অসম

assam

ETV Bharat / bharat

সদনৰ মজিয়ালৈ জনকণ্ঠ হিচাবে নিৰ্বাচিত 25 বছৰীয়া যুৱক-যুৱতী - Youngest Winner of LS poll 2024 - YOUNGEST WINNER OF LS POLL 2024

Youngest MP’s of LS 2024: এতিয়া আপোনাৰ বয়স কিমান ? 25 বছৰ বয়সত আপুনি কি কৰি আছিল বা 25 বছৰ বয়সত আপুনি নিজকে ক’ত কিধৰণে প্ৰতিষ্ঠা কৰিবলৈ পৰিকল্পনা পুহি ৰাখিছে ? এই প্ৰশ্ন উত্থাপনৰ কাৰণ হ’ল দেশত ঘোষিত হৈছে লোকসভা নিৰ্বাচনৰ ফলাফল । এইবাৰৰ নিৰ্বাচনত জয়ী হোৱা আটাইতকৈ কম বয়সীয়া প্ৰাৰ্থীকেইগৰাকী কোন আৰু তেওঁৰ বয়স কিমান জানিবলৈ আপুনি ইচ্ছুকনে ? এই সন্দৰ্ভত বিতং খবৰৰ বাবে পঢ়ক এই প্ৰতিবেদন----

Etv Bharat
Etv Bharat (Etv Bharat)

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 8:55 PM IST

Updated : Jun 5, 2024, 11:00 PM IST

নেশ্যনেল ডেস্ক, 5 জুন: লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ লগে লগে 18 সংখ্যক লোকসভাৰ 543 খন আসনৰ বাবে নিৰ্বাচন কৰা হৈছে প্ৰাৰ্থী । দেশৰ জনসাধাৰণে নিজৰ পছন্দৰ প্ৰতিনিধি নিৰ্বাচন কৰিছে । এইবাৰৰ লোকসভা নিৰ্বাচনত জয়ী হৈছে এগৰাকী আটাইতকৈ কম বয়সীয়া প্ৰাৰ্থী ৷ দেশত লোকসভা বা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ন্যূনতম বয়সৰ প্ৰয়োজন 25 বছৰ আৰু এই নিম্নতম বয়সটোতে দেশৰ সৰ্ববৃহৎ নিৰ্বাচনত জয়ী হৈ আলোড়নৰ সৃষ্টি কৰিছে কেইবাগৰাকীও প্ৰাৰ্থীয়ে--

পুষ্পেন্দ্ৰ সৰোজ

সমাজবাদী পাৰ্টীৰ পুষ্পেন্দ্ৰ সৰোজ (Etv bharat assam)

উত্তৰ প্ৰদেশৰ কৌশাম্বী লোকসভা আসনৰ সমাজবাদী পাৰ্টীৰ পৰা প্ৰতিনিধিত্ব আগবঢ়োৱা 25 বছৰীয়া পুষ্পেন্দ্ৰ সৰোজ লোকসভাত স্থান লাভ কৰা দেশৰ ভিতৰতে আটাইতকৈ কম বয়সীয়া প্ৰাৰ্থী । সৰোজে সমষ্টিটোৰ বিজেপি সাংসদ বিনোদ কুমাৰ সোণকাৰক এক লাখৰো অধিক ভোটত পৰাস্ত কৰিছে । উত্তৰ প্ৰদেশ চৰকাৰৰ 5 বাৰৰ বিধায়ক তথা মন্ত্ৰী ইন্দ্ৰজিৎ সৰোজৰ পুত্ৰ পুষ্পেন্দ্ৰ সৰোজ ।

লোকসভা নিৰ্বাচনত সমাজবাদী পাৰ্টিৰ প্ৰাৰ্থী পুষ্পেন্দ্ৰ সৰোজে মুঠ 5,09,787 টা ভোট লাভ কৰাৰ বিপৰীতে বিনোদ কুমাৰ সোণকাৰে 4,05,843 টা ভোট লাভ কৰে । এই নির্বাচনত 1,03,944 টা ভোটেৰে জয়ী হোৱা পুষ্পেন্দ্ৰই এতিয়া সংসদত কৌশম্বী লোকসভা সমষ্টিক প্রতিনিধিত্ব কৰিব ৷

প্ৰিয়া সৰোজ

সমাজবাদী পাৰ্টিৰ প্ৰাৰ্থী প্ৰিয়া সৰোজ (Etv bharat assam)

উত্তৰ প্ৰদেশৰ আন এগৰাকী 25 বছৰীয়া প্ৰাৰ্থী সংসদৰ বাবে নিৰ্বাচিত হৈছে । উত্তৰ প্ৰদেশৰ মাছিলীশাহৰ লোকসভা আসনৰ পৰা 35,850 টা ভোটেৰে নিৰ্বাচনত জয়লাভ কৰিছে সমাজবাদী পাৰ্টিৰ প্ৰাৰ্থী প্ৰিয়া সৰোজে । প্ৰিয়া সৰোজ 3 বাৰৰ লোকসভা সাংসদ টুফানী সৰোজৰ কন্যা । বৰ্তমানৰ বিজেপি সাংসদ ভোলানাথক পৰাস্ত কৰি আলোড়নৰ সৃষ্টি কৰিছে প্ৰিয়াই । বিজেপিৰ প্ৰাৰ্থী তথা বৰ্তমানৰ সাংসদ ভোলানাথে 4,15,442 টা ভোট লাভ কৰাৰ বিপৰীতে প্ৰিয়াই 4,51,292 টা ভোট লাভ কৰে ।

শম্ভৱী চৌধাৰী

শম্ভৱী চৌধাৰী (Etv bharat assam)

বিহাৰৰ নীতিশ কুমাৰ চৰকাৰৰ মন্ত্ৰী অশোক চৌধাৰীৰ কন্যা শম্ভৱী চৌধাৰী 18 নং লোকসভাৰ কনিষ্ঠতম সাংসদসকলৰ ভিতৰৰ এজন । 25 বছৰীয়া শম্ভৱী চৌধাৰী বিহাৰৰ সমস্তীপুৰ লোকসভা আসনৰ পৰা লোক জনশক্তি পাৰ্টি (ৰাম বিলাস) দলৰ প্ৰাৰ্থী আছিল । 579,786 টা ভোট লাভ কৰি কংগ্ৰেছৰ প্ৰাৰ্থী ছানী হাজাৰীক1,87,251 টা ভোটত পৰাস্ত কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজহুৱা সভাত উপস্থিত হৈ শম্ভৱীক প্ৰশংসা কৰি তেওঁ এন ডি এৰ আটাইতকৈ কম বয়সীয়া প্ৰাৰ্থী বুলি কয় । এতিয়া 25 বছৰীয়া শম্ভৱীয়ে সংসদত নিজৰ লোকসভা সমষ্টিৰ ৰাইজক প্ৰতিনিধিত্ব কৰিব ।

সঞ্জনা জাটাৱ

ৰাজস্থানৰ ভাৰতপুৰ লোকসভাৰ কংগ্ৰেছ প্ৰাৰ্থী সঞ্জনা জাটাৱ (Etv bharat assam)

ৰাজস্থানৰ ভাৰতপুৰ লোকসভা আসনৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী সঞ্জনা জাটাৱকো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে । সংসদত সঞ্জনাই নিজৰ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিব । তেওঁ বিজেপিৰ ৰামস্বৰূপ কলিক 51983 টা ভোটত পৰাস্ত কৰে । এই নিৰ্বাচনত সঞ্জনা জাটাৱে লাভ কৰিছে 5,79,890 টা ভোট । যদিও সঞ্জনাই 2023 চনৰ নৱেম্বৰ মাহত ৰাজস্থান বিধানসভাৰ নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰিছিল, কিন্তু বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ হাতত মাত্ৰ 409 টা ভোটত পৰাস্ত হৈছিল । সঞ্জনা জাটাৱৰো বয়স 25 বছৰ ।

লগতে পঢ়ক:তৃতীয়টো কাৰ্যকালৰ বাবে সাজু নৰেন্দ্ৰ মোদী, 7 জুনত দিল্লীত এন ডি এ ৰ বৈঠক - NDA meeting in New Delhi

Last Updated : Jun 5, 2024, 11:00 PM IST

ABOUT THE AUTHOR

...view details