নতুন দিল্লী: কংগ্ৰেছে নিৰ্বাচনমুখী অসমত জনসাধাৰণৰ সমস্যা উপস্থাপন কৰিবলৈ ৰাজ্যজুৰি ব্য়াপক প্ৰচাৰ আৰম্ভ কৰিছে । কংগ্ৰেছে শাসকীয় বিজেপিৰ বিৰুদ্ধে মোকাবিলা কৰিবলৈ পৰিকল্পনা গ্ৰহণ কৰিছে ।
২০২৬ চনত উত্তৰ-পূবৰ ৰাজ্যখনত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব । এই দলটোৱে ২০১৬ চনৰ পৰা শাসনত থকা বিজেপিক পৰাস্ত কৰিবলৈ সংকল্পবদ্ধ হৈছে । এই অভিযানত সফল হ'বলৈ কংগ্ৰেছে ঘৰে ঘৰে প্ৰচাৰ চলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে । দলটোৰ নেতাসকলে ভোটাৰসকলৰ দৈনন্দিন উদ্বেগক গুৰুত্ব প্ৰদান কৰাৰ লগতে গেৰুৱা দলৰ প্ৰতিশ্ৰুতিৰ কথা মনত পেলাই দিব । এই অভিযানটো ডিব্ৰুগড়ৰ আৰু তিনিচুকীয়াৰ পৰা আৰম্ভ কৰা হৈছে । এই অভিযানৰ নেতৃত্ব বহন কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই ।
একেসময়তে, কংগ্ৰেছে খণ্ড পৰ্যায়ত সংগঠনটো পুনৰ সংগঠিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । স্থানীয় সমৰ্থন আদায় কৰিবলৈ 'সংবিধান বচাওক' পদযাত্ৰা অব্য়াহত ৰাখিছে । এই সন্দৰ্ভত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ (এআইচিচি) সম্পাদক তথা অসমৰ সহপ্ৰভাৰী মনোজ চৌহানে ইটিভি ভাৰতক কয়, "মানুহবোৰ হতাশ হৈছে । যুৱকসকলৰ মাজত নিবনুৱাৰ হাৰ বৃদ্ধিৰ লগতে ড্ৰাগছৰ আতংক চিন্তাৰ বিষয় । আইন-শৃংখলাৰ সমস্যাও আছে । ৰাইজে সন্মুখীন হোৱা আন এক সমস্যা হ'ল নতুন স্মাৰ্ট মিটাৰ যাৰ ফলত বিদ্যুতৰ বিল বৃদ্ধি পাইছে ।"
অৱশ্যে, বিজেপিক পৰাস্ত কৰিবলৈ আন সহমত থকা দলসমূহৰ সৈতে মিত্ৰতা গঢ়ি তোলাৰ গুৰুত্বপূৰ্ণ বিষয়টো হাইকমাণ্ডে গ্ৰহণ কৰিব বুলি মন্তব্য় কৰে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ (এ আই চি চি) সম্পাদক তথা অসমৰ সহ প্ৰভাৰী মনোজ চৌহানে । তেওঁ পুনৰ কয়, "আমাৰ প্ৰচাৰ স্পষ্টভাৱে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ ওপৰত কেন্দ্ৰীভূত য'ত কংগ্ৰেছ পুনৰ ক্ষমতালৈ ঘূৰি আহিব । যেতিয়া আপুনি স্থানীয় লোকসকলক লগ পায়, আপুনি তেওঁলোকৰ হতাশা অনুভৱ কৰিব পাৰে । বিজেপিয়ে বহুতো উন্নয়ন হোৱা বুলি দাবী কৰি আহিছে, কিন্তু বাস্তৱত বেলেগ ।"
তেওঁ পুনৰ কয়, "গণতন্ত্ৰত জনসাধাৰণৰ চৰকাৰ নিৰ্বাচন কৰাৰ ক্ষমতা আছে আৰু যদি তেওঁলোকৰ উদ্বেগক উপেক্ষা কৰা হয় তেন্তে ৰাইজেও ইয়াক বৰ্জন কৰিব পাৰে । আমি শেহতীয়াকৈ ভোটাৰসকলৰ মাজত আমাৰ উপস্থিতি অনুভৱ কৰিবলৈ আৰু দলৰ কৰ্মীসকলক উজ্জীৱিত কৰিবলৈ ব্লকসমূহত 'সংবিধান বচাওক' পদযাত্ৰা অনুষ্ঠিত কৰিছো । সংগঠনটোত ব্যৱধান আঁতৰ কৰাৰ কামো চলি আছে ।"