নেশ্যনেল ডেস্ক, 3 জুন :প্ৰেম শাশ্বত ৷ প্ৰেমক জীয়াই থকাৰ উৎস বুলি কোৱা হয় ৷ সকলো প্ৰেমিক-প্ৰেমিকাৰে সপোন থাকে ঘৰৰ সন্মতি সাপেক্ষে নিজ সম্পৰ্কক সামাজিক স্বীকৃতি দিয়াৰ ৷ কিন্তু কেতিয়াবা এই প্ৰেমে লয় ধ্বংসৰ ৰূপ ৷
এইবাৰ প্ৰেমজনিত কাৰণত নিমিষতে ছাৰখাৰ হ’ল দুখনকৈ ঘৰ ৷ দুয়োৰে প্ৰেমৰ সম্পৰ্ক বহু দীঘলীয়া আছিল ৷ প্ৰতিগৰাকী প্ৰেমিক-প্ৰেমিকাৰ দৰেই দুয়োৰে ইচ্ছা আছিল ঘৰৰ সন্মতিত এখন নতুন ঘৰ সজোৱাৰ, কিন্তু নিয়তিত অন্য কিবাহে লিখা আছিল ৷
তেওঁলোক আছিল দূৰ সম্পৰ্কীয় ভাতৃ-ভগ্নী ৷ গতিকে বিয়া কোনোপধ্যেই সম্ভৱ নহয় ৷ দুয়োৱে সংকল্প লৈছিল "প্ৰেম কৰিছো যেতিয়া এক হৈহে এৰিম..."
ঠিক তেনেকুৱাতে যুৱতীগৰাকীৰ পৰিয়ালে যুৱতীগৰাকীৰ সন্মতি অবিহনে অন্য এজন যুৱকৰ সৈতে বিবাহৰ দিন ধাৰ্য কৰিলে ৷ ক্ষুব্ধ হৈ যুৱতীগৰাকীয়ে প্ৰেমিকক এই কথা ক’লে ৷ তাৰ পিচতে দুয়ো উপনীত হয় এটা সিদ্ধান্তত ৷