মালদা :পশ্চিমবংগৰ মালদাৰ ২২৪ বছৰ পুৰণি পতিতালয় হাঞ্চাগিৰি লেনৰ যৌনকৰ্মীসকলৰ বিষাদেৰে ভৰা জীৱনত দেখা গৈছে কিছু আশাৰ ৰেঙনি । যৌনকৰ্মীৰ প্ৰায় ১২ টা শিশুৱে এতিয়া লাভ কৰিব আধাৰ কাৰ্ড আৰু অন্যান্য প্ৰয়োজনীয় নথিপত্ৰ । যাৰ দ্বাৰা তেওঁলোকে বিদ্যালয়ত প্ৰাথমিক শিক্ষাৰ বাবে নামভৰ্তি কৰাৰ বাবে যোগ্য হ'ব ।
মাতৃৰ কলঙ্কিত বৃত্তিৰ বাবে সৰুৰে পৰা বিভিন্ন ধৰণে বঞ্চিত হোৱাৰ লগতে শিক্ষা এই শিশুসকলৰ বাবে দীৰ্ঘদিনীয়া এক সপোন হৈ আহিছে । কিন্তু এনে পৰিস্থিতিৰ বাবে তেওঁলোকে শিক্ষাগ্ৰহণৰ কল্পনাও কৰিব পৰা নাছিল । অৱশ্যে এতিয়া তেওঁলোকৰ সেই সপোন পূৰণ হোৱাৰ দিশে । শিক্ষা গ্ৰহণ কৰাৰ এক পৰিৱেশ সৃষ্টি কৰাৰ লগতে মনৰ শংকাবোৰো প্ৰায় আঁতৰ হৈছে ।
বিদ্যালয় পৰিদৰ্শকৰ আদৰণীয় পদক্ষেপ
শিশুসকলৰ মাতৃয়ে তেওঁলোকক বিদ্যালয়লৈ পঠিয়াব বিচাৰিছিল যদিও কেনেদৰে আগবাঢ়িব সেই বিষয়ে দোমোজাত আছিল । কিন্তু জিলা বিদ্যালয় পৰিদৰ্শক (মাধ্যমিক) বাণীব্ৰত দাসে এই কথা গম পাইছিল আৰু তেওঁলোকৰ সেই অন্ধকাৰৰ পৰা উলিয়াই অনাৰ প্ৰয়াস কৰিছিল । বিষয়টো সম্পৰ্কে অৱগত হোৱাৰ পিছতে তেওঁ পোনপটীয়াকৈ তেওঁৰ সহকৰ্মীসকলৰ সৈতে সেই লেনলৈ গৈছিল । তেওঁ যৌনকৰ্মীসকলৰ সৈতে কথা পাতিছিল আৰু তেওঁলোকক তেওঁলোকৰ সন্তানৰ শিক্ষাৰ বিষয়ে আশ্বাস দিছিল ।
অহা ৫ জানুৱাৰীত জিলা বিদ্যালয় পৰিদৰ্শক (মাধ্যমিক) বাণীব্ৰত দাসে স্থানীয় লোকসকলৰ মাজত এক সজাগতা অভিযানৰ নেতৃত্ব দিব । যিসকল শিশুৰ আধাৰ কাৰ্ড বা অন্যান্য চৰকাৰী নথি পত্ৰ নাই তেওঁলোকক সেইদিনা দিয়া হ'ব । জিলা দণ্ডাধীশে নিজেই এই প্ৰচেষ্টাত সকলো সম্ভৱ সহযোগিতাৰ আশ্বাস দিছে । জিলাখনৰ শিক্ষা বিভাগেও এই উদ্যোগটোৰ বিষয়ে জানি উৎফুল্লিত হৈছে ।
এই সন্দৰ্ভত দাসে কয়, "৫৮৪ খন বিদ্যালয়ত ১ ৰ পৰা ৮ জানুৱাৰীলৈ সমগ্ৰ জিলাতে উদযাপন কৰিবলগীয়া শিক্ষা সপ্তাহত আমি বিদ্যালয়সমূহত যৌনকৰ্মীৰ সন্তানৰ নামভৰ্তি কৰাৰ অভিযান আৰম্ভ কৰিম । মূল লক্ষ্য হ'ল জিলাখনৰ এজনো শিশুৱে যাতে বিদ্যালয়ৰ শিক্ষাৰ পৰা বঞ্চিত নহয় । ইয়াৰ বাবে, আমাৰ দলটো সেই পতিতালয়ৰ এলেকালৈ গৈছিল য'ত আমাৰ দ্বাৰা এক সজাগতা অভিযান চলোৱা হৈছিল । দৰাচলতে, সেই অঞ্চলৰ ল'ৰা-ছোৱালীবোৰৰ পিতৃৰ পৰিচয় নাই । কিন্তু এতিয়া শিশুসকলে কেৱল মাতৃৰ পৰিচয়ৰ সৈতে বিদ্যালয়ত নামভৰ্তি কৰিব পাৰিব ।"
তেওঁৰ মতে ৫ জানুৱাৰীত সেই এলেকাত এক সজাগতামূলক শিবিৰৰ আয়োজন কৰা হ'ব । সেই অঞ্চলৰ বাসিন্দাসকলক শিক্ষাৰ প্ৰয়োজনীয়তাৰ বিষয়ে অৱগত কৰা হ'ব । তেওঁ কয়, "শিক্ষা এক অধিকাৰ । কোনো শিশুক সেই অধিকাৰৰ পৰা বঞ্চিত কৰিব নালাগে । যৌনকৰ্মীৰ সন্তানো আমাৰ সমাজৰ অবিচ্ছেদ্য অংশ । তেওঁলোকক শিক্ষাৰ পৰা বঞ্চিত কৰিব নালাগে । আমি এনে ১২ টা শিশুৰ সন্ধান পাইছো ।"