নেশ্যনেল ডেস্ক,২১ এপ্ৰিল :ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত জেএমএমৰ নেতৃত্বত ইণ্ডিয়া ব্লকৰ উলগুলান ন্যায় মহাৰেলী অনুষ্ঠিত হয় । ইণ্ডিয়া ব্লকৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাসকলে এই ৰেলীত অংশগ্ৰহণ কৰে । নেতাসকলৰ ভিতৰত আছিল পাঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মান, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱাল, আপৰ সাংসদ সঞ্জয় সিং, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে, শিৱসেনাৰ প্ৰিয়ংকা চতুৰ্বেদী, উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱ, বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱ, নেচনেল কনফাৰেন্সৰ আব্দুল্লাহ ফাৰুকে ধৰি কেইবাগৰাকী নেতা ।
ইয়াৰ উপৰিও ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী চম্পাই চোৰেন আৰু ঝাৰখণ্ড চৰকাৰৰ মন্ত্ৰীসকলও উপস্থিত থাকে । ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত চোৰেনৰ পত্নী কল্পনা চোৰেনেও এই ৰেলীত উপস্থিত থাকে । ৰেলীত প্ৰতিগৰাকী বিৰোধী নেতাই শাসকীয় বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ সমালোচনা কৰে ।
উলগুলান ৰেলীৰ মঞ্চত তেজস্বী যাদৱে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিক তীব্ৰ আক্ৰমণ কৰি কয় যে ঝাৰখণ্ডে এক মনোভাৱ গঢ়ি তুলিছে । সেয়া হৈছে বিজেপিক আঁতৰাই দিয়ক, দেশৰ গণতন্ত্ৰ বচাওক । তেজস্বীয়ে কয় যে ইণ্ডিয়া ব্লকে দেশত চলি থকা স্বৈৰাচাৰী চৰকাৰক উৎখাত কৰিব । তেওঁৰ মতে দিল্লী আৰু ঝাৰখণ্ডত ভাল কাম হৈছে যিটো মোদীয়ে হজম কৰিব নোৱাৰিলে । যাৰ বাবে তেওঁ তদন্তকাৰী সংস্থাৰ জৰিয়তে চৰকাৰসমূহক হাৰাশাস্তি কৰিছে আৰু দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক কাৰাগাৰত ৰাখিছে বুলি তেওঁ অভিযোগ কৰে । তেজস্বীয়ে সংবাদ মাধ্যমকো লক্ষ্য কৰি লোৱা দেখা যায় ।