অসম

assam

ETV Bharat / bharat

কৰ্ণাটকৰ চিত্ৰদুৰ্গাত মাৰ্গদৰ্শী চিটছৰ ১২২ নং শাখা মুকলি; ১৩ হাজাৰ কোটি টকাৰ ব্যৱসায়ৰ লক্ষ্য নিৰ্ধাৰণ - MARGADARSHI CHIT FUND

মাৰ্গদৰ্শী চিট ফাণ্ডৰ পৰিচালন সঞ্চালক শৈলাজা কিৰণে কৰ্ণাটকৰ চিত্ৰদুৰ্গাত ১২২ নং শাখা উদ্বোধন কৰে ।

MARGADARSHI CHIT FUND
মাৰ্গদৰ্শী চিটছৰ পৰিচালন সঞ্চালক শৈলাজা কিৰণে নতুন শাখাটো উদ্বোধন কৰে (Etv Bharat)

By ETV Bharat Assamese Team

Published : Feb 18, 2025, 10:48 AM IST

বেংগালুৰু:কৰ্ণাটকৰ চিত্ৰদুৰ্গাত সোমবাৰে মাৰ্গদৰ্শী চিটফাণ্ডৰ নতুন শাখা উদ্বোধন কৰা হয় । মাৰ্গদৰ্শী চিট ফাণ্ডৰ পৰিচালন সঞ্চালক শৈলাজা কিৰণে ১২২ নং শাখাটো উদ্বোধন কৰে । উদ্বোধনী অনুষ্ঠানত তেওঁ উপস্থিত সকলো ৰাইজক শুভেচ্ছা জনায়।

উদ্বোধনী অনুষ্ঠানৰ পিছত সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মাৰ্গদৰ্শীৰ পৰিচালন সঞ্চালক শৈলাজা কিৰণে কয়, "১৯৬২ চনত আমাৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ৰামোজী ৰাৱে মাৰ্গদৰ্শী চিট ফাণ্ড স্থাপন কৰিছিল । আজি আমি চাৰিখন ৰাজ্যত কাম কৰি আছো ।" তেওঁ জনোৱা মতে, বৰ্তমান অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, কৰ্ণাটক আৰু তামিলনাডুত মাৰ্গদৰ্শী চিট ফাণ্ডৰ ১২১টা শাখা সফলতাৰে চলি আছে । চিত্ৰদুৰ্গাত মুকলি কৰা এই নতুন শাখাটো কৰ্ণাটকত কোম্পানীটোৰ ২৬ সংখ্যক শাখা আৰু চাৰিখন ৰাজ্যৰ মুঠ ১২২ নং শাখা ।

মাৰ্গদৰ্শী চিটছৰ পৰিচালন সঞ্চালক শৈলাজা কিৰণে নতুন শাখাটো উদ্বোধন কৰে (ETV Bharat)

এই বছৰৰ ভিতৰত ৰাজ্যখনত আৰু পাঁচৰ পৰা ছটা শাখা মুকলি কৰাৰ পৰিকল্পনা থকা কথাও তেওঁ উল্লেখ কৰে । কোম্পানীটোৰ বিত্তীয় প্ৰদৰ্শনৰ বিষয়ে উল্লেখ কৰি পৰিচালন সঞ্চালক শৈলাজা কিৰণে কয় যে চলিত বিত্তীয় বৰ্ষত মাৰ্গদৰ্শী চিট ফাণ্ডে ১০ হাজাৰ কোটি টকাৰ ব্যৱসায় কৰিছে । আগন্তুক বিত্তীয় বৰ্ষৰ বাবে ১৩ হাজাৰ কোটি টকাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে কোম্পানীটোৱে । ২.৫ লাখ গ্ৰাহকক সেৱা আগবঢ়োৱা কোম্পানীটোৱে ২.৫ লাখৰ পৰা ১ কোটি টকালৈকে চিট-ফাণ্ড আঁচনি আগবঢ়ায় ।

তেওঁ কয় যে মাৰ্গদৰ্শী চিট ফাণ্ড কৃষক, শিক্ষক, চিকিৎসক, অভিযন্তা, ব্যৱসায়ী, উদ্যোগপতি আৰু আই টি আৰু বি টি উদ্যোগৰ পেছাদাৰীকে ধৰি বিভিন্ন খণ্ডৰ লোকৰ বাবে এক বিশ্বাসযোগ্য বিত্তীয় অংশীদাৰ হৈ পৰিছে ।

মাৰ্গদৰ্শীৰ পৰিচালন সঞ্চালক শৈলাজা কিৰণ (ETV Bharat)

চিট-ফাণ্ড ব্যৱস্থাৰ সুবিধাসমূহৰ ওপৰত আলোকপাত কৰি পৰিচালন সঞ্চালক শৈলাজা কিৰণে উল্লেখ কৰে যে গ্ৰাহকসকলে নিজৰ নিবিদাৰ ধনৰাশি বিভিন্ন প্ৰয়োজন যেনে মাটি ক্ৰয় কৰা, ঘৰ নিৰ্মাণ কৰা, ব্যৱসায় আৰম্ভ কৰা, শিক্ষাৰ পুঁজিৰ ব্যৱস্থা কৰা আৰু বিবাহৰ ব্যৱস্থা কৰা ইত্যাদিৰ বাবে ব্যৱহাৰ কৰে ।

নতুন শাখা উদ্বোধনৰ সময়ত কৰ্ণাটকৰ মাৰ্গদৰ্শী চিট ফাণ্ডৰ সঞ্চালক লক্ষ্মণ ৰাও, মাৰ্গদৰ্শী চিট ফাণ্ডৰ উপ অধ্যক্ষ বালাৰামা কৃষ্ণ, জেনেৰেল মেনেজাৰ ননজুণ্ডয়া এ চন্দ্ৰইয়া, জ্যেষ্ঠ বিষয়া বিশ্বনাথ ৰাও, কৰ্ণাটকৰ মাৰ্গদৰ্শীৰ বিভিন্ন শাখাৰ মেনেজাৰ, বিজয়কুমাৰ, চিত্ৰদুৰ্গা শাখাৰ পৰিচালক প্ৰবীণ বি এ আৰু গ্ৰাহকসকল উপস্থিত থাকে ।

চিত্ৰদুৰ্গত মাৰ্গদৰ্শী চিট ফাণ্ড শাখা উদ্বোধন কৰাত গ্ৰাহকে সন্তোষ প্ৰকাশ কৰে । এই উপলক্ষে বহু গ্ৰাহকে নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে তেওঁলোকে মাৰ্গদৰ্শী চিট ফাণ্ডৰ পৰা বহু সুবিধা পাইছে আৰু তেওঁলোকৰ সকলো আৰ্থিক প্ৰয়োজনৰ বাবে মাৰ্গদৰ্শী তেওঁলোকৰ পথ প্ৰদৰ্শক হৈ পৰিছে ।

কৰ্ণাটকৰ চিত্ৰদুৰ্গাত মাৰ্গদৰ্শী চিটছৰ ১২২ নং শাখা মুকলি (ETV Bharat)

কোম্পানীটোৰ এজন গ্ৰাহক প্ৰশান্তই কয়, "বিগত ১৮ বছৰ ধৰি মাৰ্গদৰ্শক চিট ফাণ্ডে মোক সহায় কৰি আহিছে । এজন কৃষক হিচাপে ই মোৰ বাবে অতি উপযোগী হৈ আহি ছে। মই মোৰ ধন সময়মতে পাওঁ । কোম্পানীটোৰ প্ৰতি মোৰ বহুত বিশ্বাস আছে । কোম্পানীটোৰ মানদণ্ড অতি উচ্চ । ই মোৰ সন্তানৰ শিক্ষাতো সহায় কৰিছে । কোম্পানীটোৰ কৰ্মচাৰীসকলেও আমাৰ লগত ভাল ব্যৱহাৰ কৰে ।"

আন এজন গ্ৰাহক চৈয়দ আহমেদে কয়, "মোৰ এজন বন্ধুৱে মোক এই মাৰ্গদৰ্শী চিট ফাণ্ডৰ বিষয়ে জনাইছিল । মই ১৫ বছৰ ধৰি ইয়াৰ গ্ৰাহক হৈ আহিছো । আমাৰ বাবে মাৰ্গদৰ্শী মানে ১০০ শতাংশ ট্ৰাষ্ট । মই এখন আই টি আই কলেজৰ অধ্যক্ষ । ই মোৰ কলেজৰ উন্নয়নৰ বাবে ধন দিছে । মোৰ ল'ৰা-ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰতো সহায় কৰিছে । আমি অতি সুখী যে আমাৰ জিলাত এটা শাখা উদ্বোধন কৰা হৈছে ।"

লগতে পঢ়ক:মাৰ্গদৰ্শীৰ 121 নং শাখা উদ্বোধন গাচিবাউলীত

কৰ্ণাটক আৰু তামিলনাডুত দুটাকৈ নতুন শাখা মুকলিৰে মাৰ্গদৰ্শী চিট ফাণ্ডৰ ব্যৱসায় বিস্তাৰ

ABOUT THE AUTHOR

...view details