্যা দুজনলৈ বৃদ্ধি পাইছে । স্থানীয় তথ্য অনুসৰি, পঞ্জাৱৰ বাসিন্দা ৰোহিত মাছিৰ বৃহস্পতিবাৰে পুৱা শ্ৰীনগৰৰ এখন স্থানীয় চিকিৎসালয়ত মৃত্যু হয় ।
বুধবাৰে বিয়লি শ্ৰীনগৰৰ ডাউন টাউন শলাকদল অঞ্চলত সন্দেহযুক্ত সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰে মাছি আৰু পঞ্জাৱৰ আন এজন লোকক ৷ তেওঁৰ নাম অমৃতপাল । সন্দেহযুক্ত সন্ত্ৰাসবাদীৰ আক্ৰমণত অমৃতপালৰ থিতাতে মৃত্যু হয় ৷ আনহাতে, মাছি গুৰুতৰভাৱে আহত হয় ৷ তাৰ পাচতে মাছিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও বৃহস্পতিবাৰে পুৱা চিকিৎসালয়ত মৃত্যু হয় মাছিৰ ৷
বুধবাৰে বিয়লি সংঘটিত হোৱা আক্ৰমণৰ কিছু সময়ৰ পিচতে কাশ্মীৰ মণ্ডল আৰক্ষীৰ এগৰাকী মুখপাত্ৰই X টুইটাৰযোগে লিখিছে, ‘‘গঞ্জ শ্ৰীনগৰৰ অমৃতসৰ বাসিন্দা শ্বহীদ অমৃতপল সিং নামৰ এজন বহিৰাগত লোকৰ ওপৰত সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰে ৷ যাৰ ফলত তেওঁৰ মৃত্যু ঘটে । এই ঘটনাত গুৰুতৰভাৱে আহত হয় আন এজন ৷ আহত লোকজনক ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । বৰ্তমান অঞ্চলটো ঘেৰাও কৰি ৰখা হৈছে’’ ।