নিউজ ডেস্ক, 8 আগষ্ট : মণিপুৰৰ কাকচিং জিলাৰ পৰা জব্দ কৰা হৈছে অবৈধভাৱে মজুত ৰখা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী ৷ ভাৰতীয় সেনাৰ সৈতে অসম ৰাইফলছে বুধবাৰে চলোৱা এক যুটীয়া অভিযানত উদ্ধাৰ কৰা হয় এইসমূহ অস্ত্ৰ-শস্ত্ৰৰ লগতে বিস্ফোৰক সামগ্ৰী ৷
অভিযানকাৰী দলটোৱে জব্দ কৰা সামগ্ৰীসমূহৰ ভিতৰত আছে এটা এ কে ৰাইফল, এটা 12 ব’ৰ একনলীয়া ৰাইফল, দুটা 9 এম এম পিষ্টল, 11 টা গ্ৰেণেড, কেইবাজাঁই সজীৱ গুলী আৰু অন্যান্য কেতবোৰ বিস্ফোৰক সামগ্ৰী ৷ জব্দকৃত সামগ্ৰীবোৰ অধিক অনুসন্ধানৰ স্বাৰ্থত মণিপুৰ আৰক্ষীক হস্তান্তৰ কৰা হৈছে বুলি প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰিছে ।
উল্লেখ্য যে, চলিত মাহৰ আৰম্ভণিতে ভাৰতীয় সেনাই মণিপুৰ আৰক্ষীৰ সৈতে এক যুটীয়া তালাচী অভিযান চলাইছিল ৷ এই অভিযানত মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ উয়ুংমাখঙৰ এক এলেকাত দুটা এ কে 47 ৰাইফল, এটা স্নাইপাৰ ৰাইফল, এটা 9 এম এম পিষ্টল, তিনিটা গ্ৰেণেড আৰু অন্যান্য কেতবোৰ বিস্ফোৰক সামগ্ৰী জব্দ কৰিছিল ৷